আপুনি ভগৱান, ঈশ্বৰৰ সান্নিধ্যত আছেনে নাই ; আপোনাৰ সম্পৰ্ক ভগৱানৰ সৈতে কেনে জানিবৰ বাবে নিশ্চয় কিছুমান সংকেত থাকে , আপোনাৰ কিছুমান গুণেই আপোনাক ঈশ্বৰৰ সৈতে দৃঢ়তাৰে একাকাৰ কৰে। এই গুণ আৰু সংকেতৰ পৰাই অনুভৱ কৰিব পাৰি যে ঈশ্বৰ আপোনাৰ সৈতে আছে নে নাই। প্ৰভু ঈশ্বৰে নিজৰ সন্তানক নিজৰ ওচৰত ৰাখিবৰ বাবে সন্তানৰ পৰা বহুত বেছি গুণ বা বহু বেছি কৰ্ম নিবিচাৰে। সৰু সৰু কথাতে ভগৱন্তই মানুহৰ ওপৰত সন্তুষ্ট হয় আৰু সেই মানুহেই ভগৱানৰ আশীষ লাভ কৰে।
ভগৱান আপোনাৰ সৈতে আছেনে নাই সেয়া নিজেই জানিবৰ বাবে মাত্ৰ এটি সংকেত যথেষ্ট। মাত্ৰ নিজৰ মাজত এটি গুণ চাব লাগিব যিটো গুণ আপোনাৰ সৈতে আছেনে নাই ! সেই গুণ বা সংকেত হৈছে যে আপুনি যিটো কৰ্ম কৰিছে বা দৈনন্দিন কৰি আছে সেইবোৰ ভাল কৰিছে নে বেয়া কৰিছে সেই অনুভৱ আপোনাৰ আছেনে নাই আৰু যদি বেয়া কৰি আছে বা কৰিছে তাৰ বাবে অনুতপ্ত হৈ ক্ষমা বিচৰাৰ ইচ্ছা জাগিছে নে নাই মনত। ভুল কৰ্মটি ঈশ্বৰৰ সন্মুখত বা কোনো মানুহৰ দৃষ্টিত যিয়ে নহওঁক কিয় , আপোনাৰৰ ক্ষমা খোজাৰ ইচ্ছা আৰু অনুভূতি জাগি উঠিছেনে নাই , আৰু যদি ক্ষমা খোজাৰ ইচ্ছা জাগিছে সেয়া আপোনাৰ কৰ্ম ভুল বুলি বুজি উঠা মাত্ৰকে বিচাৰিব নে কিছু পলমকৈ তেওঁৰ ক্ৰোধ যেতিয়া শান্ত হৈ পৰিব বা তেওঁ বাস্তৱক স্বীকাৰ কৰি লব তেতিয়া বিচাৰিব ? বহুসময়ত মানুহে ক্ষমা ভিক্ষা খুজিবলৈ লাজ নকৰে কিন্তু ক্ষমা কেতিয়া বিচাৰিব সেই নিৰ্দিষ্ট সময়খিনিক ঠিৰাং কৰি লব নোৱাৰাৰ ফলত পলম কৰে। আৰু বহুজনে ক্ষমা খুজিবলৈ টান পায়, ভয় পাই কিয়নো মাত্ৰকে ভুল কৰি মাত্ৰকে ক্ষমা খুজিবলৈ গলে মানুহজনে খং কৰিব পাৰে ; আৰু বহুসময়ত বহুজনে ঘটনা প্ৰবাহ কিছু শান্ত হোৱালৈ অপেক্ষা কৰে। কিন্তু যেতিয়াই নহওঁক ভুল কৰা মাত্ৰকে ক্ষমা খোজা কৰ্ম ঈশ্বৰৰ খুব প্রিয়।
মানুহৰ এটি গুনেই তেওঁক বাৰ বাৰ সংকেত কৰে যে তেওঁৰ সৈতে ঈশ্বৰ আছে। আপুনি যেতিয়া কিবা এটি কৰ্ম কৰি পেলালে আৰু লগে লগে অনুতপ্তও হৈ গৈছে যে সেয়া এক প্ৰচণ্ড ভুল আছিল আৰু লগে লগে সেই কুকৰ্মৰ বাবে নিজৰ অন্তৰাত্মাৰ পৰা ক্ষমা ভিক্ষা খোজাৰ হাবিয়াস জাগ্ৰত হৈছে তেন্তে জানিব আপোনাৰ সৈতে ভগৱানৰ সান্নিধ্য আছে। ভগবান তেওঁৰ সৈতে থাকিব বিচাৰে , ভগৱানে তেওঁকে নিজৰ কাষত ৰাখিবলৈ পছন্দ কৰে যিজনে নিজৰ ভুলৰ ক্ষমা ভিক্ষা শুদ্ধ মনেৰে খোজে নিজৰ ভুল স্বীকাৰ কৰি। এই পৃথিৱীত ঈশ্বৰৰ ওচৰত শৰণাগত হৈ থাকিবলৈ আটাইতকৈ শ্ৰেষ্ঠ ধৰ্ম হৈছে ঈশ্বৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা।
মনৰ দুখ কষ্ট দূৰ কৰিবলৈ কি কৰিব জানিবলৈ পঢ়ক
আৰু সংকেত হৈছে যে যেতিয়া আপুনি কাৰোবাৰ ওচৰত ক্ষমা বিচাৰিছে সেয়া অন্তৰৰ পৰা বিচাৰিছে নে নাই আৰু কাৰোবাক যদি ক্ষমা দান কৰিছে সেয়াও অন্তৰাত্মাৰ পৰা কৰিছে নে নাই। বাবা লোকনাথে কৈছে যে এই পৃথিৱীত ক্ষমাৰ ওপৰত কোনো মূল্যবান বস্তু নাই। যি মানুহে নিষ্পাপ ভাবে অন্তৰত সততা ৰাখি ক্ষমাদান কৰিব পাৰে আৰু ক্ষমা ভিক্ষা কৰিব পাৰে সেই এটি গুণেই তেওঁক ভগৱানৰ প্রিয় কৰি ৰাখে আৰু তেওঁক ভগৱানে সুখত ৰাখে।