জীৱন এক মাটিৰ চাকিৰ দৰে, যত তেল শেষ মানে সকলো শেষ। কিন্তু জীৱন এৰি যোৱা, আত্মীয় স্বজনক এৰি যোৱা , প্ৰিয়জনক এৰি যোৱাৰ বেদনা আৰু মৃত্যুৰ যন্ত্ৰণা কেনে হয় সেইজনৰ আত্মাই মৃত্যুৰ এক ঘন্টা ভিতৰতহে অনুভৱ কৰিব পাৰে।
মৃত্যুৰ এক ঘন্টা ভিতৰত আত্মা আৰু নশ্বৰ দেহৰ সৈতে কিছু আচৰিত ঘটনা প্ৰবাহ সংঘটিত হয় ; তাৰ বৰ্ণনা দিব পাৰে যিয়ে মৃত্যুৰ দুৱাৰৰ পৰা পুনঃ জীৱন লাভ কৰে। মৃত্যুৰ এক ঘণ্টা ভিতৰত এক অদ্ভুত কিছু ঘটনা ঘটে যি পৰিঘটনা সেই ব্যক্তিৰ ওচৰে পাজৰে থকা আত্মীয় লোকে নেদেখে।
মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ সত্য হৈছে মৃত্যু, যি সত্য কোনেও এৰাই চলিব নোৱাৰে। আৰু মৃত্যু জগতত প্ৰৱেশ কৰা সময় কাৰো হাতত নাথাকে। যাৰ প্ৰাণ আছে তেওঁ এদিন এই প্ৰাণ ত্যাগ কৰিবই।
বিশেষজ্ঞৰ মতে, আত্মাই শৰীৰ ত্যাগ কৰাৰ লগতে শৰীৰ অচেতন হৈ পৰে। আৰু শৰীৰ ত্যাগ কৰিয়ে কিছু ক্ষণৰ বাবে আত্মা অচেতন হৈ পৰে। পুনঃ কিছু মুহূৰ্ততে আত্মা সচেতন হৈ পৰি আৰু ভয় খাই উঠে। লগে লগে আত্মাই নিজৰ আত্মীয় আৰু প্ৰিয়জনক চিঞৰি চিঞৰি আকুল ব্যাকুল হৈ মাতিবলৈ আৰম্ভ কৰে যি কথা নশ্বৰ দেহৰ ওচৰত থকা লোকে নেদেখে নুশুনে। আত্মাই পুনঃ নশ্বৰ দেহত সোমাব প্ৰয়াস কৰে কিন্তু বাৰে বাৰে ব্যৰ্থ হয়। বহু প্ৰচেষ্টা কৰিও যেতিয়া সফল হ’ব নোৱাৰে তেতিয়া তেতিয়া হাৰ মানে আৰু বুজি উঠে যে তাৰ উভটি যোৱাৰ সময় হৈছে।
কোনো ব্যক্তিৰ শৰীৰৰ পৰা আত্মা পৃথক হৈ পৰিলে তাৎক্ষণিক ভাৱে আত্মাই বুজি নাপায় যে তেওঁ পৃথক হৈছে ; সেয়ে জীৱিত অৱস্থাত যি আচৰণ কৰে সেই আচৰণকে কৰি থাকে আত্মাই। আৰু প্ৰায় এক ঘণ্টা সময় আত্মা নশ্বৰ দেহৰ ওচৰে পাজৰে থাকে ; এই আত্মাই সকলোকে দেখি থাকে আৰু সকলোৰে কথা শুনি থাকে। এই চিৰসত্য মৃত্যুৰ দিনা , আত্মাই এক বিশেষ সময় পাৰ কৰিবলগীয়া হয় যি সময় অতি নিষ্ঠুৰ আৰু বেদনাদায়ক।
মানুহ এজন বিপদত পৰা মাত্ৰকে ভগৱানে কিয় সহায় নকৰে জানিবলৈ তলত ক্লিক কৰক
মানুহৰ বিপদ কিহৰ বাবে হয় জানেনে ? – মিছাইল মানৱ এ পি জে আব্দুল কালাম
অসমীয়া হিট কমেদি ভিডিঅ’ চাবলৈ তলত ক্লিক কৰক
So interesting