লৰা ছোৱালী উভয়ৰে বিবাহ ৰেখা সোঁহাত খনত । আৰু যিসকলে লিখা পঢ়া কৰিবৰ কাৰণে বা কাম কৰিবৰ কাৰণে বাওঁ হাত ব্যৱহাৰ কৰে তেওঁলোকৰ বিবাহ ৰেখা বাওঁহাত খনত চাব লাগে। সৰু আঙুলিটো অৰ্থাৎ কেঞা আঙুলিৰ তলৰ যিখিনি ঠাই আছে সেইখিনি হৈছে বুদ্ধ পৰ্বত আৰু ইয়াৰ তলত থকা ৰেখা ডাল হৈছে হৃদয় ৰেখা । মূখ্য ৰূপত এই বুদ্ধ পৰ্বতত যিডাল ৰেখা থাকিব সেই ৰেখাই হৈছে বিবাহ ৰেখা।
বুদ্ধ পৰ্বত খন বাহিৰলৈ ওলোৱা হ’ব লাগে অৰ্থাৎ ধনুভেৰিয়া হ’লেহে শুভ বুলি কোৱা হয়। আৰু যদি বুদ্ধ পৰ্বতখন ভিতৰলৈ সোমোই যোৱা ধৰণৰ হয় বিবাহত যথেষ্ট বাধা আহিব পাৰে। এই বুদ্ধ পৰ্বতৰ স্থান ৫০ বছৰ বুলি কোৱা হয় । বিবাহ ৰেখা হৃদয় ৰেখাডালৰ যিমানেই ওচৰত থাকে সিমানেই বিবাহৰ সম্ভাৱনা বাঢ়ে।
যদি এই বিবাহ ৰেখা ডাল বুদ্ধ পৰ্বতৰ মাজত আছে তেন্তে ছোৱালী হওঁক বা লৰা ২৫ বছৰৰ আশে পাশে বিয়াৰ বয়স থাকে। যিমানেই হৃদয় ৰেখাৰ ওচৰত থাকিব সিমানেই বিয়া বাৰু হোৱাৰ বয়স সোনকাল হ’ব যিমানেই কেঞা আঙুলিৰ ওচৰলৈ বিবাহ ৰেখা গৈ থাকিব সিমানেই বিয়া হোৱাৰ বয়স বাঢ়ি গৈ থাকিব। এনেদৰেই আপুনি আপোনাৰ বিবাহৰ বয়স চাই লব পাৰে।
কেতিয়াবা কিছুমান লোকৰ হাতত এই বুদ্ধ পৰ্বতত এডালতকৈ বেছি ৰেখা থকা দেখা যায় । আপোনাৰ নিজৰ হাতটো এডালৰ বেছি এই ৰেখা দেখিবব পাৰে। তাৰ সংকেত বা অৰ্থ এইটো নহয় যে তেওঁৰ কেইবাখনো বিবাহ বা বহুবিবাহ হ’ব। বুদ্ধ পৰ্বতৰ ঠাই টুকুৰাত যিডাল ৰেখা সকলোতকৈ গভীৰ, ডাঠ আৰু দীঘলীয়া হ’ব সেইডালে হ’ব মূখ্য ৰূপত বিবাহ ৰেখা আৰু বাকী যি কেইডাল চুটি, পাতল ৰেখা থাকিব সেইসমূহ হৈছে প্ৰেমৰ চিহ্ন । আৰু এই ৰেখা কেইডালে ব্যক্তি বিশেষৰ প্ৰেম কিমান সফল হ’ব, কি সংঘাত আহিব ইত্যাদি বোৰ সূচাই ।
এই বিবাহ ৰেখা ডাল যিমানেই ডাঠ , স্পষ্ট আৰু চিধা হ’ব সিমানে জীৱন সংগী ভাল হয় আৰু বিয়াৰ পিছত বৈবাহিক জীৱন সিমানেই সৰল হয় বুলি মান্যতা দিয়া যায়। যিসকল লোকৰ বিবাহ ৰেখা ডাল হৃদয় ৰেখাৰ ভালে হাউলি থাকে সেই ব্যক্তি খুব সহজতে আনৰ প্ৰতি আকৰ্ষিত হোৱাৰ আশংকা থাকে আৰু এনে লোকৰ প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা বেছি । বিপৰীতে যি সকল লোকৰ বিবাহ ৰেখা ডাল কেঞা আঙুলিৰ ফালে যায় তেওঁলোকে বিবাহৰ প্ৰতি গুৰুত্ব নিদিয়ে। সাধু, সন্ন্যাসী লোকসকলৰ হাতত এনে বিবাহ ৰেখা প্ৰত্যক্ষ হয়।
যদি হৃদয় ৰেখাডাল ৰেখা ডাল শনি পৰ্বত আৰু গুৰু পৰ্বতৰ মাজত থাকে তেতিয়া হ’লে ঘৰৰ পৰা ঠিক কৰা বিবাহ অৰ্থাৎ Arrange marriage হোৱাৰ সম্ভাৱনা থাকে । আৰু যদি হৃদয় ৰেখা ডাল গুৰু পৰ্বতত শেষ হয় তেতিয়া হ’লে নিশ্চিত ভাৱে প্ৰেম বিবাহ হ’ব আৰু সফলো হ’ব।
আৰু যদি হৃদয় ৰেখা ডাল দুফাল হৈ শনি পৰ্বত আৰু গুৰু পৰ্বত উভয় ফালে যদিহে যায় তেতিয়া হ’লেও প্ৰেম বিবাহে হ’ব আৰু এই বিবাহ ভিন্ন জাতিৰ মাজত হ’ব পাৰে। আৰু কাৰোবাৰ দুয়োখন হাত একেলগ কৰিলে যদি দুয়োখন হাতৰ হৃদয় ৰেখাই অৰ্ধচন্দ্ৰ আকৃতি লয় তেতিয়া তেঁওৰ জীৱন সংগী জন বহুত ভাল হয় ।
এই জীৱন সংগী গৰাকী তেওঁৰ জীৱনত অহাৰ ফলত তেওঁৰ বহুত বেছি উন্নতি হয়। আৰু যদি বিবাহ ৰেখা ডাল দীঘল হৈ সূৰ্য্য পৰ্বতলৈ যায় তেনেহ’লে সেই ৰেখা থকা ব্যক্তিৰ জীৱনত যি সংগী আহিব সেই সংগী বহুত বেছি প্ৰভাৱ খালী হয়।
যদি বিবাহ ৰেখা খুব দীঘলীয়া হৈ সূৰ্য্য পৰ্বতলৈ গৈ পাই তেন্তে তেনে লোকৰ বিবাহ নাম আৰু যশস্যা থকা ব্যক্তিৰ সৈতে সম্পন্ন হয়। যদি বিবাহ ৰেখা ডাল প্ৰথমে দুফাল হৈ পিছত এডাল হৈ পৰা দেখে তেনেহলে তেওঁৰ বিবাহ বহু দূৰৰ জাতক বা জাতিকাৰ সৈতে হ’ব। যদিহে বিবাহ ৰেখাডাল পিছৰ ফালে তিনি বা চাৰি ভাগত ভাগ হৈ যায়, বিবাহ ৰেখাডালৰ মাজত খালি ঠাই থাকে, বিবাহ ৰেখাৰ মাজত এটা তিল থাকে সেই জাতক জাতিকাৰ বিবাহৰ ক্ষেত্ৰত আৰু বিবাহৰ পিছতো বহু সমস্যাৰ সৃষ্টি হয় ।
হাতত অৰ্ধচন্দ্ৰৰেখা থাকিলে কি হয় জানিবলৈ তলত ক্লিক কৰক
My Lover name tulumoni das