কিছুমান আচৰণ যদিহে আপুনি আজি নিজৰ মা দেউতাৰ সৈতে কৰে, আপোনাৰ সন্তানেও এদিন একে আচৰণ সমূহ আপোনাক কৰিব। যিমান কৰ্মব্যস্ততা নাথাকক বিয়লি ঘৰলৈ উভতি এবাৰ হলেও মা দেউতাৰ সৈতে কথা পাতিব, তেওঁলোকে আনন্দ পাব। ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ সময়ত তেওঁলোকক এবাৰ এষাৰ মাত লগাই যাব, তেওঁলোকে আপোনাৰ মঙ্গলৰ বাবে পাৰ্থনা কৰিব। মাজে মাজে তেওঁলোকৰ কিবা বিশেষ বস্তু খাবলৈ মন গৈছে নেকি সোধক তেওঁলোক আনন্দত আত্মহাৰা হৈ পৰিব।
নিয়মিতভাৱে তেওঁলোকৰ বেমাৰ আজাৰৰ খবৰ লওঁক আৰু চিকিৎসকৰ দ্বাৰা শৰীৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰক ; আৰু সেৱা শুশ্ৰূষা কৰিবলৈ অৱহেলা নকৰিব নহ’লে একে অৱহেলা আপোনাৰ সন্তানে আপোনাক কৰিব। বৃদ্ধ হ’লে , বয়স বাঢ়ি গলে মানুহৰ আচৰণ দ্বিতীয় শৈশৱলৈ গতি কৰে আৰু সেই আচৰণত অসহিষ্ণু আৰু ক্ষুব্ধ হ’ব নালাগে। এই সময়ত তেওঁলোকৰ সৈতে সহনশীল আৰু সহমৰ্মী হোৱা বাঞ্চনীয়, মতৰ অমিল হ’লেও তেওঁলোকৰ সৈতে তৰ্কত লিপ্ত হোৱা অনুচিত , বিপৰীতে তেওঁলোকৰ প্ৰত্যেক প্ৰশ্নৰ উত্তৰ বিনম্ৰভাবে দিয়া উচিত।
খোৱা টেবুলত তেওঁলোকৰ সৈতে মাজে প্ৰায়ে একেলগে বহাৰ অভ্যাস কৰক। তেওঁলোকৰ খাদ্য প্লেটখন প্ৰথমে আগবঢ়াই দিয়ক। ৰাতি প্ৰথমে তেওঁলোকৰ বিচনা লগাই দিয়ক আৰু তাৰ পিছত নিজে টোপনি যোৱা অভ্যাস সৃষ্টি কৰক। ঘৰখনৰ যিকোনো ডাঙৰ সিদ্ধান্ত লওঁতে মা দেউতাৰ পৰামৰ্শ প্ৰথম লওঁক আৰু আশীৰ্বাদ লবলৈ কেতিয়াও নাপাহৰিব।
মনত ৰাখিব আপোনাৰ ধ্যান ধাৰণা সমকালীন হলেও জীৱন আৰু জগত সম্পৰ্কে তেওঁলোকৰ বেছি জ্ঞান আছে কাৰণ তেওঁলোক অভিজ্ঞ আৰু পৰিপক্ক। ঘৰত যিকোনো অনুষ্ঠান পাতিলে তেওঁলোকক সংপৃক্ত কৰক , বৃদ্ধ হোৱা বুলি তেওঁলোকক এই সংসাৰৰ বোজা বুলি জ্ঞান নকৰিব।
মা আৰু আপোনাৰ অৱসৰপ্ৰাপ্ত দেউতাক অলপ হাত খৰছ দিয়া অভ্যাস গঢ়ি তোলক , সপ্তাহৰ ছুটিৰ দিনা কেতিয়াবা তেওঁলোকক ফুৰিবলৈ লৈ যোৱা অভ্যাস কৰক। মেলা, উৎসৱত তেওঁলোকক লগত লৈ যোৱা অভ্যাস গঢ়ি তোলক। পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ আলোচনাত তেওঁলোকৰ পৰামৰ্শক অগ্ৰাধিকাৰ দিয়ক, তেওঁলোকৰ পৰামৰ্শ গ্ৰহণযোগ্য নহ’লে তাৎক্ষণিক প্ৰতিক্ৰিয়া কেতিয়াও নকৰিব।
মা দেউতাই কিবা অন্যায় কাম, ভুল কাম কৰা দেখিলে ধুনীয়াকৈ বুজাই দি শুধৰণি হোৱাৰ সুযোগ অৱশ্যে দিয়ক, দাবী ধমকি নহয়। মানুহে জীৱনৰ শেষ সময় নিজৰ সন্তানৰ সৈতে কটাবলৈ খুব হাবিয়াস কৰে , সেয়ে তেওঁলোকক নিজৰ পৰা দূৰৈত নাৰাখিব। নাইবা তেওঁলোকক গৃহবন্দী বা গৃহকৰ্মী কৰিও নাৰাখিব কেতিয়াও। কাৰণ শিশু অৱস্থাত আপোনাক তেওঁলোকে যেনেকৈ লালন পালন কৰিছিল ঠিক তেনেকৈ বৃদ্ধ অৱস্থাত আপোনাৰ পৰা একে লালন পালন পোৱাটো তেওঁলোকৰ অধিকাৰ।
বোজা অনুভৱ কৰি তেওঁলোকক কেতিয়াও বৃদ্ধাশ্ৰমত ৰখাৰ পৰিকল্পনা নকৰিব ভুলতে। এনে কৰিলে বৃদ্ধ আৰু মৃত্যুপথযাত্ৰী মা দেউতাৰ হৃদয়ৰ অকাল মৃত্যু ঘটে। এনে কৰি কেতিয়াও মা দেউতাক অসন্মান নকৰিব। এওঁলোকৰ সন্মান জনক মৃত্যু কি জানে ? আপোনাৰ কোলাত মূৰ গুজি, আপোনাৰ হাতত ধৰি , প্ৰভুৰ নাম লৈ জীৱনৰ শেষ উশাহটি লোৱা।
প্ৰকৃতিয়ে কাকো নেৰে , এই কথা যিমানেই সত্য সিমানে সৰল। সেয়ে কোনোবাই যদি ভুল পথে বিচৰণ কৰিছে তেন্তে এতিয়াই ভাল পথত খোজ দিয়ক। এটি কথা মনত ৰাখিব যে পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু সম্পত্তি হৈছে মা দেউতাৰ ভালপোৱা , যাৰ বাবে নিস্বাৰ্থভাবে মা পিতাই আপোনাক মোক লালন পালন কৰিছিল সৰু কালত । নিজৰ সুখ, দুখ, কষ্ট, বেজাৰ নেউচি ১০০% ই উজাৰি দিছিল আপোনাক মোক মানুহ হিচাপে গঢ়ি তুলিবলৈ। পৃথিৱীৰ সকলো মা পিতা কুশলে থাকক।
মা পিতাৰ বাবে কি কাম কৰিলে সন্তান ভাগ্যশালী হয় জানিবলৈ তলত ক্লিক কৰক
Good post very very nice