আজিৰ কথাখিনি প্ৰত্যেকজন পুৰুষৰ বাবে প্ৰয়োজনীয়, সেয়ে কথাবোৰ ভালকৈয়ে বুজি লোৱা দৰকাৰী । ইয়াত পুৰুষৰ কেইটামান বদ অভ্যাসৰ কথা কোৱা হৈছে যিসমূহ যিমানেই পাৰে সিমান সোনকালে বৰ্জন কৰা উচিত।
১) বহু পুৰুষে নিজৰ স্ত্ৰীৰ অন্ধ ভক্ত হৈ থাকে। সত্যতা আৰু সততাৰ বিচাৰ নকৰাকৈয়ে সকলো কথাতে স্ত্ৰীৰ কথাকে প্ৰাধান্য দি চলে ; আৰু সেই পুৰুষে ঘটনাৰ সত্যতা বিচাৰ নকৰা বাবেই নিজৰ মা দেউতা আনকি ভাই ভনীৰ সৈতে কাজিয়া পেছালত লিপ্ত হৈ পৰিবলৈ বাধ্য হয়। এনে হোৱা মুঠেই সমীচীন নহয় বৰং সকলো সময়তে যিকোনো অভিযোগক বিশ্লেষণ কৰিহে তাৰ ওপৰত সিদ্ধান্ত লোৱা দৰকাৰী আৰু সেয়াই হৈছে প্ৰকৃত পুৰুষৰ পুৰুষত্ব। আনকি একে কথা নিজৰ মা দেউতাৰ ক্ষেত্ৰতো প্ৰযোজ্য ; অৰ্থাৎ পিতা মাতাই যদি স্ত্ৰীৰ বিৰুদ্ধে কিবা অভিযোগ দিয়ে তাকো ভালদৰে বিশ্লেষণ কৰিহে সিদ্ধান্ত লোৱা উচিত। তাৰ পৰিৱৰ্তে যদি কোনো পুৰুষে কোনো এক পক্ষৰ কথা শুনি কিবা বৃহৎ সিদ্ধান্ত লৈ পেলাই তেতিয়া হয়তো কেতিয়াবা বিপৰীত পক্ষৰ বাবে মাৰাত্মক ক্ষতিকাৰক হৈ যাব পাৰে কিয়নো মানুহে কেতিয়াও নিজ মুখে নিজৰ অপৰাধৰ কথা স্বীকাৰ নকৰে।
২) বহু পুৰুষ পুত্ৰ সন্তান প্ৰাপ্তিৰ বাবে বেছি বেছি আগ্ৰহী থাকে, কিবা প্ৰকাৰে কন্যা সন্তান জন্ম হলেই স্ত্ৰীক দোষাৰোপ কৰে। মনত ৰাখিব বিজ্ঞান সন্মতভাৱে কবলৈ হলে গৰ্ভস্থ সন্তান ল’ৰা হব নে কন্যা সন্তান হব সেয়া নিৰ্ধাৰণ কৰে দেউতাকৰ ক্ৰমজমেহে (Chromosome ) মাকৰ নহয়।
৩) বহু পুৰুষে বিয়াৰ পিছত নিজৰ মা দেউতা , ভাই ভনীক পৰ বুলি ভাবিবলৈ আৰম্ভ কৰে আৰু শহুৰৰ ঘৰখনকহে মাত্ৰ আপোন জ্ঞান কৰিবলৈ লয়। এনে হোৱা মুঠেও গ্ৰহণ যোগ্য নহয় ; কিয়নো মা দেউতা আৰু নিজৰ ভাই ভনীৰ ভালপোৱা স্বাৰ্থহীন কিন্ত শহুৰৰ ঘৰৰ লোকৰ ভালপোৱাত কেতিয়াবা বহু স্বাৰ্থ লুকাই থাকিব পাৰে। আচলতে পিতা মাতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত কিন্ত ইয়াৰ অৰ্থ এইটো নহয় যে শহুৰৰ ঘৰখনক অৱজ্ঞা কৰক। সকলো আত্মীয়কে তেওঁলোকৰ প্ৰাপ্য খিনি যথাযথ ভাৱে বিলাই দিব পৰাই হৈছে এজন জ্ঞানী পুৰুষৰ লক্ষণ।
৪) অধিকাংশ পুৰুষে নিজৰ মা দেউতাৰ পৰিচাৰ্যৰ দায়িত্ব নিজৰ স্ত্ৰীৰ ওপৰত এৰি দিয়ে ! কিন্তু সেয়া মুঠেই গ্রহণযোগ্য নহয় ; নিজৰ মা দেউতাৰ পৰিচাৰ্যৰ দায়িত্ব সন্তানৰ আৰু স্ত্ৰীৰ দায়িত্ব হৈছে স্বামীৰ পৰিচাৰ্য কৰা। সদায় সময় উলিয়াই নিজৰ মা দেউতাৰ খবৰ লোৱা সন্তানৰ কৰ্তব্য।
৫) বহু পুৰুষে সংসাৰৰ বহু কাম কাজত পৰিয়ালৰ সদস্য সকলৰ দিহা পৰামৰ্শ লবলৈ টান পায় , ফলত কাৰণে অকাৰণে গৃহ দণ্ড বাঢ়ে । সেয়ে স্ত্ৰী হওঁক বা পৰিয়ালৰ আন সদস্য আনকি নিজৰ সন্তানৰ পৰাও সংসাৰৰ কাম কাজত দিহা পৰামৰ্শ গ্ৰহণ কৰা উচিত।
৬) বহু পুৰুষে নিজৰ স্ত্ৰীৰ পৰা নিজৰ অধিকাৰ সমূহ সম্পূৰ্ণ আদায় কৰে ; পৰিবৰ্তে স্ত্ৰীৰ যিসমূহ অধিকাৰ আছে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ অপাৰগ থাকে সেয়া কোনো কাৰণতে বাঞ্চনীয় নহয়। তাৰোপৰি স্ত্ৰীৰ ওপৰত অত্যাচাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে ; এয়া কিন্ত অন্যায়, কাৰণ নাৰীৰ ন্যায়িক অধিকাৰ সিমানে থাকে যিমান পুৰুষৰ আছে।
৭) বহু পুৰুষে আত্মসমালোচনা নকৰাকৈ চাহৰ দোকানত বহি পৰচর্চা কৰে আৰু তাতে তেওঁলোকে আনন্দ পায় আৰু এনে কিছুমান মানুহো আছে যিয়ে আনৰ সমালোচনা কৰিব নাপালে পেটৰ ভাত হজম কৰিব নোৱাৰে । পৰচর্চা মানে কিন্তু আনে কৰা পাপ নিজৰ দেহত সানি লোৱাৰ দৰে কথা। মনত ৰখা ভাল যে লোকৰ সমালোচনা কৰাটো মহাপাপ।
৮) বহু পুৰুষে ধন উপাৰ্জন কৰিবলৈ গৈ কি ন্যায় কি অন্যায়, কি সৎ কি অসৎ পন্থা সেয়া বিচাৰ কৰিবলৈ পাহৰি ধন ঘটিবলৈ উঠি পৰি লাগে মাত্ৰ টকা আহিলেই হল। ফলতে তেওঁৰ সংসাৰত নানান ধৰণৰ আউল লাগে কাৰণ ফ্ৰী মানি ( free money) ৰ খৰছ হিচাপৰ বাহিৰতে হয়।
৯) যুৱকৰ মাজত মিছাৰ আশ্ৰয় লৈ বয়স কমোৱা আৰু বৃদ্ধাৰ মাজত মিছা কথা কৈ বয়স বঢ়োৱাৰ খুব বেয়া প্ৰৱণতা দেখা যায় ; যুৱকে বয়স কমাই নিজকে বেছি ডেকা আৰু বয়সস্থই বয়স বঢ়াই নিজকে মূৰব্বী প্ৰমাণ কৰিবলৈ কৰে এই কাম। মনত ৰাখিব এই দুই প্ৰৱণতাই কিন্তু মিথ্যাচাৰ ।
১০) পুৰুষে সদায় কব বিচাৰে যে মহিলা সদায় সাজ পোছাকত মাৰ্জিত হ’ব লাগে ; হব নালাগে বুলি কোৱা নাই , হব লাগে কিন্ত পুৰুষেও সদায় নিজৰ চকু প্ৰথমে মাৰ্জিত কৰি ৰখাটোও প্ৰধান কৰ্তব্য। কিন্তু উভয়ে গুৰুত্বপূৰ্ণ।
১১) বহু সাধাৰণ পুৰুষে ব্যৱসায় – বাণিজ্য, বিবাহ আৰু সামাজিক গুৰুত্বপূৰ্ণ কাম কাজত অভিজ্ঞ জনৰ পৰামৰ্শ নলয় কিন্ত যেতিয়াই বিপদ বা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহে পৰামৰ্শ লবলৈ উত্ৰাৱল কৰে। কিন্তু যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞতা সম্পন্ন আৰু প্ৰাপ্তবয়স্ক জনৰ পৰামৰ্শ বাঞ্চনীয়।
১২) বহু পুৰুষে বিয়াৰ সময়ত স্ত্ৰীৰ পৰা যৌতুক গ্ৰহণ কৰে আৰু বহুতে যৌতুক দাবীও কৰে । মনত ৰাখিব নিজেই হওঁক বা আনৰ দ্বাৰা চাপ প্ৰয়োগ কৰি শহুৰৰ ঘৰৰ পৰা যৌতুক লোৱা এক ডাঙৰ অপৰাধ। ভগবানে এনে লোকক ক্ষমা নকৰে।
১৩) বহু পুৰুষে নিজৰ স্ত্ৰীয়ে পালন কৰা সংসাৰৰ দায়িত্ব সমূহ বৰ সৰু নজৰত দেখে আৰু সংসাৰৰ দায়িত্ব অকল স্ত্ৰীৰ ওচৰতে সামৰি ৰাখে আৰু বহুজনে নিজে উপাৰ্জন কৰা হেতুকে নিজকে সাংঘাতিক কিবা বুলি মনতে ভাবি থাকে। কিন্তু মনত ৰাখিব স্ত্ৰীৰ কাম কাজত স্বামীৰ অকণমান প্ৰশংসাই স্ত্ৰীক বহুত বেছি আনন্দিত কৰে আৰু কাম কাজৰ দুগুন উৎসাহ বঢ়াই তোলে।
১৪) বহু পুৰুষে নিজৰ ভনীয়েকৰ ন্যায্য প্ৰাপ্য দিবলৈ অপাৰগ কৰে। আইন অনুসৰি পৈত্তিক সম্পত্তিৰ ওপৰত নিজৰ ভনীৰ সমানে অধিকাৰ থাকে । সেয়ে কোৱা হয় নিজৰ ভনীৰ প্ৰাপ্যক উদাসীন কৰা এটি অপৰাধ।
নিজৰ বেয়া অভ্যাস সলনি কৰি ভাল পথলৈ আনিবলৈ তলৰ অমৃত বাণী