মহান সৃষ্টিকৰ্তাই পৃথিৱীৰ সকলো প্ৰাণীকে কোনো নহয় কোনো কামৰ বাবে সৃষ্টি কৰিছে। তাৰেই কিছুমান প্ৰাণী আছে যিসমূহ প্ৰকৃতিৰ বাবে খুবেই মূল্যবান। তাৰে কিছুমান প্ৰাণী আছে যিবোৰে মানুহৰ কল্যাণৰ বাবে ২৪ ঘণ্টাই কৰ্ম কৰি থাকে অথচ আমি মানুহে নাজানো আৰু জানা সকলেও দেখিও নেদেখাৰ ভাও জুৰি দিওঁ আৰু সেই প্ৰাণী সমূহ হকে বিহকে এনেই মাৰি পেলাওঁ। সেই মানৱ আৰু প্ৰকৃতিৰ বাবে উপকাৰী প্ৰাণী সমূহৰ ভিতৰত বহু প্ৰাণীৰ উপকাৰীতাৰ কথা হয়তো আপুনি নাজানে আৰু জানিলে আচৰিত হৈ পৰিব। তাৰে দুবিধৰ উপকাৰ কবলৈ বিচৰা হৈছে ;-
১) বেং বা ভেকুলী :- ভেকুলী হৈছে আমাৰ প্ৰকৃতিৰ এক আচৰিত উপকাৰী প্ৰাণী যাক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই বাৰে বাৰে প্ৰমাণ কৰিছে। ভেকুলীয়ে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰে আৰু মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে। খেতিত ধৰা পোক পৰুৱা সেৱন কৰি খাদ্য শস্য ৰক্ষা কৰে। যি খেতি মাটিত ভেকুলী থাকে সেই মাটিত অতিৰিক্ত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাৰ প্ৰয়োজন নাথাকে ।
ভূমিকম্পৰ পূৰ্ব অনুমান কৰিব পাৰে ভেকুলীয়ে । পৃথিৱীৰ বৈজ্ঞানিক সকল বহুবাৰ ব্যৰ্থ হয় ভূমিকম্পৰ আগজাননী পাবলৈ কিন্তু ভেকুলী কেতিয়াও ব্যৰ্থ নহয়। ভেকুলীয়ে সৰু ডাঙৰ সকলো ভূমিকম্পৰ পূৰ্বানুমান কৰিব পাৰে। মানুহে ৰাতিৰ বেলিকা ৰাস্তা পদূলিত ভেকুলী দেখিলে হয়তো লাঠী মাৰে বা ভৰিৰে গচকী দিয়ে , যি সম্পূৰ্ণ ভুল কথা।
ভেকুলী এনে স্থানত অৱস্থান কৰে যি স্থানেৰে সাপ অহাযোৱা কৰে , আৰু সাপে যাতে মানুহৰ অপকাৰ কৰিব নোৱাৰে তাৰ বাবে সাপ অহাযোৱা পথত ভেকুলীয়ে অহৰহ পহৰা দিয়ে। মানুহৰ বাসস্থানৰ ফালে যেতিয়াই সাপ আহে তেতিয়াই ভেকুলী সেই স্থানত উপস্থিত হয়। কোনো স্থানত সাপৰ উপস্থিতি মাত্ৰকে ভেকুলীৰ দেহ ফুলি গৈ তিনি চাৰি গুণ ডাঙৰ হৈ পৰে আৰু দেহৰ পৰা এক দূৰ্গন্ধ নিঃসৰণ হয় । সেই গোন্ধ পোৱাৰ পিছত সাপে নিজৰ পথ সলনি কৰে ফলতে মানুহ সাপৰ অনিষ্ট সাধনৰ পৰা ৰক্ষা পৰে। আৰু সাপ গুছি নগলে ভেকুলীয়ে নিজে সাপৰ আহাৰ হৈ ধৰা দি হলেও সাপৰ অনিষ্টৰ পৰা মানুহক ৰক্ষা কৰে।
২) মৌমাখি :- মৌ মাখিয়ে মানুহৰ কল্যাণৰ বাবে মৌজোল তৈয়াৰ কৰে। মৌ মাখি খুবেই এক পৰিশ্ৰমী পতংগ , ফুলৰ ৰস শুহি লৈ তাৰ পৰা জলীয় অংশ দূৰ কৰি এশ শতাংশই শুদ্ধ মৌ প্ৰস্তুত কৰিবলৈ এই মৌ মাখিয়ে যি শ্ৰম আৰু পৰিশ্ৰম কৰে সেয়া বিস্ময়কৰ কথা। এক পাউণ্ড মৌ তৈয়াৰ কৰিবলৈ ৫৫০ টি মৌ মাখিক প্ৰায় ২০ লাখ ফুল ভ্ৰমণ কৰাৰ দৰকাৰ পৰে, আৰু এক পাউণ্ড মৌ সংগ্ৰহ কৰিবলৈ এটি কৰ্মী মৌ মাখিক প্ৰায় ১৪.৫ লাখ কিলোমিটাৰ পথ ভ্ৰমণৰ প্ৰয়োজন হৈ পৰে ; যি দূৰত্ব পৃথিৱীৰ পৰিসীমাৰ প্ৰায় তিনিগুণ।
পিপৰাৰ পৰা মানুহে জানিবলগীয়া কি কথা আছে জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
পিপৰাৰ জীৱনৰ পৰা শিকক এই ৭ টা কথা ! বস্তু ভাগৱতৰা কৰাৰ মানসিকতা
চাইন্স টাইমৰ মতে পৃথিৱীত যিমান প্ৰকাৰৰ সোৱাদ আছে তাৰ ৭০ % নিৰ্ভৰ কৰে মৌমাখিৰ ওপৰত। যদিহে মৌমাখি ফুলে ফুলে উৰি মধু আহৰণ নকৰে তেন্তে সিহঁতৰ গাত ফুলৰ পৰাগৰেণু নালাগিব আৰু সেই পৰাগৰেণু অইন ফুলৰ গাত নালাগিলে হবই নোৱাৰিব নিষেচন বা পৰাগায়ন ; আৰু এনে হলে খুব কম সময়ৰ ভিতৰত আমি চিনি পোৱা উদ্ভিদ সমূহৰ অস্তিত্ব নাইকিয়া হৈ পৰিব এই পৃথিৱীত। এলবাৰ্ট আইনষ্টাইনে কৈছিল, ” যদি মৌমাখি নাথাকে তেন্তে মানুহ নিশ্চিহ্ন হবলৈ সময় লাগিব মাত্ৰ চাৰি বছৰ”। সেয়ে মৌজোল পাৰিবলৈ গৈ যাতে মৌমাখি এজনীও মৰি নাযায় তাৰ ওপৰত যত্ন লোৱা উচিত।
POPULAR ASSAMESE COMEDY VIDEO
Excellent knowledge and good advice actually we people break the nature rules
Madoorie Tea estate Sivasagar Nazira Assam 785685