বাস্তু শাস্ত্ৰৰ (Vastu Shastra) মতে ইতিবাচক শক্তি কিছুমানে সদায় মানুহৰ সমৃদ্ধি আনে সুখ আনে। যাৰ ফলত ঘৰৰ পৰিৱেশ ভাল হোৱাৰ লগতে পৰিয়ালৰ আন আন সদস্য সকলৰো সদায় সুখ আৰু সমৃদ্ধি আহে । এই ইতিবাচক শক্তিয়ে ঘৰৰ আৰ্থিক আৰু সামাজিক পৰিস্থিতি উন্নত আৰু শক্তিশালী কৰে। বাস্তু শাস্ত্ৰই এনে কিছু ইতিবাচক বাস্তুৰ পৰামৰ্শ দিছে যিয়ে সদায় আপোনাক সুখী আৰু ধনী কৰি ৰাখি জীৱনলৈ সুখ শান্তি আনিব পাৰে । এই বাস্তু শাস্ত্ৰত বিশ্বাস ৰখা লোক সকলে জানে যে নিজ গৃহত যদিহে বাস্তু শাস্ত্ৰ সন্মত কিছু ৰীতি নীতি আৰু বয় বস্তু স্থাপন কৰা হয় তেন্তে সেই গৃহত বহু ধণাত্মক শক্তিৰ উৰ্জা বিৰাজ কৰে যাৰ ফলত সেই গৃহৰ পূৰ্বৰ স্থিতি সলনি হৈ পৰে, সেই গৃহত বাস কৰা সদস্যৰ ভাগ্য উত্তৰণ ঘটে । বাস্তু শক্তি অন্তৰ্নিহিত কিছু ধৰণৰ মূৰ্ত্তি নিজ গৃহত স্থাপন কৰিলে যেন সোনত সুৱগা চৰাৰ দৰে হৈ পৰে ঘৰখন। এনে মূৰ্ত্তি সমূহ হৈছে :-
১) ভাটৌ চৰাইৰ মূৰ্ত্তি :- ভাটৌ চৰাই হৈছে প্ৰেম আনুগত্য, সৌভাগ্য আৰু দীৰ্ঘায়ুৰ প্ৰতীক। বাস্তু শাস্ত্ৰ অনুসৰি পঢ়া শুনা কৰা লৰা ছোৱালী ঘৰত থাকিলে অধ্যয়ন কৰা কোঠাৰ উত্তৰ দিশত ভাটৌৰ মূৰ্ত্তি স্থাপন কৰা বহু সুফলদায়ক। এনে কৰিলে লৰা ছোৱালীৰ স্মৃতি শক্তি বৃদ্ধি হোৱাৰ লগতে মনোযোগ বাঢ়ে। আনহাতে কোনোবাই যদি হতাশা, দৰিদ্ৰতা, শাৰীৰিক অসুস্থতাৰ লগতে মনত সুখৰ অভাৱ অনুভৱ কৰে তেন্তে তেওঁৰ গৃহত ভাটৌ চৰাইৰ মূৰ্তি স্থাপন কৰি পৰিত্ৰাণ পাব পাৰে।
২) গৰু পোৱালীৰ মূৰ্ত্তি :- এই মূৰ্ত্তি গৃহত স্থাপন কৰিলে মানসিক শান্তিৰ লগতে সন্তান প্ৰাপ্তি হয় বুলি বিশ্বাস আছে। বহু লোকৰ ঘৰত কামধেনু গায়ে পোৱালীক গাখীৰ খুৱাই থকাৰ ফটো ৰাখে। ফেং চুইৰ মতাদর্শন অনুসৰি গৰুৰ পোৱালীৰ মূৰ্ত্তি গৃহত ৰাখিলে লৰা ছোৱালীৰ অধ্যয়নত মনোযোগ বাঢ়ে।
৩) কাছৰ মূৰ্ত্তি :- প্ৰগতি আৰু সমৃদ্ধিৰ যোগফল হৈছে কাছ। নিজ গৃহৰ পূব আৰু উত্তৰ দিশত এই কাছৰ মূৰ্ত্তি স্থাপন কৰিলে দীৰ্ঘজীৱন প্ৰাপ্তি হয় বুলি বিশ্বাস আছে । এই মূৰ্ত্তি কাঠৰ নহৈ ধাতুৰ হলে উত্তম।
৪) হাঁহৰ মূৰ্ত্তি :- নিজ গৃহৰ আলহী আৰু অতিথি বহা কোঠাত এযোৰ হাঁহৰ মূৰ্ত্তি স্থাপন কৰিলে সেই গৃহত অপৰিসীম ধন সম্পত্তি প্ৰাপ্তিৰ লগতে স্বামী স্ত্ৰীৰ পাৰিবাৰিক সম্পৰ্ক মধুৰ হয়।
৫) মাছৰ মূৰ্ত্তি :- বাস্তু শাস্ত্ৰ আৰু ফেং চুই উভয়ে মাছৰ মূৰ্ত্তি নিজৰ গৃহত স্থাপনৰ ফলত ঘৰলৈ সুখ সমৃদ্ধিৰ লগতে সুখ শান্তি বিৰাজ হোৱাৰ কথা উল্লেখ কৰিছে । মাছ হৈছে সুখ সমৃদ্ধি, সুস্বাস্থ্য , সম্পদ আৰু শক্তিৰ প্ৰতীক চিহ্ন। ব্ৰঞ্জ বা ৰূপেৰে তৈয়াৰ কৰা মাছৰ মূৰ্ত্তি নিজ গৃহৰ উত্তৰ পূব অথবা পূব দিশত স্থাপন কৰা উত্তম।
৬) হাতীৰ মূৰ্ত্তি :- হাতী হৈছে গৌৰৱৰ প্ৰতীক। বাস্তু শাস্ত্ৰ অনুসৰি ৰূপ বা পিতলৰে প্ৰস্তুত কৰা হাতীৰ মূৰ্ত্তি নিজ গৃহৰ শোৱনি কোঠাত ৰাখিলে স্বামী স্ত্ৰীৰ মতভেদ দূৰ হয়, ৰাহুৰ ত্ৰুতি দূৰ হয়। ইফালে ফেং চুইৰ মতে এই হাতীৰ মূৰ্ত্তি গৃহত স্থাপন কৰিলে ঘৰৰ ঐশ্বৰ্য আৰু ধন সম্পত্তি বৃদ্ধি হয়।
৭) ঘোঁৰাৰ মূৰ্ত্তি :- ঘোঁৰা হৈছে গতি, শক্তি আৰু সফলতাৰ প্ৰতীক চিহ্ন। নিজ গৃহত এই মূৰ্ত্তি ৰাখিলে ঘৰখনৰ প্ৰগতি আৰু সমৃদ্ধি বৃদ্ধি হয়, ঘৰলৈ সুখ শান্তি কঢ়িয়াই আনে। নিজৰ চাকৰি আৰু ব্যৱসায়ত সমস্যাই দেখা দিলে এই মূৰ্ত্তি নিজৰ গৃহত স্থাপন কৰা মংগলজনক। ইফালে ফেং চুইৰ মতে নিজ গৃহত হাতীৰ মূৰ্ত্তি স্থাপন কৰিলে পতি পত্নীৰ মাজত প্ৰেম বৃদ্ধি হয়, ঘৰলৈ সুখ শান্তি আহে।
বিবাহিতা মহিলাই কি তিনিবিধ বস্তু পিন্ধা অমংগল জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
এগৰাকী বিবাহিতা মহিলাই এই তিনি বস্তু পৰিধান কৰা অনুচিত ! – বাস্তুশাস্ত্ৰ ।