Ratan Tata Vs Mukesh Ambani , who is more richer ?

মুকেশ আম্বানী Vs ৰতন টাটা ,, কোনে বেছি দেখুৱাই আৰু ধনী কোন বেছি ?

   মুকেশ আম্বানী আৰু ৰতন টাটাৰ ধনী হোৱাৰ সাধু সকলোৱে শুনিছে ; এই দুজনৰ কোন বেছি ধনী সেইটোও জানে বহুতে। এই দুজনৰ এজনে নিজৰ পত্নীক তিনিবাৰ প্ৰাইভেট জেট উপহাৰ দিছে বিপৰীতে আনজনে নিজৰ পত্নীৰ বাবে এটি ফুল কিনিবলৈও টকা খৰছ কৰা নাই কেতিয়াও । কেইবাখনো প্ৰাইভেট জেট, বহু কেইখনো Luxury গাড়ী আৰু বৃহৎ বৃহৎ কেইবাটাও অট্টালিকাৰ মালিক আম্বানীৰ মাত্ৰ ৬ টি ব্যৱসায় কম্পেনী আছে। বিপৰীতে ৰতন টাটাৰ কথা কব লাগিলে তেওঁ থাকে মাত্ৰ এটি সৰু ঘৰত কিন্তু তেওঁৰ আছে ১৩৫ টিৰো বেছি ব্যৱসায় কোম্পানী। তেনেহলে আপুনি ঠিৰাং কৰক ৬ Vs ১৩৫ ,,পকেট কাৰ ডাঙৰ আৰু গধুৰ ? এই প্ৰশ্নৰ উত্তৰ কাৰোবাৰ ওচৰত আছেনে নাই সেয়া ধাৰণা কৰা টান!

Who is richer Mukesh Ambani or Ratan Tata

যদিও এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত মুকেশ আম্বানীৰ নাম সন্নিবিষ্ট আছে আনহাতে ৰতন টাটাই তেওঁৰ সকলো সম্পত্তি সমূহ সকলো তেওঁৰ হাতলৈ আনিলে তেওঁ হৈ যাব পাৰে এছিয়াৰ সবাতোকৈ ধনী ব্যক্তি। কিন্তু ৰতন টাটাই সেইটো কিয় নকৰে ? চিন্তা নকৰিব আপোনাৰ উত্তৰ পাই যাব ।

Who is richer Mukesh Ambani or Ratan Tata

এই দুজনৰ ভিতৰত কোনজনে বেছি দেখুৱাই ( Show off ) বাহিৰত ? এই উত্তৰ দিব লাগিলে তলৰ কথাখিনি জানিব লাগিব। বহু বছৰ আগতে এজন লোকে প্রথমে ব্যৱসায় আৰম্ভণি কৰিছিল ২১০০০.০০ টকাৰে , যাৰ পৰা আৰম্ভ হৈছিল এটি টেক্সটাইল কোম্পানী ; পৰিসৰ বাঢ়ি গৈ যাৰ সৰ্বমুঠ মূল্য বৰ্তমান পাছ লাখ কোটি টকা হৈ পৰিছে। কিন্তু একৈশ হাজাৰ টকাৰ পৰা পাছ লাখ কৌটি টকাৰ ৰাস্তা খুব মসৃণ নহয় বা নাছিল। কাৰণ ১৮৩৯ চনত জামছেদজী টাটাৰ জীৱন সংগ্ৰাম ১৪ বছৰ বয়সত মুম্বাইত আৰম্ভণি হৈছিল যিয়ে স্নাতক ডিগ্ৰী লৈয়ে পৰিয়ালৰ দায়িত্ব লৈছিল। যিয়ে সেই ২১০০০.০০ টকাৰে আৰম্ভণি কৰিছিল টেক্সটাইলৰ কাম , তাৰ পিছত যেতিয়াই ব্যৱসায়ৰ সফলতা পাবলৈ আৰম্ভণি কৰে তেতিয়াই প্ৰথম নাগপুৰত প্ৰথম টেক্সটাইল মিল স্থাপন কৰে । আৰু সেই ব্যৱসায়ত এনেকৈ লক্ষ্মী বর্ষণ কৰিছিল যি তেওঁ কল্পনা কৰা নাছিল আৰু যিটোৰ পৰা তেওঁ জীৱনৰ প্ৰথম সফলতা পাবলৈ ধৰিছিল। সেই সফলতাই তেওঁৰ মনটোক উদগনি যোগাইছিল আৰু নতুন কিবা কৰিবলৈ। লগে লগে তেওঁ নতুন তিনিটা প্ৰজেক্ট আৰম্ভণি কৰিছিল যদিওবা তেওঁ নিজৰ জীৱন কালত সেই তিনিটা প্ৰজেক্ট সম্পুৰ্ণ প্ৰতিস্থা হোৱা দেখিবলৈ পোৱা নাছিল।

তেওঁৰ পিছত তেওঁৰ সু – পুত্ৰ অৰ্থাৎ জামছেদৰ পুত্ৰ দৰবজী টাটা ( Dorabji Tata) ই পিতাই এৰি যোৱা আইৰন এণ্ড ষ্টীল ( Iron and steel) কোম্পানী আৰু হাইড্ৰ ইলেকট্ৰিক পাৱাৰ ( Hydroelectric power) সম্পূৰ্ণকৈ প্ৰতিষ্ঠা কৰি দেউতাৰ সপোন সাৰ্থক কৰিছিল। লগতে তেওঁ ভাৰতবৰ্ষত প্ৰথম ইণ্ডিয়ান ইনষ্টিটিউট অফ চাইন্স ( Indian institute of science) আৰম্ভণি কৰিছিল। কিন্তু বিধিৰ লিখন অনুসৰি এই দৰবজী টাটাৰ খুব কম বয়সতে মৃত্যু হৈছিল। তাৰ পিছত ১৯৩৮ চনত টাটা গ্রুপৰ দায়িত্ব জাহাঙ্গীৰ টাটাই লৈছিল। আৰু তেওঁ টাটা গ্রুপৰ প্ৰথমে থকা ১৪ টি কোম্পানীৰ পৰা পৰিসৰ বহলাই ৯৫ টি কোম্পানীলৈ লৈ যায়। সেই সময়তে তেওঁ ভাৰতবৰ্ষৰ প্ৰথম এয়াৰলাইন্স টাটা এয়াৰলাইন্স ( Tata airlines ) আৰম্ভণি কৰিছিল। পিছত চৰকাৰে সেই এয়াৰলাইন্স নিজৰ হাতলৈ নি এয়াৰ ইণ্ডিয়া ( Air India) বুলি নামাকৰণ কৰে।

Who is richer Mukesh Ambani or Ratan TataWho is richer Mukesh Ambani or Ratan Tata

  আৰু তাৰ পিছতে তিনিটা প্ৰজন্মৰ কাম আগুৱাই লৈ যোৱাৰ দায়িত্ব পাই ৰতন টাটাই। আৰু এই মানুহ জনে নিজৰ দায়িত্ব ইমান ভালকৈ কৰিছে যি কামৰ বাবে টাটা কোম্পানীৰ নাম আন্তৰ্জাতিক ভাৱে চৰ্চিত এটি নাম হৈ পৰে। আৰু আজিৰ তাৰিখত এই টাটা গ্ৰুপ অফ কোম্পানীৰ সৰ্বমুঠ মূল্য পাছ লাখ কৌটিতকৈ অধিক।

 

এতিয়া শুনক সেইজন মানুহৰ কথা যিজন মানুহৰ চলা ফুৰা কৰা এখন গাড়ীৰ দামেৰে এটি অট্টালিকা সহজতে সাজিব পাৰি। সেয়াই নহয় তেওঁৰ নিজৰ বাহন সমূহ পাৰ্কিং কৰাৰ বাবে যি অট্টালিকা আছে সেই অট্টালিকাত মুম্বাইৰ আধা জনসাধাৰণ জীৱন যাপন কৰিব পাৰিব। হয় আপুনি সঠিক অনুমান কৰিছে , আমি কব বিচাৰিছোঁ আম্বানীৰ কথা যাৰ হাতত কোনো সোনৰ কলহ নাছিল। তেওঁৰ দেউতাক ধীৰু ভাই আম্বানীয়ে তেওঁৰ দৰমহাৰ পৰা পোৱা টকা অলপ অলপকৈ জমা কৰি ব্যৱসায় আৰম্ভণি কৰিছিল। টকা জমা হোৱাৰ পিছত তেওঁ বিদেশৰ চাকৰি এৰি মুম্বাইলৈ ঘূৰি আহে আৰু মুম্বাইত এটি সৰু জুপুৰিত জীৱন যাপন কৰিবলৈ লৈছিল। বহুত কষ্ট আৰু যত্ন কৰি ধীৰু ভাই আম্বানীয়ে ৰিলায়েন্স কমাৰ্চিয়াল কৰ্পোৰেচন ( Reliance commercial corporation ) আৰম্ভণি কৰে। আৰু ব্যৱসায় আছিল মছলাৰ। যেতিয়াই ব্যৱসায় আৰম্ভণি কৰিয়ে তেওঁ লাভলাভৰ মুখ দেখা পাইছিল, পৰৱৰ্ত্তী সময়ত তেওঁ বিমল (VIMAL ) নামৰ কাপোৰৰ কোম্পানীৰো আৰম্ভণি কৰে , কিন্তু বিমল ব্ৰেণ্ডৰ কাপোৰে গ্ৰাহকৰ মন জয় কৰিবলৈ ব্যৰ্থ হয়। এসময়ত এই বিমল ব্ৰেণ্ডৰ কাপোৰৰ ষ্টক খালি কৰিবলৈ ধীৰু ভাই আম্বানীয়ে নিজেও কাপোৰ বিক্ৰী কৰিছিল লগতে এই কোম্পানীত তেওঁ বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি কৰিছিল আৰু কিছুদূৰ সফলো হৈছিল। তেওঁ বিনিয়োগকাৰী সকলৰ জৰিয়তে সেই কোম্পানীৰ আয় ৭০০ কৌটিৰ পৰা ২০০২ চনত ৭৫০০০ কোটি টকালৈ আগবঢ়াই নিছিল। এই সফলতাৰ পিছত ৰিলায়েন্স কোম্পানীৰ নাম ফৰচূণ ৫০০ ( Fortune 500) বুলি নামাকৰণ কৰা হৈছিল। আৰু একে বছৰতে স্বাস্থ্যৰ অৱনতি ঘটি ধীৰু ভাই আম্বানীৰ মৃত্যু হয়। মৃত্যুৰ পিছত তেওঁৰ সকলো ব্যৱসায় দুই পুত্ৰ মুকেশ অম্বানী আৰু অনিল আম্বানীৰ মাজত ভাগৱতৰা হৈ যায়। দুই ভাইৰ ব্যৱসায়ৰ ষ্টাইল আছিল পৃথক। ইফালে যেনেকৈ এজন ভাতৃয়ে আদালতৰ মজিয়া মজিয়াই ঘূৰি ব্যৱসায়ৰ মূল্য শূণ্যৰ ঘৰত দেখিছে সিফালে মুকেশ আম্বানীৰ ব্যৱসায়ৰ মূল্য ৭৯৩০ কোটি ডলাৰলৈ আগবাঢ়িছিল অনুৰূপ একে সময়ত।

Who is richer Mukesh Ambani or Ratan Tata

এতিয়া কথা হৈছে টকা কাৰ বেছি ? সেইজনৰ, যাৰ ব্যৱসায়ত লাভ বেছি হয়। মুকেশ আম্বানী বৰ্তমান সৰ্বমুঠ ৮৮ মিলিয়ন মূল্যৰ কোম্পানীৰ মালিক, যত তেওঁ মালিক হৈছে ৰিলায়েন্স ৰিটেইল ( Reliance Retail) , ৰিলায়েন্স পেট্ৰল ( Reliance Petrol) , ৰিলায়েন্স জিও ( Reliance Gio ) ৰ দৰে বৃহৎ বৃহৎ ৬ টি কোম্পানীৰ। ইফালে ১৩৫ টা কোম্পানীৰ মালিক হোৱা স্বত্তেও সকলো সময়ত ৰতন টাটাৰ সম্পত্তিৰ মূল্য আম্বানীতকৈ কম কিয় ? ৰতন টাটা আম্বানীতকৈ বেছি ধনী হ’ব নোৱাৰে কিয় ? বাস্তৱ কথাটো কি ?

আচলতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰী এতিয়া লিমিটেড হিচাপে কাম কৰি আছে বিপৰীতে টাটা গ্ৰুপ অফ কোম্পানীয়ে ভাৰতৰ বাহিৰতো খুব ভাল ব্যৱসায় কৰি আছে। যেনে স্ত্ৰীল , কেমিকেল, আই টি, অটোমোবাইল আদি টাটা গ্রুপৰ কোম্পানী সমূহৰ বিদেশত চাহিদাৰ কথা সকলোৰে জ্ঞাত। আৰু টাটা কোম্পানীৰ মাৰ্কেট কেপিটাল ( Market capital) সকলো সময়তে আন্তৰ্জাতিক ক্ষেত্ৰত ৰেলায়েন্স কম্পেনীতকৈ বেছি থাকে তথাপিও ভাৰতবৰ্ষত এই ৰিলায়েন্স কোম্পানীৰ ব্যৱসায়িক আয় টাটাতকৈ বেছি কিয় ? ৰিলায়েন্স গ্রুপৰ বাৰ্ষিক আয় বেছি কাৰণ মুকেশ আম্বানীৰ ৰিলায়েন্স কোম্পানীত শ্বেয়াৰ আছে প্ৰায় ৪৮% । আৰু কোম্পানীত নিজৰ বেছি শ্বেয়াৰ থকা হেতুকে এইটো স্বাভাৱিক যে কোম্পানীৰ যিমানে লাভ হ’ব সিমানে অম্বানীৰ মূল্য ( Value) বাঢ়ি গৈ থাকিব। সেইকাৰণে ছেপ্টেম্বৰ ২০২০ চনত ৰেলায়েন্স গ্রুপৰ মূল্য ( net worth) ৮৮ মিলিয়ন ডলাৰ পাইছিল । বিপৰীতে ৰতন টাটাৰ নিজৰ টাটা গ্ৰুপ অফ কোম্পানীত এক শতাংশতকৈ কম শ্বেয়াৰহে আছে কাৰণ তেওঁৰ কোম্পানীৰ প্ৰায় ৬৬ শতাংশ শ্বেয়াৰ তেওঁৰ অইন কোম্পানীৰ অন্য ট্ৰাষ্ট সমূহৰ নামত আছে। যেনে ছাৰ ৰতন ট্ৰাষ্ট, ছাৰ দৰবজী টাটা ট্ৰাষ্ট, টাটা ইদুকেছন আদিৰ নামত আছে শ্বেয়াৰ সমূহ, ফলত টাটা গ্রুপৰ অধিকাংশ আয় এই ট্ৰাষ্ট সমূহৰ একাউণ্টলৈ যায় , আৰু ৰতন টাটাৰ একাউণ্টত সোমাই মাত্ৰ এক শতাংশহে।

Who is richer Mukesh Ambani or Ratan TataWho is richer Mukesh Ambani or Ratan Tata

  আৰু এই ট্ৰাষ্ট সমূহে ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰ যেনে আৰ্ট , Culture, শিক্ষা , স্বাস্থ্য , জীৱন ৰক্ষা আদিত নিজৰ টকা বছৰি দান কৰে । ৰতন টাটাৰ নামত ১৩৫ কোম্পানী আছে যদিও এই কোম্পানী সমূহৰ দুই তৃতীয়াংশ আয় নিজৰ পৰিয়ালৰ মূল্যক গুৰুত্ব দি দেশবাসীৰ বাবে দান কৰি আহিছে । যদি ৰতন টাটাই টাটা গ্রুপৰ সকলো ট্ৰাষ্টৰ শ্বেয়াৰ নিজৰ নামত কৰি লয় তেনেহলে তেওঁ অকল ভাৰতবৰ্ষৰ নহয় গোটেই এছিয়াৰে ধনী ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে বা পৰিচয় দিব পাৰে।

এইটো নহয় যে মুকেশ আম্বানী ৰতন টাটাতকৈ কাগজ কলমতহে ধনী ! তেওঁৰো নিজৰ আছে অগাধ সম্পত্তিৰ তালিকা। ঘৰ বাৰী , যানবাহন আদিত খৰছো আছে তেওঁৰ যথেষ্ট লগতে তেওঁৰ সমাজত চৰ্চাও বেছি। বিপৰীতে আন জন ৰতন টাটাৰ চর্চা কম আৰু ব্যক্তিগত খৰছো কম। কিয় হৈছে এনে ? কাৰণ টকাই কথা কয় অৰ্থাৎ আজিৰ সমাজত যিয়ে বেছি দেখুৱাই ( Show off ) কৰে তেওঁহে বেছি চর্চাত থাকে। আম্বানীয়ে নিজৰ ছোৱালীৰ বিয়াত ১১০ কৌটি টকা খৰছ কৰি বিশ্বজুৰি চৰ্চিত হয় ; লগতে মুকেশ আম্বানীয়ে তিনিবাৰ নিজৰ পত্নীক ১০০০ বৰ্গক্ষেত্ৰৰ প্ৰাইভেট জেট উপহাৰ দি অভিলেখ গঢ়ি ৰাখিছে। তেওঁলোকৰ ৭০০ কৌটি টকাৰ এটি ইউটু আছে যি অত্যাধুনিক চ’লাৰ গ্লাছৰ দ্বাৰা নিৰ্মিত। ইয়াৰ লগতে মুকেশ আম্বানীৰ পত্নীয়ে পৰিধান কৰে বহু মূল্যবান ব্ৰেণ্ডৰ পোছাক ,ঘড়ী, হেণ্ডবেগ, জোতা চেণ্ডেল ইত্যাদি , চলা ফুৰা কৰে অত্যাধুনিক আৰু বিলাসী বাহনত।

Who is richer Mukesh Ambani or Ratan Tata

  ইয়াৰ উপৰিও যি মানুহ ধনী হয় তেওঁলোকৰ চাকৰ বাকৰ চলাফুৰা কৰা গাড়ীও ব্যয়বহুল, পৰিধান কৰা সাজ পাৰ সমূহ দামী। মুকেশ আম্বানীৰ চিকিউৰীতি চলাচল কৰে ডেৰ কোটি টকাৰ মাৰ্শ্বেটেছ ( Mercedes AMG G6 3S ) গাড়ীত। ইফালে ৰতন টাটাৰ কথা আৰু দৰ্শন হৈছে ” Simple living high thinking ” । সেয়ে তেওঁ আজি পৰ্য্যন্ত নিজৰ ব্যক্তিগত ক্ষেত্ৰত ডাঙৰ খৰছ কৰা নাই , তেওঁৰ ঘৰ অতি সাধাৰণ, টকা পইচা যি পাই সেয়া বিনিয়োগ কৰে যাতে তেওঁ আৰু তেওঁৰ দেশৰ জনসাধাৰণ একেলগে আগবাঢ়ি যাব পাৰে। তেওঁ টাটা হেলথকেয়াৰৰ সেৱা পৰিসৰ বৃদ্ধি কৰি ভাৰতবৰ্ষৰ ২৫ খন ৰাজ্যলৈ বিয়পাই দিছে , সামাজিক কাম কাজত টাটা গ্ৰুপ সদায় আগবঢ়া সি যিয়ে নহওঁক পানী পৰিশোধন, বিপদকালীন সেৱা, খেলাধূলা, শিক্ষা নাইবা সামাজিক ন্যায় আদিত এই টাটা গ্ৰুপে নিজৰ কোনো বিজ্ঞাপন নোহোৱাকৈ ৰাইজৰ বাবে কাম কৰে। ইয়াৰ দ্বাৰা বুজা যায় যে ৰতন টাটাৰ প্ৰমূল্যবোধ আৰু আদর্শ আন হাজাৰ জনতকৈ বহু পৃথক বহু ওপৰত।

আপোনাৰ শিশুৰ মেধা শক্তি কেনেকৈ বৃদ্ধি কৰিব জানিবলৈ তলৰ ৰঙা আখৰ কেইটিত ক্লিক কৰক

শিশুৰ মগজুক এটি কম্পিউটাৰতকৈ বেছি শক্তিশালী ৰূপে গঢ় দিয়ক এনেদৰে !

যত এজন ব্যৱসায়ীয়ে এটি গোলাপ ফুল কিনিলেও এটি বাতৰি হয়, চর্চা হয় তাৰ বিপৰীতে এজন ব্যৱসায়ী মানৱ দৰদী হৈয়ো কোনো চর্চা নিবিচাৰে । ৰতন টাটাই কাম লুকাই লুকাই কৰে নাম নিবিচাৰে। তেওঁৰ এটাই কথা যে তেওঁ যাক সহায় কৰিছে সেইজনে আৰু ভগৱানে দেখিলেই তেওঁৰ কামে সাৰ্থকতা পায়। এতিয়া আপুনি থিৰাং কৰক কোন ধনী আৰু কোনজন এজন ব্যৱসায়ী হৈয়ো মানৱ দৰদী। দুয়োজন ব্যৱসায়ীয়ে নিজৰ বুদ্ধিৰে ব্যৱসায় বহু দূৰলৈ লৈ গৈছে তাৰ পিছতো এজনে নিজৰ সফলতা সমূহ মানুহৰ চকুৰ পৰা লুকাই ৰাখিবলৈ চেষ্টা কৰে, কিজানি সেয়াই তেওঁৰ passion আৰু কাম কৰাৰ ষ্টাইল।

POPULAR COMEDY VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *