Tips to be smart

বিবাহিত – অবিবাহিত সকলোৱে পঢ়ক – নিজকে কেনেকৈ স্মাৰ্ট কৰিব !

আপুনি দেখাত ভালে , সাঁজ পাৰ ধুনীয়া আৰু ফেচন থকাই পিন্ধে , তথাপিও কিন্তু সকলোৱে আপোনাক আন -স্মাৰ্ট বুলি কয় ! আপোনাৰ সন্মুখত একো নকলেও আপোনাৰ প্ৰস্থানত সকলোৱে হাঁহে ! এই কথাৰ আঁৰত হৈছে আপুনি নিজক উপস্থাপন কৰিব নাজানে । স্মাৰ্ট লগা মানেই মানুহজন ধুনীয়া দেখা বা ট্রেণ্ডিং পোছাক পিন্ধাক নুবুজাই, স্মাৰ্টনেচ হৈছে নিজকে আভ্যন্তৰীণ মানসিক দৃঢ়তাৰে উপস্থাপন কৰা অৰ্থাৎ আপুনি যেনেকুৱা তেনেকৈয়ে উপস্থাপন কৰাই হৈছে স্মাৰ্টনেচ। আৰু যদিহে মানুহৰ আগত নিজক ভালদৰে উপস্থাপন কৰিব নাজানে তেন্তে নিজৰ মাজত কিছু সৰু সৰু পৰিবৰ্তন আনিবলৈ চেষ্টা কৰিব লাগিব। কিছু ক্ষেত্ৰত নিজে কিছু কৌশল অৱলম্বন কৰিব লাগিব। সেইসমূহ হৈছে :-

Walking style identify characters of a girl

১) শুনি আৰু বুজিহে কথা কওঁক বা কথাৰ উত্তৰ দিয়ক। যদিহে আপোনাৰ বহুত বেছি কথা কোৱাৰ অভ্যাস আছে তেন্তে অলপ কমাই দিয়ক। যিখিনি প্ৰয়োজন সেইখিনি কোৱা অভ্যাস গঢ়ক। কি কব লাগিব আৰু কি কোৱা উচিত তাক প্ৰথমে বুজি লওঁক। আৰু যি কব সেয়া স্পষ্টকৈ উপস্থাপন কৰক যাতে সেই কথা সকলোৱে বুজি পাই। হাঁহি মুখে সুন্দৰকৈ কথা কওঁক , সেইবুলি কথাই কথাই হি হি কৈ হাঁহি দিয়াই শোভা নাপায়।

২) খোৱা খাদ্য নিশব্দে খাওঁক আৰু লাহে লাহে খাওঁক। যিসকলে খোৱাৰ সময়ত শব্দ কৰে তেওঁক কোনোৱে পছন্দ নকৰে। তেওঁৰ সৈতে খাবলৈ বহা সকলোৱে তেওঁৰ ফালে বিৰক্তিৰ চকুৰে চাই। সেয়ে  লাহে লাহে খাদ্য চোৱাই খাওঁক তেতিয়া শব্দ নহয়।

৩) পোছাক নিজৰ ইচ্ছা আৰু ৰুচি অনুসৰি পিন্ধক। স্মাৰ্ট আৰু ট্রেণ্ডিং ত থকা পোছাক পিন্ধিলে স্মাৰ্ট হব পৰা নাযায়। পোছাক  আপোনাৰ দেহত ফিটিং হৈছে নে নাই সেয়া মূল কথা । কোৱা হয় নিজৰ ব্যক্তিত্ব অনুসৰি পোছাক পৰিধান কৰিব লাগে। পোছাক ভালদৰে পছন্দ কৰিব নাজানিলে স্মাৰ্টনেচ বহুগুণে হ্ৰাস পাই। পোছাক পৰিধান কৰাৰ আগতে যদি পোছাক বাচনিত  দোধোৰ মোধোৰ অৱস্থা হয় তেন্তে ট্ৰেডিছনেল (Traditional ) পোচাকক প্ৰাধান্য দিয়ক সেইদিনা। লগতে পোছাকৰ ৰং লৈ যদি দিগদাৰী পাইছে তেন্তে পাতল ৰঙৰ কাপোৰকে পিন্ধক , কাৰণ পাতলীয়া ৰঙৰ পোছাকে সকলোকে স্মাৰ্ট কৰি তোলে।

৪) খোৱা টেবুলৰ কিছু নিয়ম নীতি থাকে সেইবোৰ ভালকৈয়ে জানি লোৱা অত্যন্ত প্ৰয়োজনীয় নিজৰ স্মাৰ্টনেচ বজাই ৰখাৰ বাবে। যেনে চামুচ, কটা চামুচ, চুৰি , ন্যাপকিন ইত্যাদিৰ ব্যৱহাৰ। কি খাদ্যৰ পিছত কি খাব আদি ইত্যাদি।

Tips to be smart

৫) নূন্যতম সৌজন্যতাবোধ : – সকলো ঠাইতে নূন্যতম সৌজন্যতা বজাই ৰখা দৰকাৰী। ইয়াৰ ফলত ব্যক্তি বিশেষৰ স্মাৰ্টনেচ আৰু বুদ্ধিমত্তাৰ পৰিচয় পৰিষ্কাৰ হয়। কৰ্মক্ষেত্ৰত খুব জোৰে জোৰে কথা কোৱা অনুচিত। খুব শব্দ হোৱাকৈ খোজ নাকাঢ়ি লাহে লাহে নিশব্দে খোজকাঢ়িলে স্মাৰ্টনেচ প্ৰতিফলিত হয়। কাৰোবাৰ পৰা সহায় পালে, কাৰোবাৰ পৰা সহায় বিচাৰিলে ধন্যবাদ জনোৱা সৌজন্যতাবোধৰ পৰিচায়ক। কাৰোবাক বিৰক্ত কৰি দুঃখিত বুলি কওঁক, এয়াই সৌজন্যতাবোধ।

৬) ব্যৱহাৰৰ পৰিৱৰ্তন কৰক। যিকোনো পৰিবেশ মানি লৈ সেইভাৱে নিজে আচৰণ কৰা বাঞ্চনীয় আৰু সেয়াই স্মাৰ্টনেচ (Smartness) ৰ অন্যতম পৰিচয়। নিজৰ মনৰ অৱস্থা বেয়া থাকিলেও অইনৰ সৈতে ভাল ব্যৱহাৰ কৰক। অকণমানতে বিৰক্ত হোৱা, সৰু কথাতে খং কৰা অনুচিত। ধৈৰ্য্য ধৰি, ধীৰে স্থিৰে সকলোৰে সৈতে আচৰণ কৰক আৰু প্ৰতি সময়ত আপোনাৰ এই ভাল আচৰণ বোৰে আপোনাক সজাই তুলিব এজন স্মাৰ্ট মানুহ হিচাপে।

খোজকঢ়াৰ ভংগীত ছোৱালীৰ চৰিত্ৰ জানিবলৈ তলত ক্লিক কৰি পঢ়ক

খোজ কাঢ়াৰ ষ্টাইলত চিনি লওঁক ছোৱালীৰ চৰিত্ৰ কোন কেনে !

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *