INDIAN BELIEFS

  বাস্তু শাস্ত্ৰৰ (Vastu Shastra) মতে ইতিবাচক শক্তিয়ে সদায় মানুহৰ সমৃদ্ধি আনে সুখ আনে। যাৰ ফলত ঘৰৰ পৰিৱেশ ভাল হোৱাৰ লগতে পৰিয়ালৰ আন সদস্যসকলৰো সদায় সুখ আৰু সমৃদ্ধি আহে । এই ইতিবাচক শক্তিয়ে ঘৰৰ আৰ্থিক আৰু সামাজিক পৰিস্থিতি উন্নত আৰু শক্তিশালী কৰে। বাস্তু শাস্ত্ৰই এনে কিছু ইতিবাচক বাস্তুৰ পৰামৰ্শ দিছে যিয়ে সদায় আপোনাক সুখী আৰু ধনী কৰি ৰাখি জীৱনলৈ সুখ শান্তি আনিব পাৰে । জানো আহক এই ১ টা বাস্তু পৰামৰ্শ ; অৰ্থাৎ কি বস্তু নিজৰ টকা লোৱা মোনা খনত ৰাখিলে মানুহ ধনী হৈ থাকিব পাৰে, ধন টকাৰ অভাৱক দূৰৈত ৰাখিব পাৰে ! অৱশ্যে এনেবোৰ বাস্তু উপদেশ বিশ্বাসৰ সৈতে কৰিলেহে সুফল পোৱা যায় ; কাৰণ বিশ্বাসে পোৱা যায় ভগৱান।

When to wash the used bed cover ?INDIAN BELIEFS

এই শাস্ত্ৰৰ উপদেশ অনুসৰি নিজৰ মানিবেগত নাইবা জেপত পদুম ফুলৰ গুটি ৰাখিলে ব্যক্তি বিশেষৰ চাৰিওফালে ধনাত্মক শক্তি বিৰাজ কৰে যাৰ ফলত তেওঁৰ আগন্তুক দিনবোৰ ভাল হৈ পৰে । লোকজনৰ আৰ্থিক ভাৱে সুখ শান্তি অহাৰ লগতে মানসিক সুখ শান্তি বিৰাজ কৰিব। কিয়নো এনে কৰ্মৰ ফলত ব্যক্তিৰ ওপৰত মা লক্ষ্মী আৰু ধন কুবেৰৰ কৃপাদৃষ্টি পৰে।

INDIAN BELIEFS

ইফালে বাস্তু শাস্ত্ৰ অনুসৰি যদিহে টকা লোৱা মোনাত অৰ্থাৎ মানিবেগত আহত গছৰ পাত ৰাখি থোৱা অত্যন্ত শুভ। হিন্দু ধৰ্ম অনুসৰি আহত গছৰ পাত পবিত্ৰ , এই পাত ভালদৰে ধুই , পানী শুকাই পাতখিলা ভাঁজ নোখোৱাকৈ মানিবেগত ৰাখিলে অৰ্থনৈতিক সমস্যা দূৰ হয় , সেই লোকৰ গৃহত মা লক্ষ্মীৰ কৃপাদৃষ্টি পৰাৰ লগতে মানসিক অশান্তি দূৰ হয়, ব্যাক্তিৰ কৰ্মক্ষেত্ৰত উন্নতি দেখা দিয়ে।

4 HABITS FOR WHICH PEOPLE NOT GETTING RICHINDIAN BELIEFS

লগতে একটকীয়া নোট মানিবেগত ৰাখি থোৱা অত্যন্ত লাভজনক। যদিও এই নোট পাবলৈ তাকৰ ইয়াক ধুনীয়াকৈ এখন নীলা কাপোৰেৰে মেৰিয়াই মানিবেগৰ এটি চুকত ৰাখি থলে সম্পূৰ্ণ লাভ পাব পাৰি। এনে শুভ কৰ্মৰ ফলত ব্যক্তিৰ জীৱনত মা লক্ষ্মীৰ শুভদৃষ্টি পৰে, আৰ্থিক দান্যতা দূৰ হয়।

ৰাতি চুলি মেলি টোপনি যোৱা কিয় বেয়া জানিবলৈ তলৰ ৰঙা আখৰ কেইটা ক্লিক কৰক

ৰাতি চুলি মেলি শুৱে নেকি ? হ’ব পাৰে অঘটন ! শাস্ত্ৰ অনুসৰি বিশ্বাস !

POPULAR ASSAMESE VIDEO

Share it with:

1 Comment

  1. Really it’s very good advice ❤️

Leave a Reply

Your email address will not be published. Required fields are marked *