প্ৰাচীন ধৰ্মশাস্ত্ৰ সমূহত পাঁচ গৰাকী মহীয়সী নাৰীৰ নাম যদিহে স্মৰণ কৰা যায় তেতিয়া সকলো পাপ নাইকিয়া হয় । ভাৰতীয় সনাতন ধৰ্ম আৰু সংস্কৃতিত নাৰীক পূজা কৰা হয় ; লগতে দেৱ দেৱী সকলৰ ভিতৰতো যদি প্রথমে নাম লোৱা হয় তেন্তে নাৰায়ণৰ আগত লক্ষ্মী অৰ্থাৎ লক্ষ্মী নাৰায়ণ, ৰামৰ আগত সীতা অৰ্থাৎ সীতাৰাম , কৃষ্ণৰ আগত ৰাধা অৰ্থাৎ ৰাধা কৃষ্ণ ; আৰু সেইবাবেই নাৰীক প্ৰথমে পূজা কৰা হয় সনাতন ধৰ্মত। ভগৱান শ্ৰীকৃষ্ণই নাৰীক বহুত শ্ৰদ্ধা কৰিছিল । সেয়েহে এই নাৰীৰ নাম ৰাতিপুৱাই স্মৰণ কৰিলে মানুহৰ মহাপাপ নাইকিয়া হৈ যায়।
ৰাতিপুৱাই উঠি স্মৰণ কৰিব লগীয়া সেই মহীয়সী নাৰী হৈছে অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা আৰু মডুন্দৰী । সকলো
য়ে জানে যে অহল্যাই শ্ৰী ৰামচন্দ্ৰৰ চৰণৰ ধূলি লৈ শিল হৈ থাকিও মানুহ হব পাৰিছিল।
দ্ৰৌপদীৰ গাত হাত দিবলৈ গৈ কুৰু বংশ ধ্বংস হৈ গৈছিল। নাৰীক পূজা কৰা হয় কিন্তু দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰি পিতামহ ভীষ্ম আৰু সূৰ্য্যপুত্ৰ কৰ্ণ হাত সাৰিব পৰা নাছিল, ধ্বংসৰ পৰা ৰক্ষা পৰা নাছিল।
যিগৰাকীয়ে স্বর্গৰ পৰা দেৱতাক আহ্বান কৰি নিজে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হৈছিল সেই গৰাকী কুন্তীয়ে সূৰ্য্যদেৱতাক আহ্বান জনায় কৰ্ণক জনম দিছিল ; ইন্দ্ৰ দেৱতাক আহ্বান কৰি অৰ্জুনক জন্ম দিছিল । সেই কুন্তীৰ নাম ৰাতিপুৱা স্মৰণ কৰিলে অত্যন্ত মঙ্গল জনক বুলি বিশ্বাস আছে ।
তাৰা হৈছে দেৱগুৰু বৃহস্পতিৰ এজনী পত্নী যিয়ে দেৱ গুৰুৰ দৰে এজন প্ৰসিদ্ধ আচাৰ্যক পালন কৰাৰ সৌভাগ্য পাইছিল । সেয়ে কোৱা হয় এই পাঁচগৰাকী মহীয়সী নাৰীৰ নাম ৰাতিপুৱা শুই উঠি স্নান আদি কৰাৰ পিছত স্মৰণ কৰিলে দিনটোৰ সকলো কাম সিদ্ধি হয় ।
লগতে জানি লওঁক যে ৰাতিপুৱা শুই উঠি এই মন্ত্ৰটি পাঠ কৰিলে বহু বিপদৰ পৰা দূৰৈত থাকিব পাৰি।
কি কি মূৰ্ত্তি নিজৰ গৃহত স্থাপন কৰিলে স্বামী স্ত্ৰীৰ ভালপোৱা বাঢ়ে জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
বাস্তু শাস্ত্ৰ অনুসৰি সাতোটা মূৰ্ত্তি নিজ গৃহত স্থাপন কৰিলে ভাগ্য উদয় হয় !
সকলোৱে এনে এটি জীৱন কামনা কৰে যত ধন সম্পত্তিৰ অভাৱ নাথাকে আৰু যত সুখ সমৃদ্ধি থাকে। আৰু সেয়া পাবলৈ হলে মানুহৰো কিছু কৰণীয় থাকে। যদি ৰাতিপুৱা শুই উঠি স্নান আদি কৰি এটি মন্ত্ৰ পাঠ কৰা হয় তেতিয়া মানুহৰ সুখ সমৃদ্ধি আহে, সকলো দুখ কষ্ট দূৰ হয় আৰু ধন টকাৰ অভাৱ নাইকিয়া হৈ পৰে আৰু সেই কথা শাস্ত্ৰ অনুসৰি বিশ্বাস কৰা হয় । মন্ত্ৰটি হৈছে ,” কৰাগ্ৰে বসতে লক্ষ্মী কৰমধ্যে স্বৰস্বতী কৰমূলে তু গোবিন্দ প্ৰভাতে কৰদর্শনম “। এই মন্ত্ৰটি নিজৰ হাতৰ তলুৱাৰ ফালে চাই তিনিবাৰ পাঠ কৰিলে জীৱনত সুখ শান্তি আহে , সকলো কাম সিদ্ধি হয় আৰু শত্ৰুৰ পৰা মুক্তি প্ৰাপ্তি হয়।
এই মন্ত্ৰটিৰ অৰ্থ এনে ধৰণৰ ,, আমাৰ হাতৰ ওপৰ অংশত মা লক্ষ্মী বাস কৰে, হাতৰ মধ্য অংশত মা স্বৰস্বতী থাকে আৰু হাতৰ মূল ভাগত অৰ্থাৎ তলৰ অংশত শ্ৰীকৃষ্ণ বাস কৰে সেয়ে আমি সদায় ৰাতিপুৱা তিনিজনকে দৰ্শন কৰিব লাগে।
POPULAR ASSAMESE VIDEO