কন্যা সন্তান জন্ম হ’লে পিতৃৰ আয়ুস বাঢ়ে !! – গৱেষণাত প্ৰকাশ ।

প্ৰতি বছৰে ৰাষ্ট্ৰসংঘৰ দেশ সমূহে ১১ অক্টোবৰ দিনা কন্যা দিৱস হিচাপে পালন কৰে যাক ছোৱালী  দিৱস বুলিও কোৱা হয়। তথাপিও আজিৰ দিনটো মহিলা গৰ্ভৱতী হ’লে ল’ৰা সন্তানৰ আশা কৰা দেখা যায় বহু পৰিয়ালতে। বাৰে বাৰে ছোৱালী সন্তান জন্ম দিয়া নাৰীয়ে শুনিব লগীয়া হয় নানান  কথা। সেয়ে আশা কৰোঁ যে সময় সলনি হোৱাৰ লগতে পৰিয়ালৰ লোকৰ মানসিকতাবোৰ সলনি হওঁক।

girl child is lucky for father

সন্তান হৈছে মা – পিতাৰ বাবে স্বৰ্গৰ দূত, সেয়া ল’ৰা হওঁক বা ছোৱালী। এটা শিশুৰ সকলো আচৰণত মা দেউতাৰ আনন্দ লাগে। নিজৰ শিশু সন্তানৰ লগত সময় কটাই আটাইতকৈ আনন্দ আৰু স্ফূৰ্তি লাভ কৰে মা দেউতাই আৰু শিশুটিৰ বাবে যিকোনো কাম আনন্দত কৰে মা দেউতাই। সন্তান অকণমান ডাঙৰ হোৱাৰ পিছতে প্ৰত্যক্ষ কৰিব ল’ৰা মাৰ ফালে আৰু ছোৱালী সন্তান দেউতাৰ ফালে বেছি আকৰ্ষিত হয়। ইয়াৰো ৰহস্য আছে কাৰণ কন্যা সন্তানে ভালদৰে বুজি পায় যে পৃথিৱীত একমাত্র এজন ব্যক্তি আছে যিজনে তেওঁক যিমান জটিল পৰিস্থিতি হলেও কেতিয়াও বিপদত নেৰে। লগতে কন্যা সন্তান জন্ম হ’লে পিতৃৰ আয়ুসত প্ৰভাৱ পৰে।

girl child is lucky for father

 

সম্প্ৰতি পোলাণ্ডৰ জাগিলোঁনিয়ান বিশ্ববিদ্যালয়ৰ এক গৱেষণাত প্রকাশ যে কন্যা সন্তানৰ জন্মৰ লগত পিতৃৰ আয়ুসৰ সমানুপাতিক সম্পৰ্ক আছে। অৰ্থাৎ কন্যা সন্তানৰ পিতৃৰ আয়ুস তুলনামূলক ভাবে বেছি হয়, তেওঁলোক অইন পুৰুষৰ তুলনাত বেছি দিন জীয়াই থাকে। গৱেষণাত প্ৰকাশ কৰা অনুসৰি প্ৰত্যেকজনী কন্যা সন্তান জন্ম হোৱাৰ বাবে পিতৃৰ ৭৪ সপ্তাহ আয়ুস বৃদ্ধি হয়। এই গৱেষণাৰ মূল উদ্দেশ্য আছিল সন্তান জন্মৰ পিছত পিতৃৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ পৰ্যবেক্ষণ। যাৰ বাবে ২১৬৩ জন পিতৃৰ ওপৰত চলাইছিল গৱেষণা। আৰু প্ৰকাশ যে ল’ৰা সন্তান জন্ম হ’লে পিতৃৰ আয়ুস ৰেখাত কোনো প্ৰভাৱ নপৰে।

পিতৃ মাতৃৰ বাবে মাত্ৰ এটি কাম কৰি ভাগ্যশালী হ’ব পাৰে ! কি কাম জানিবলৈ তলত ক্লিক কৰক

 

মা দেউতাৰ বাবে এই এটি কাম কৰি ভাগ্য সলনি কৰক !!

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *