Ten amazing facts of life

  যদি এজন মানুহে এদিন মাত্ৰ পাছ মিনিটো কম টোপনি মাৰিছে সেইদিনা তেওঁৰ এনে অনুভৱ হয় যে  তেওঁৰ বহুত টোপনি ঘাটি হৈছে। আপুনি জানেনে মানুহে এটি কাম কৰি থাকোতে সিমান আনন্দ নাপাই যিমান কামটো ভালদৰে কৰা হোৱাৰ পিছত সেই কামটো কৰি যোৱা সময় খিনি মনত পৰি আনন্দ অনুভৱ হয়। হয়তো আপুনি এইটো নাজানে যে যি ব্যক্তিয়ে কম কথা কয় আৰু কথা কোৱাৰ ধৰণ খুব ফাষ্ট হয়, মনোবিজ্ঞান অনুসৰি সেই ব্যক্তিয়ে নিজৰ গোপন কথা আৰু ৰহস্যময় কথা লুকাই ৰাখিবলৈ পছন্দ কৰে। এনেধৰণৰ দহটা amazing facts যুগুতাই দিয়া হৈছে , যিসমূহ শুনি আপুনি এই পোষ্টটিত এটা লাইক দিবলৈ নিশ্চিত ভাৱে পছন্দ কৰিব।

Ten amazing facts :- 

১০) যদি আপুনি এজন ছাত্ৰ হয় তেন্তে এই ফেক্ট আপোনাৰ বাবে অতিকৈ মূল্যবান। মনোবিজ্ঞান অনুসৰি কোনো পাঠ্যক্ৰমৰ বিষয় লেপটপ বা কম্পিউটাৰত টাইপ কৰাতকৈ হাতেৰে কাগজত লিখিলে সোনকালে মুখস্থ হয়। কিয়নো টাইপ কৰিলে মগজুৰ দুটি অংশহে জড়িত হয়, কিন্তু হাতেৰে লিখিলে কেবাটাও অংশ জড়িত হৈ পৰে।

writing is more important to recollect subjects

৯) যদি কোনো ব্যক্তিৰ উপস্থিটিত আপুনি সুখ আৰু আনন্দ অনুভৱ কৰে আৰু  অনুপস্থিটিত দুখ অনুভৱ কৰে, তেতিয়া জানিব সেয়া হৈছে আপোনাৰ তেওঁৰ প্ৰতি দুৰ্বলতা।

3 SIGNS OF TRUE LOVE

 নিজৰ পিতৃ মাতৃৰ বাহিৰে যদি আপোনাৰ কাৰোবাৰ সৈতে এনে দুৰ্বলতা গঢ়ি উঠিছে আৰু যদিহে তেওঁ এদিন আপোনাক এৰি যায় তেন্তে আপুনি ডিপ্ৰেছনত পৰি যাব। সেয়ে মনোবিজ্ঞান অনুসৰি কোৱা হয় যে কোনো ব্যক্তিক ইমান বেছি ভালপোৱা অনুচিত যাৰ অনুপস্থিটিত নিজৰ জীৱন তুচ্ছ হৈ যায়।  কাৰো ওপৰত ইমান নিৰ্ভৰশীল হব নালাগে যি আপোনাৰ দুৰ্বলতা হৈ ধৰা দিয়ে। এই কাৰণতে মহান পণ্ডিত আচৰ্য চাণক্যই কৈছিল ,

Never be over dependent to other

 “নিজৰ দুৰ্বলতা কাকো প্ৰকাশ নকৰিবা আৰু কেতিয়াও পৰনিৰ্ভৰশীল নহ’বা লগতে আনৰ ওপৰত বেছি আশা নাৰাখিবা “। কিয়নো যত আশা থাকিব তাতে হতাশাও আহিব।

৮) যেতিয়া এজন মানুহে আন এজন মানুহক পছন্দ কৰে তেতিয়া তেওঁৰ বেয়া কাম আৰু বেয়া অভ্যাস সমূহো ভাল লাগিবলৈ আৰম্ভ হয় আৰু যেতিয়া এজন মানুহে আন এজনক বেয়া পায় তেতিয়া তেওঁৰ ভাল কাম আৰু ভাল স্বভাৱবোৰো ভাল নালাগে। কিন্তু ভাল লগা বেয়া লগাটো নিৰ্ভৰ কৰে আপোনাৰ ওপৰত , কিয়নো আপুনি ভাল হলে আপোনাৰ সন্মুখৰ জনকো ভাল লাগিব, বিপৰীতে আপুনিয়ে যদি এজন বেয়া লোক তেন্তে আপোনাৰ সন্মুখৰ জন যিমানে ভাল নহওঁক আপোনাৰ বেয়াই লাগিব।

Control your anger and transform it into positive energy )

৭) মনোবিজ্ঞান অনুসৰি খং কৰি চিঞৰ বাখৰ কৰিবলৈ কোনো শক্তিৰ প্ৰয়োজন নহয় , কিন্তু মনে মনে থাকিবলৈ বহু শক্তিৰ প্ৰয়োজন হয়। খঙে কোনো ব্যক্তিৰ চিন্তা ভাৱনা কৰাৰ শক্তি ৩৬ % কমাই পেলাই সেয়ে খং উঠিলে আত্মসংযম অতি জৰুৰী।

৬) জানি আচৰিত হব যে বৰ্তমান দিনত শিশুৰ ষ্ট্ৰেছ লেভেল (মানসিক চাপ) কিমান বাঢ়ি গৈছে । ভাৰতবৰ্ষত নিবনুৱাৰ হাৰ বৃদ্ধিৰ লগতে ষ্ট্ৰেছ লোৱা লোকৰ হাৰ সমানুপাতিক ভাৱে বৃদ্ধি হৈছে।

how to handle stupid child by parents

এটি গৱেষণাত প্ৰকাশ যে ২০১৪ চনৰ হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ ষ্ট্ৰেছ লেভেল ১৯৫২ চনৰ দুৰাৰোগ্য ৰোগী সকলতকৈ বেছি ধৰা পৰিছিল। কিয়নো সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে এটাই বুজে যে আজিকালিৰ শিক্ষাব্যৱস্থাত নম্বৰেই সকলো। আৰু এই ভুল ধাৰণাৰ বাবেই বহু ছাত্ৰ ছাত্ৰীৰ ষ্ট্ৰেছ লেভেল বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। সেয়ে মনত ৰখা উচিত পৰীক্ষাৰ নম্বৰতকৈ জীৱন বেছি মূল্যবান।

৫) ধ্যান (meditation) কিমান দৰকাৰী সেইটো সকলোয়ে ভালদৰে জানে। কিন্ত এটা কথা জানি আচৰিত হ’ব যে যদি এজন ছাত্ৰই পঢ়া টেবুলত বহাৰ আগতে মাত্ৰ ছয় মিনিট ধ্যান কৰে সেই ছাত্ৰৰ স্মৃতিশক্তি আৰু মনোযোগ ১৪% বৃদ্ধি হয়। অৱশ্যে অকল ছাত্ৰই নহয় সকলো মানুহে প্ৰতিদিনে ১০ মিনিট ধ্যান কৰিলে স্বাস্থ্যৰ বহু লাভ পাব পাৰে । আৰু সদায় মনত ৰাখিব লাগে যে স্বাস্থ্য পৰম সম্পদ ( Health is wealth) ।

৪) মনোবিজ্ঞান অনুসৰি বন্ধুত্ব ( friendship) মানে এনে নহয় যে যাৰ লগত আপুনি বেছি সময় কটাইছে ; বন্ধুত্ব মানে হৈছে সেয়া যাৰ সৈতে আপুনি আপোনাৰ অতি উত্তম সময়খিনি কটাইছে। আৰু কোৱা হয় বন্ধুত্ব এনে এক সম্পৰ্ক যিটো ভগৱানৰ সৃষ্ট নহয় , মানুহে এই সম্পৰ্ক নিজেই তৈয়াৰ কৰি লয় ; সেয়ে সদায় ভাল বন্ধু , গুণী বন্ধু বাচনি কৰি লোৱা নিজৰ দায়িত্ব যাতে সেই বন্ধুৱে আপোনাক গাইড কৰিব , আপোনাৰ বিপদ আৰু সমস্যাৰ সময়ত সময় দিব আৰু যিয়ে আপোনাৰ ভাল চিন্তা কৰিব।

৩) আপুনি শুনা সকলো কথাকে লগে লগে বিশ্বাস কৰি নলব কিয়নো এটি কথাৰ তিনিটা প্ৰতিক্ৰিয়া থাকে যেনে , আপোনাৰ, কোৱাজনৰ আৰু দুয়োজনৰ মাজত থকা সত্যতা। কাৰোবাৰ বিষয়ে আপুনি বিচাৰ কৰি এইটো নিৰূপণ কৰিব নোৱাৰে যে তেওঁ কি চৰিত্ৰৰ মানুহ কিন্ত আপুনি এইটো নিৰ্ণয় কৰিব পাৰে যে আপোনাৰ নিজৰ চিন্তাধাৰা আৰু ভাৱনা কোন স্তৰৰ হয় ; সেয়ে প্ৰথমে সম্পূৰ্ণ বিষয় ভালদৰে জানি বুজি লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে।

২) মনোবিজ্ঞান অনুসৰি যি ব্যক্তি টোপনিৰ আগত বহু কেইটা টেবলেট খাই সেই ব্যক্তি বহুত মানসিক চাপ অনুভৱ কৰি থাকে ; লগতে এই লোকসকলে কম কথা কয়।

১) আপুনি আপোনাৰ লক্ষ্যত উপনীত হবলৈ যিমানে কষ্ট , পৰিশ্ৰম , ত্যাগ নকৰক কিয় সেই লক্ষ্য সিদ্ধি হোৱাৰ পিছত মানুহে আপোনাৰ কষ্ট, ত্যাগ আৰু পৰিশ্ৰমত স্বীকৃতি নিদিয়ে ; স্বীকৃতি আৰু কৃতিত্ব দিব আপোনাৰ ভাগ্যক। সেয়ে কোনে কি কৈছে সেয়া দৰকাৰী নহয় , দৰকাৰী নিজৰ লক্ষ্য আৰু উদ্দেশ্য।

নিজৰ সংগীক প্ৰতাৰণা কৰিলে কি হয় জানিবলৈ তলত ক্লিক কৰক

সংগীৰ সৈতে প্ৰতাৰণা কৰিছে ! এই ৬ তা বেয়া পৰিণতিৰ বাবে সাজু থাকক !

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *