story of a drugs addicted boy changing life instantly

ছোৱালীজনীক এৰাতিৰ বাবে কিনি আনিলো !সত্য ঘটনা,নাম প্রকাশত অ’নিচ্ছুক ।

   ছোৱালী জনীক এক ৰাতিৰ বাবে ভাড়া কৰি লৈ আহিলোঁ। কাৰণ ঘৰত এসপ্তাহৰ বাবে কোনো নাথাকে। মা দেউতা কিবা দৰকাৰী কামত বাহিৰত গৈছিল, সৰু ভনীজনী হোষ্টেলত থাকে । ঘৰত একো অসুবিধাই নাই । কিয় আনিছিলোঁ ছোৱালী জনীক জানে ? কাৰণ মই প্ৰেমত প্ৰৱঞ্চনাৰ বলি হৈ এতিয়া ড্ৰাগছ এদিক্টেড ( Drugs addicted) । তাইক খুবেই ভাল পাইছিলোঁ, কিন্তু তাই মোক এৰি আন এজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈ কলিকতা গুছি গ’ল।

Story of a drugs addicted boy changing life at a sudden

 কি কৰোঁ, কাক কম মনৰ দুখ, বেজাৰ ; উপায় নাই !  লিখা পঢ়া সকলো বন্ধ কৰি গোটেই দিন নিচাত ডুবি থাকোঁ  আজিকালি,  নহ’লে তাইৰ স্মৃতিবোৰে বৰ আমনি কৰে বুজিছে।  পঢ়া শুনাত একেবাৰে মন নবহে। মা দেউতাই বহু যত্ন কৰিছে মোক শুধৰাবলৈ, সৰু ভনীয়ে সদায় ফোন কৰি কান্দি কান্দি অনুৰোধ কৰে মোক এইবোৰ এৰিবলৈ। মই কি কৰোঁ ! মনৰ দুখ বেজাৰ এৰাই চলিবলৈ হিৰ’ইনে হৈ পৰিছে মোৰ আজিকালিৰ উত্তম জীৱন সংগী।

   সেইদিনা ৰাতি হিৰ’ইন ক্ৰয় কৰি ঘৰৰ দিশে খোজ দিছিলোঁ , সময় ৯ মান বাজিছিল। অন্ধকাৰ ৰাতি হঠাতে সন্মুখত প্ৰত্যক্ষ কৰিলোঁ এগৰাকী ছোৱালী , ওচৰ পাওঁতে তাই প্ৰশ্ন কৰিলে ভাই মোক পছন্দ হৈছেনে ? চাওঁ নাচাওকৈ তাইৰ ফালে চাই উত্তৰ দিলোঁ, দূৰত থাকা , মই তেনে লৰা নহয়। তাই আৰু ওচৰ চাপি আহি কৈছিল প্লিজ ভাই ভালদৰে চোৱা মোৰ ফালে , মোৰ একো কম নাই শৰীৰত। মোৰ ভয়ো লাগিছিল সেই ক্ষণত। তাই আকৌ কলে যে তাইৰ টকাৰ খুব প্ৰয়োজন , সেয়ে যি দিলেও হব,,,,, সেয়ে ময়ো চিন্তা কৰিব আৰম্ভ কৰিলোঁ।

মোৰ সৈতে যি টকা আছিল সেইখিনিৰে মই ছয়দিন চলিব লাগিব, আৰু বেলেগত খৰছ কৰিলে এই কেইদিন হিৰ’ইন কৰ পৰা কিনিম ? আৰু নিচা কিনিবলৈ লোকে পইচা ঋণত নিদিয়ে, সেই শিক্ষা আগতে পাই থৈছোঁ। এনেকৈ চিন্তা কৰি থাকোতে ছোৱালীজনীয়ে আকৌ কৈ পেলালে , যত যাব লাগে তাতেই যাম। ফলতে আশক্তি বাঢ়িল মোৰ,   সুধিলোঁ মোৰ ঘৰত যাবি ? তাই মোৰ দুপিয়াই ইংগিত দিলে। মই কলো বেছি পইচা দিব নোৱাৰোঁ হ’বনে ? লাহে লাহে তাই মোৰ পিছে পিছে খোজ দিলে ,,,,

  কি কৰা যায় ভাবি ভাবি আগবাঢ়ি গৈ থাকিলোঁ আৰু তাই মোৰ পিছে পিছে । শেষত উপায় এটাই পালোঁ যে ঘৰ সোমাই প্ৰথমে হিৰ’ইন খিনি টানি লওঁ, তাৰ পিছত যি হয় দেখা যাব। ঘৰ সোমালো দুয়ো, মমবাতি এডাল জ্বলাই মাত্ৰ এবাৰ হিৰ’ইন অকনমান হুপি দিওঁতেই তাই কলে, ভাই মোৰ আগত প্লিজ এইটো নজ্বলাবা, এইটোৰ গোন্ধ পালে মোৰ বমি হয়, মূৰ ঘূৰাই। এই ৰাতিখন সেয়া শুনি অবাক হৈ পৰিলোঁ মই। ভাবিলোঁ যে তাইৰ সংগী সমূহৰ ভিতৰত ময়ে প্ৰথম নিচাশক্ত নেকি ? নে তাই এই পতিতা জগতত আজিয়ে প্ৰথম ? উপায়ন্তৰ হৈ সুধিলোঁ হিৰ’ইনৰ গোন্ধ বেয়া পোৱা নেকি ? উত্তৰত কলে বিড়ি, চিগাৰেট আদি সকলোৰে গোন্ধ সহ্য নহয় তাইৰ।

 কি যে এক বিভ্ৰান্তিকৰ পৰিস্হিতিত পৰিলোঁ সিদিনা ৰাতি যাৰ বাবে  দলিয়াই পেলালোঁ এক হাজাৰ টকাৰে ক্ৰয় কৰা হিৰ’ইন খিনি। মই প্ৰশ্ন কৰিলোঁ তাইক, তুমি এই জগতত নতুন নেকি ? উত্তৰত মুৰ দুপিয়ালে । কলো , কিয় সোমাইছাঁ এই জগতত ? এই জগতখন বহুত বেয়া। তাই মাত্ৰ মোৰ মুখৰ ফালে চাই ৰ’ল কিছু মুহূৰ্ত। তাই হয়তো অবাক হৈছিল মোৰ প্ৰশ্ন শুনি ! কাৰণ ইমান প্ৰশ্ন কৰিবলৈ মানুহৰ সময়নো কত ?

 মোৰ প্ৰশ্ন শুনি তাই বহাৰ পৰা উঠি যাবলৈ ওলাল। মই কলো পুৰাপুৰি দহ হাজাৰ টকা দিম আজি ৰাতিটো থাকিবানে মোৰ লগত ? উভটি আকৌ বহি লৈ মোক কলে, আগতে পইচা দিয়া। মই মোৰ তিনিদিনৰ হিৰ’ইন কিনাৰ টকা তাইৰ হাতত তুলি দিলোঁ অৰ্থাৎ তিনিহাজাৰ। আকৌ বিচনাত বহি পৰিল তাই ।

Story of a prostitude changing the life of a drugs addicted boy instantly

  তাৰ পিছত মোৰ ফোনটো বিচাৰিলে। কলো মোৰ ফোন নাই। তাই কলে, মই লৈ নাযাওঁ ফোনটো দিয়া এটা ফোন কৰিম। ময়ো কলো, জানো তেনেকুৱা নহয় বুলি কিন্তু মোৰ ফোন নায়েই। সেইটো বিক্ৰী কৰি এসপ্তাহ আগত হিৰ’ইন খালোঁ। মই সুধিলোঁ ফোন কিয় লাগে ? কাৰোবাক, অৰ্থাৎ কোনো গ্ৰহকক আজি বাতিল কৰিব লাগিব নেকি ? তাই উত্তৰ নিদিলে।

ৰাতি প্রায় বাৰ বাজিল, তাই শুই গ’ল ; মই কি কৰোঁ ভাবি নাপালোঁ। চিগাৰেট এডাল জ্বলালো, আকৌ তাই টোপনিৰ পৰা জাপ মাৰি উঠি কলে , মোৰ ওচৰত নাখাবা, যোৱা বাহিৰত খাই আহা। চিগাৰেটৰ জুই নুমাই বাহিৰলৈ যাব লওঁতে তাই আকৌ কলে কিয় খোৱা এইবোৰ ? উত্তৰত কলো – কষ্টত, বহু দুখত।

 তাই কলে কিহৰ বাবে তোমাৰ ইমান কষ্ট ? কি দুখৰ বাবে জীৱনটো এনেদৰে শেষ কৰি পেলাইছাঁ ? মই অবাক হৈ পৰিছিলোঁ সিদিনা তাইৰ প্ৰশ্নৰ মাজত। মূৰৰ পৰা ভৰিলৈ তাইক এবাৰ ভালদৰে চালোঁ। বয়স খুব বেছি সোতৰ বছৰ মান হ’ব । মই সুধিলোঁ তোৰ জীৱনটো কিয় এনে কৰিলি ? কোন পতিতালয়ত থাক তই ? তাই উত্তৰ নিদিলে মাত্ৰ মোৰ চকুলৈ চাই থাকিল। কিছু ক্ষণতে মোৰ চকুপানী বৈ মাটিত পৰিল। বৰ অসহায় আছিলোঁ সিদিনা মই । আৰু সিদিনাৰ পৰা মই এজন ভাল লৰা , মা পিতাৰ বাধ্য সন্তান, সৰু ভনীৰ মৰমৰ দাদা।

এনে বহু ঘটনাৰ যদি আপুনিও সাক্ষী পঠিয়াই দিয়ক ৯৮৬৪৯ ৯৩৪৩৮ নম্বৰত হোৱাতএপ যোগে , আমি প্ৰচাৰ কৰিম।

কি কি গোপন কথা আনক কব নালাগে জানিবলৈ তলত ক্লিক কৰক 

এই গোপন কথা আনক কেতিয়াও কব নালাগে নহ’লে মহাবিপদ !

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *