এদিন এজন মানুহ গৌতম বুদ্ধদেৱক লগ কৰিবলৈ গৈ কৈছিল, ” হে প্ৰভু মোৰ বৰ দুখ, মই বহুত কষ্টকৰ জীৱন কটাই আছোঁ, মোক মুক্তিৰ উপায় দিয়ক আৰু আপুনি মোক অলপ সহজ ভাৱে কব যাতে মই বুজিব পাৰোঁ”। এই অনুৰোধৰ উত্তৰত গৌতম বুদ্ধই সুধিছিল , ” তোমাৰ সন্তান আছেনে নাই ” ? লোকজনে উত্তৰ দিছিল থকা বুলি। তাৰ পিছত বুদ্ধই সুধিছিল, “যে তোমাৰ ভাতৃৰ কোনো সন্তান আছেনে নাই” ? উত্তৰত পুনৰ লোকজনে থকা বুলি কৈছিল। পুনৰ বুদ্ধই তেওঁক প্ৰশ্ন কৰিছিল যে, “তোমাৰ ওচৰৰ ঘৰখনৰ কোনো সন্তান আছে” ? উত্তৰত লোকজনে কৈছিল এটি লৰা সন্তান থকা বুলি। তাৰ পিছত বুদ্ধই সুধিলে যে, এনে কোনো লোকৰ সন্তান আছেনে যাক তুমি ব্যক্তিগত ভাৱে চিনি নোপোৱা” ? উত্তৰত লোক জনে তেওঁ চিনি নোপোৱা বহুত লোকৰে সন্তান থকা বুলি কলে।
তাৰ পিছত বুদ্ধই সুধিলে , ” যদি তোমাৰ সন্তান জন হঠাতে মৃত্যু হয় তেন্তে তোমাৰ কেনে লাগিব তুমি কিমান কষ্ট পাবা”? উত্তৰত লোকজনে কলে, ” হে প্ৰভু আপুনি তেনে কথা নকব, মোৰ একমাত্ৰ সন্তান হঠাতে মৃত্যু হ’লে মই জীয়াই থকা অৰ্থহীন হৈ পৰিব”। তাৰ পিছত বুদ্ধই সুধিলে ,” যদি তোমাৰ ভাতৃৰ সন্তান হঠাতে ঢুকাই যায় তেতিয়া কেনে লাগিব ?” উত্তৰত কলে, ” দুখ লাগিব কিন্তু মোৰ নিজৰ সন্তান ঢুকুৱাতকৈ কিছু কম দুখ লাগিব। ভগৱান বুদ্ধই পুনৰ সুধিলে যে, ” যদি তোমাৰ প্ৰতিবেশী জনৰ সন্তান হঠাতে ঢুকাই তোমাৰ কেনে লাগিব ” ? উত্তৰত লোকজনে কলে , ” অলপ বেয়া লাগিব , কিন্তু সিমান বেয়া নালাগে যিমান মোৰ ভাতৃৰ সন্তান ঢুকালে লাগিব”। শেষত ভগৱান বুদ্ধই সুধিলে, ” যদিহে তুমি ব্যক্তিগত ভাৱে চিনি নোপোৱা লোকজনৰ সন্তান এটি ঢুকাই যাই তেতিয়া কি কৰিবা” ? লোকজনে উত্তৰত কলে,” হে প্ৰভু মোৰ আৰু সেইবোৰ খৱৰ ৰখাৰ সময় কত”? বুদ্ধই লোকজনক আকৌ প্ৰশ্ন কৰিলে, ” তুমি কোৱাচোন মানুহৰ দুখবোৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে “? কিছু ভাবি চিন্তি লোকজনে উত্তৰত কলে, ” হে প্ৰভু আমি কিমান দুখী হওঁ সেয়া নিৰ্ভৰ কৰে আমি সন্মুখৰ জনক কিমান ভাল পাওঁ, আমি তেওঁৰ সৈতে কিমান সংযুক্ত হৈ থাকো আৰু আমি তেওঁক কিমান আপোন বুলি ভাবোঁ তাৰ ওপৰত”।
উত্তৰত সন্তুষ্ট হৈ বুদ্ধই মূৰ দুপিয়ালে আৰু পুনৰ প্ৰশ্ন কৰিলে,” যদি তুমি তোমাৰ সন্তানক সাগৰৰ পাৰলৈ ফুৰিবলৈ লৈ যোৱা তেতিয়া তোমাৰ সন্তানে পাৰত থকা বালিৰ সৈতে খেলিবনে”? লোকজনে উত্তৰত কলে, ” মোৰ লৰা খুব সৰু আৰু সি সমুদ্ৰৰ বালি খুব পছন্দ কৰে , সি তাতে বালিঘৰ সাজিবলৈ ভাল পাব”। বুদ্ধই কলে , যদি তোমাৰ সন্তানে সাজি দিয়া বালিঘৰ এটি সাগৰৰ পানীৰ ঢৌ আহি হঠাতে ভাঙি পেলাই , তেতিয়া তোমাৰ সন্তানে কি কৰিব , কান্দিব নে নাই “? তেতিয়া লোকজনে উত্তৰ দিলে, ” হয়, মোৰ লৰাই অৱশ্যেই চিঞৰি চিঞৰি কান্দিব”। লগে লগে ভগৱান বুদ্ধই প্ৰশ্ন কৰিলে, ” তুমিও তোমাৰ লৰাৰ সৈতে কান্দিবা নেকি”? লোকজনে উত্তৰ দিলে তেওঁ নাকান্দিব বুলি। বুদ্ধই আকৌ সুধিলে, ” তুমি কিয় নাকান্দিবা ? লোকজনে উত্তৰত কলে যে লৰাই যি বালিৰ ঘৰ সাজিব সেইটো তেওঁ চিৰসুন্দৰ আৰু সদায় থাকিব বুলি মনত ধাৰণা কৰি লব। এনেও বালি ঘৰৰ প্ৰতি তেওঁৰ লৰাৰ দুৰ্বলতা বহু বেছি। লগতে লোকজনে কলে, ” হে প্ৰভু, মই আকৌ কিয় কান্দিম যিহেতু মই ডাঙৰ হৈছোঁ লগতে মই জানোঁ যে বালিঘৰ ক্ষন্তেকীয়া আৰু মূল্যহীন”। লগে লগে ভগৱান বুদ্ধই হাঁহিলে আৰু লোকজনক উদ্দেশ্যি কলে, ” তুমি এতিয়া বুজি পালানে সুখী থাকিবলৈ তুমি কি কৰিব লাগিব”।
এই গল্পৰ পৰা ভগৱান বুদ্ধই এইটো বুজাবলৈ বিচাৰিছে যে জীৱনত সুখী হৈ থাকিবলৈ মানুহ যিকোনো বিষয় আৰু অৰ্থত অতি বেছিকৈ সংযোগ (attachment) হৈ পৰিব নালাগে। এই পৃথিৱীত কোনোৱে চিৰস্থায়ী নহয়, কোনো ব্যক্তি আৰু কোনো পাৰ্থিৱ বস্তুৰ সৈতে যদি বেছিকৈ প্ৰত্যাশা ৰখা যায়, মায়াত বন্দী হোৱা যায় , তেতিয়া বহুত বেছি কষ্ট হয় যেতিয়া সেই বস্তু বা মানুহ যেতিয়া হেৰাই যায়। আৰু এইটো ইমানেই এটি ৰহস্য যিটো গৌতম বুদ্ধই অনুধাৱন কৰিব পাৰিছিল । ভগৱান গৌতম বুদ্ধদেৱে কৈছিল মানুহ সুখী হৈ থকাৰ মূলমন্ত্ৰ হৈছে কোনো কিছুটে নিজক গভীৰ ভাৱে সংযুক্ত নকৰা। এই পৃথিৱীত সকলোবোৰ এক ভ্ৰম, ইয়াত কোনো বস্তু চিৰস্থায়ী নহয়। সেয়ে মানুহে নিজৰ জীৱনক যেনেদৰে গ্ৰহণ কৰে , যেনেদৰে পৰিচালিত কৰে , ফলাফল সেয়াই হয়। এই জীৱনত সুখত থাকিবলৈ হ’লে কাৰো সৈতে আবেগিক ভাবে সংযুক্ত হৈ পৰিব নালাগে।
মৃত্যুৰ পিছৰ এঘন্টা আত্মাৰ কিমান বেদনা হয় জানিবলৈ তলত ক্লিক কৰক
মৃত্যুৰ এক ঘণ্টা সময়ৰ ভিতৰত আত্মাৰ কি কি হয় নুশুনিলে বিশ্বাস কৰা টান !!