Importance of vitamin D during pregnancy in Assamese languages

গৰ্ভৱতী অৱস্থাত মাতৃয়ে দেহত ৰদ লগালে সন্তান বহু বেছি বুদ্ধিমান হয় !

   মাতৃৰ জৰায়ুত গৰ্ভস্থ শিশুৰ বাবে ভিটামিন D অত্যন্ত প্ৰয়োজনীয়। শিশুৰ জন্মৰ আগৰ পৰা শিওশুটিৰ যি বৃদ্ধি আৰু বিকাশ হৈ থাকে তাৰ লগত ভিটামিন D ৰ আচৰিত সম্পৰ্ক আছে। সাম্প্ৰতিক গৱেষণাত প্ৰকাশ যে গৰ্ভৱতী মহিলাৰ দেহত ভিটামিন D ৰ অভাৱ ঘটিলে গৰ্ভস্থ শিশুৰ বৃদ্ধি আৰু বিকাশ সঠিককৈ হ’বলৈ নাপায়।

Importance of vitamin D during pregnancy in Assamese languages

মানৱ শৰীৰত ভিটামিন D ৰ প্ৰয়োজনৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এক চিকিৎসা বিজ্ঞানৰ গৱেষণাই প্রকাশ কৰিছে যে মাতৃৰ দেহৰ ভিটামিন D ৰ পৰিমাণে নিৰ্ধাৰণ কৰে অনাগত শিশুৰ বুদ্ধিমত্তা কেনে হ’ব । আৰু এইটোও সকলোয়ে জানা উচিত যে সূৰ্য্যৰ পোহৰ হৈছে ভিটামিন D ৰ প্ৰধান উৎস। তাৰোপৰি কিছু খাদ্যভাগ যেনে কণীৰ হালধীয়া, লিভাৰ, কড লিভাৰ তেল, মাছৰ কণী , কমলা ,চয়া মিল্ক , সাগৰীয় মাছ আদিত কিছু পৰিমাণে ভিটামিন D পোৱা যায়। কিন্তু ভিটামিন D ৰ প্ৰধান উৎস হৈছে সূৰ্য্যৰ পোহৰ।

Importance of vitamin D during pregnancy in Assamese languages

শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় “জাৰ্নেল অফ নেউত্ৰিছন” ( International journal of nutrition) নামৰ পত্ৰিকাত প্ৰকাশিত তথ্য অনুসৰি বহুসময়ত গৰ্ভৱতী মহিলাৰ দেহত ভিটামিন D ৰ অভাৱ উপলব্ধ হয় । তাৰোপৰি বগা চেহেৰাৰ মহিলাতকৈ কলা চেহেৰাৰ গৰ্ভৱতী মহিলাৰ দেহত ভিটামিন D ৰ অভাৱ বেছিকৈ হোৱা পৰিলক্ষিত যায়। কলা ছালৰ মানুহৰ দেহৰ ছালত থকা মেলালিন পিগমেণ্ট ( Melanin pigment) সমূহে সূৰ্য্যৰ অতি বেগুনীয়া ৰশ্মি সমূহ ভালকৈ প্ৰতিহত কৰিব পাৰে কিন্তু ভিটামিন D যথেষ্ট পৰিমাণে শোষণ কৰিবলৈ ব্যৰ্থ হয় । সেয়ে শ্বেতঙ্গৰ লোকতকৈ কৃষ্ণাংগৰ লোকৰ দেহত ভিটামিন D অভাৱ বেছিকৈ হোৱা দেখা যায় বুলি একে গৱেষণাতে প্ৰকাশিত । লগতে গৱেষণাত প্ৰকাশ যে প্ৰায় ৪৬ % মহিলাই গৰ্ভৱতী অৱস্থাত ভিটামিন D ৰ অভাৱত ভুগিব পাৰে। আৰু গৱেষণাই এইটো দাবী কৰিছে যে এই ভিটামিন D ৰ অভাৱত ভোগা মহিলাই প্ৰসৱ কৰা শিশুৰ ভৱিষ্যতে আই কিউ (IQ) লেভেল কম হয়। বিশেষকৈ গৰ্ভৱতী অৱস্থাত ভিটামিন D ৰ অভাৱত ভোগা মাতৃয়ে জন্ম দিয়া চাৰিৰ পৰা ছয় বছৰৰ শিশুৰ বুদ্ধিমত্তা কম হোৱা দেখা যায়।

Importance of vitamin D during pregnancy in Assamese languages

মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ ঘৰুৱা দিহা জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

মুখৰ গোন্ধ ওলাই নেকি ? কেনেকৈ দূৰ কৰিব ? ঘৰুৱা দিহা !

সেয়ে গৰ্ভৱতী মহিলাক বেছিকৈ দেহত ৰদৰ পোহৰ লগাবলৈ পৰামৰ্শ দিয়া হৈছে। লগতে ভিটামিন D সমৃদ্ধিশালী খাদ্য সমূহ খাদ্য তালিকাত নিশ্চিত কৰা দৰকাৰী।

Popular Assamese drama

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *