Solution for physically and mentally handicap child

পিতৃ মাতৃৰ ভুলৰ বাবে বহু সন্তান বিকলংগ হৈ জন্মে !!

   মা দেউতাৰ সামান্য এটি ভুলৰ বাবে সন্তান প্ৰতিবন্ধি অৰ্থাৎ বিকলংগ হৈ জন্ম লব পাৰে , যাৰ বাবে সেই সন্তানে গোটেই জীৱন কষ্টকৰ দিন পাৰ কৰিবলগীয়া হয়। আৰু এটি প্ৰতিবন্ধী শিশু জন্মৰ বাবেও মা পিতা গোটেই জীৱন নিজৰ চকুপানী নিগৰাব লগীয়া হয়। কিন্তু যদিহে অকণমান সতৰ্কতা অৱলম্বন কৰা যায় আৰু কিছু নিয়ম নীতি মা দেউতাই পালন কৰে , তেন্তে সকলো মা পিতাই এই অভিশাপৰ পৰা দূৰৈত থাকিব পাৰে।

Causes of physically handicap child born

  গৰ্ভৱতী অৱস্থাত চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজেই কিনি আনি নানান ধৰণৰ ঔষধি সেৱন কৰিলে মাতৃ গৰ্ভত থকা শিশুৰ বহুত ক্ষতি হয়। বহু দৰৱ সেৱনে মাতৃ গৰ্ভৰ ভ্ৰূণৰ পৰা অংগ সৃষ্টিত বিসংগতি সৃষ্টি কৰে , তাৰ ফলতে বিকলংগ বা প্ৰতিবন্ধী সন্তান জন্ম হোৱাৰ আশংকা বেছি ।

 গৰ্ভৱতী মাতৃৰ অপৰিপুষ্টিৰ ফলটো হ’ব পাৰে বিকলংগ সন্তানৰ জন্ম। গৰ্ভৱতী মাতৃ যদিহে দীৰ্ঘদিন ধৰি ৰক্তহীনতাত ভুগি থাকে , সেই সময়ত যদিহে পুষ্টিকৰ খাদ্য খাবলৈ নাপাই ; তেতিয়া ভ্ৰূণৰ গঠনত বিসংগতি দেখা দিয়ে, মস্তিষ্কৰ গঠনত ব্যাঘাত জন্মে, যাৰ ফলত বিকলংগ আৰু প্ৰতিবন্ধী আৰু কম ওজনৰ শিশুৰ জন্ম হ’ব পাৰে। লগতে ১.৫ কেজিতকৈ কম ওজনৰ শিশু জন্ম হ’লে সেই শিশু জন্মৰ ৪৮ ঘণ্টাৰ ভিতৰত মৃত্যু মুখত পৰাৰ আশংকা ৫০ % ই বৃদ্ধি হয়।

গৰ্ভৱতী অৱস্থাৰ প্ৰথম তিনিমাহত যদিহে মাতৃৰ যক্ষ্মা, মেলেৰিয়া, জাৰ্মানহাম, চিকেনপক্স, মাম্পছ, ৰুবেলা আদিত আক্ৰান্ত হয় তেতিয়া গৰ্ভস্থ শিশুৰ শাৰীৰিক আৰু মানসিক প্ৰতিবন্ধকতা আহিব পাৰে। তাৰোপৰি মাতৃৰ ডায়েবেটিচ, উচ্চৰক্তচাপ , কিডনী ৰোগ, থাইৰয়ডৰ ৰোগ আদি নিয়ন্ত্ৰণত নাথাকিলে শিশুৰ প্ৰতিবন্ধকতা আহিব পাৰে।

 যদি গৰ্ভৱতী মাতৃয়ে ফৰ্মেলীন দিয়া খাদ্য গ্ৰহণ কৰে শিশু বিকলংগ হৈ জন্ম কৰিব পাৰে। এই খাদ্য সমুহৰ ভিতৰত বাহিৰৰ পৰা অহা চালানী মাছ প্ৰধাণ। জানি ল’ব ফৰ্মেলীন যাক বৈজ্ঞানিক ভাবে কোৱা হয় ফৰ্মেল দিহাইড (formaldehyde) , এই ৰাসায়নিক দ্ৰৱ্যই বীজাণু সংক্ৰমণ ৰোধ কৰি পচি যোৱা প্ৰক্ৰিয়াক বাধা দিয়ে । আৰু সেইবাবেই এই দ্ৰৱ্য প্ৰয়োগ কৰি মৃতদেহ বহুদিন, বহুকাল ৰাখিব পাৰি ।

 গৰ্ভধাৰণৰ সময়ত মাতৃ আৰু পিতৃৰ বয়সৰ তাৰতম্য থাকিলেও এনে ঘটনা ঘটিব পাৰে। গৰ্ভধাৰণৰ সময়ত মাতৃৰ বয়স কম হ’লে বা বেছি হ’লেও ভ্ৰূণৰ বিসংগতি হ’ব পাৰে। ১৮ বছৰৰ আগত মা হোৱা অনুচিত ; কিয়নো এই সময়ত প্ৰজনন অংগৰ বিকাশ সম্পূৰ্ণ নহয় আৰু অপৈনত হৈ থাকে। আৰু ৩৫ বছৰ পিছত মহিলাৰ যৌন গ্ৰন্থিৰ স্বাভাৱিক কাৰ্যৱলী হ্ৰাস হৈ পৰে। এই সময়ৰ আগে পিছে শিশু জন্ম হ’লে শিশুৰ বিসংগতি হোৱা নিশ্চিত ।

 গৰ্ভৱতী অৱস্থাত মহিলা বাৰে বাৰে হাঁপানী ৰোগত আক্রান্ত হ’লে গৰ্ভত থকা শিশুৰ মগজুত অক্সিজেনৰ অভাৱ হ’ব পাৰে, ফলতেই গৰ্ভত থকা শিশুৰ মানসিক আৰু শাৰীৰিক প্ৰতিবন্ধতা আহিব পাৰে।

Real fact of birth of physically handicap child

 গৰ্ভৱতী অৱস্থাত যদি মাতৃ তেজষ্ক্ৰিয় ৰশ্মিৰ ( X ray ) সংস্পৰ্শলৈ আহে তেতিয়াও গৰ্ভস্থ শিশুৰ শাৰীৰিক আৰু মানসিক প্ৰতিবন্ধতা আহিব পাৰে। এই  ক্ষেত্ৰত আল্ট্ৰাচাউণ্ড কিন্তু ক্ষতিকাৰক নহয়। বিশেষকৈ প্ৰথম তিনিমাহত বেছি ক্ষতিকাৰক এই তেজষ্ক্ৰিয় ৰশ্মি। এই ৰশ্মিয়ে বিশেষকৈ ভ্ৰূণৰ স্নায়ুতন্ত্ৰক ক্ষতি কৰে।

 গৰ্ভৱতী মাতৃৰ আৰু পিতৃৰ তেজৰ Rh উপাদানৰ পাৰ্থক্য এটা গুৰুত্বপূৰ্ণ কথা। যদিহে মাতৃৰ Rh উপাদান ধনাত্মক আৰু পিতৃৰ উপাদান ঋণাত্মক হয় তেনে পৰিঘটনাক Rh অপৰিপুৰক (Rh incompatibility) বুলি কোৱা হয়। এনে ক্ষেত্ৰত প্ৰথম শিশুৰ কোনো অসুবিধা নহ’লেও, দ্বিতীয় শিশুৰ ক্ষেত্ৰত মৃত শিশু জন্ম হোৱাৰ আশংকা থাকে আৰু যদিহে মৃত সন্তান জন্ম নহয় , পক্ষাঘাট বা মস্তিষ্কৰ ক্ৰুটি সম্পন্ন সন্তান জন্ম হোৱাৰ সম্ভাৱনা থাকিব। 

 গৰ্ভৱতী সময়ত সময়ত চিকিৎসকৰ পৰামৰ্শ নোলোৱা, আইৰণ, ফলিক এচিড আৰু কেলচিয়াম ঔষধি সেৱনৰ পৰা বিৰত থাকিলেও এই প্ৰতিবন্ধী সন্তান জন্ম হোৱাৰ আশংকা থাকিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *