প্ৰকৃতিয়ে হৈছে সৃষ্টি আৰু এই প্ৰকৃতিৰ চাৰিওফালে বিৰাজ কৰা অৱয়ব সমূহে আমাৰ জীৱনৰ বৰ্তমান আৰু ভৱিষ্যতৰ বহু কথাৰ সংকেত বহন কৰে বুলি বাস্তু শাস্ত্ৰত বাৰে বাৰে উল্লেখ কৰা হৈছে। কিন্তু সেই সংকেত সমূহ বহু মানুহে অৱজ্ঞা কৰাৰ লগতে বহু লোকে এই সংকেত সমূহ বুজি নাপায়। প্ৰকৃতিৰ এক অনবদ্য অৱয়ব হৈছে চৰাই আৰু পশু পক্ষী সমূহ। এই চৰাই সমূহত কিছু চৰায়ে মানৱ জীৱনৰ কিছু কিছু সাংঘাতিক সংকেত বহন কৰে যি সমূহ শুনিলে আপুনি আচৰিত হৈ পৰিব। তেনে সংকেত বহন কৰা চৰাই কেইটামান হৈছে,,
১) কাউৰী ( Crow ) :- বৰ্তমান এক বিৰল চৰাই হৈছে কাউৰী। কাউৰী কাৰো প্রিয় নহয়, কাউৰী মাতে সকলোকে আমনি দিয়ে যদিও কাউৰীয়ে আমাক ভৱিষ্যতৰ বহু আগজাননীৰ আভাস দিব পাৰে, ভৱিষ্যতৰ কিছু শুভ আৰু অশুভ সংকেতৰ বিষয়ে জনাই দিয়ে। বহু কাউৰী একগোট হৈ যদি চিঞৰ বাখৰ কৰা দেখিছে তেন্তে সেয়া বহুত বেছি অশুভ। সেই স্থানত ডাঙৰ বিপদৰ সংকেত থাকে ; সেয়ে কোনো স্থানত কাউৰীৰ এনে আচৰণ দেখিলে সেই স্থানৰ পৰা লৰালৰিকৈ প্ৰস্থান কৰা শ্ৰেয় অন্যথা আপোনাৰ বাবে সেই স্থানত ৰৈ থাকিব পাৰে নিশ্চিত বিপদ।
লগতে যদি কেতিয়াবা কাউৰীয়ে ঠোঁটত মাংস লৈ উৰি থকা বা কৰবাত পৰি থকা আৰু কাউৰী পানীৰ পাত্ৰত পৰি থকা দেখা পোৱা যায় সেয়া এটি শুভ সংকেত বুলি মান্যতা দিয়া হয় আৰু সেয়া দৃশ্য দেখিলে ঘৰখনৰ মঙ্গল হয় বুলি বাস্ত্ৰ শাস্ত্ৰই কয়।
২) ফেঁচা ( Owl ) :- মা লক্ষ্মীৰ বাহন হৈছে ফেঁচা। আমাৰ ভাৰতবৰ্ষৰ উপৰিও পৃথিৱীৰ অইন দেশ কিছুমানতো এই ফেঁচাৰ শুভ আৰু অশুভ লক্ষণবোৰ বিশ্বাস কৰা হয় । নিজৰ ঘৰৰ মুধচ বা ঘৰৰ চালত ফেঁচাই মতা অশুভ । এনে হলে ঘৰখনলৈ অতি শীঘ্ৰে বিপদ অহাৰ সম্ভৱনা প্ৰকট। ফেঁচাই কান্দি থকা শব্দও এটি অশুভ লক্ষণ এনে শব্দই ঘৰৰ কোনো সদস্য নাইবা আপোন কোনো লোকৰ মৃত্যুৰ আগজাননীৰ সংকেত বহন কৰে।
আনহাতে বগা ফেঁচা দেখা শুভ লক্ষণ, বগা ফেঁচা দেখা ধান ধন বৃদ্ধিৰ এক সংকেত বুলি কোৱা হয়।
৩) ময়ূৰ ( Peacock) :- ময়ূৰ দেখা শুভ বুলি কোৱা হয়। ময়ূৰ হৈছে কাৰ্তিকৰ বাহন। যদি কিবা ডাঙৰ কাম বা গুৰুত্বপূৰ্ণ কামৰ বাবে যাত্ৰা কৰাৰ সময়ত ময়ূৰ পক্ষীৰ দৰ্শন হয় তেন্তে সেয়া শুভ লক্ষণ আৰু সেয়া কৰ্মসিদ্ধিৰ যোগ বুলি কব পাৰি, আনকি ময়ূৰৰ শব্দ শুনা শুভ লক্ষণ।
৪) ঘৰচিৰিকা :- এই চৰায়ে নিজৰ ঘৰত বাহ সাজিলে সেই গৃহত সুখ সমৃদ্ধি আৰু আনন্দৰ সঞ্চাৰ হয়, ঘৰৰ বাতাবৰণ খুব আনন্দৰ হৈ পৰাৰ লগতে সেই গৃহলৈ ধন সম্পদৰ আগমন হোৱাৰ যোগ থাকে। এই চৰায়ে যদি হঠাৎ কাৰোবাৰ গাত মল মূত্ৰ ত্যাগ কৰে সেয়া এক শুভ লক্ষণ মান্যতা দিয়া হয় আৰু সেই ব্যক্তিৰ জীৱনলৈ শীঘ্ৰে ভাল খবৰ অহাৰ সংকেত থাকে।
আৰু এটা কথা জানি থোৱা ভাল যে ঘৰচিৰিকা চৰাই বৰ ভয়াতুৰ , সহজতে মানুহৰ সংস্পৰ্শলৈ নাহে কিন্ত যদি এই চৰায়ে কাৰোবাৰ গৃহত ভয় নকৰাকৈ প্ৰৱেশ কৰে আৰু কোনো ভয় নোহোৱাকৈ সেই গৃহত চাউল ধান খাবলৈ লয় তেন্তে সেয়াও এক শুভ লক্ষণ বুলি মান্যতা দিয়া হয়। আনকি ঘৰলৈ জাকে জাকে ঘৰচিৰিকা আহি চোতালত পৰা বা ঘৰৰ চালত পৰা শুভ বুলি মান্যতা দিয়া হয়।