ভগৱান আছে বুলি সকলোৱে বিশ্বাস কৰে আৰু কৰোঁ আৰু এইটোও বিশ্বাস আছে যে ভগৱানে সকলো জীৱ জন্তুক সমানে মৰম কৰে ; ঠিক একেদৰে সকলো মানুহক তেওঁ সমান চকুৰে চাই। কিন্তু তথাপিও বহু মানুহৰ জীৱনত বহু সমস্যা , বহু বিপদ কিয় আহে ? ভগৱানে, আল্লাহে বা ঈশ্বৰে মানুহ বিপদত পৰা মাত্ৰকে কিয় সহায় নকৰে ? মানুহক বিপদলৈ ঠেলি দিয়ে কিয় জানেনে ?
এই সংক্রান্তত মিছাইল মানৱ এ পি জে আব্দুল কালাম চাৰে দি যোৱা এক বিজ্ঞান সন্মত মতামত খুব লেখত লবলগীয়া। তেখেতে কৈছিল যদিহে মানুহ ভয়ংকৰ বিপদৰো সন্মুখীন হয়, তেতিয়াও তেওঁ ভগৱানৰ ওপৰতে গভীৰতকৈ গভীৰতম বিশ্বাস ৰাখিব লাগে ; কাৰণ মানুহৰ বিপদত দুটি কাম ভগৱানে কৰে ১) হয় তেওঁ ধৰিব যদি পৰি গৈছে নাইবা ২) তেওঁ আপোনাক শিকাব কেনেকৈ উৰিব লাগে। আৰু এইটো বিশ্বাস সকলো জটিলতা আৰু সকলো বিপদৰ সময়তে ধৰি ৰাখিব লাগে। কাৰণ ভগৱানে মানুহক বিপদ আৰু জটিলতালৈ ঠেলি দি শিকিবলৈ সুযোগ দিয়ে, নিজকে উন্নত কৰিবলৈ সাহসৰ যোগান ধৰে।
যদি কাৰোবাৰ সপোন আৰু লক্ষ্যবোৰ ভাগি ছিঙি টুকুৰা টুকুৰী হৈ গৈছে তেন্তে সেই ধ্বংস হৈ যোৱা টুকুৰা বোৰত আকৌ এটি সোণালী সুযোগ বিচাৰিব লাগে কিজানি ভগৱানে তাতেই ৰখাই থৈছে সফলতা সমূহ।
ঈশ্বৰ হৈছে আমাৰ সৃষ্টিকৰ্তা যি লুকাই থাকে আমাৰ মনত, ব্যক্তিত্বত, আত্মাত, অনুভূতিত আৰু অনুভৱ বোৰত আৰু তেওঁ হৈছে সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বশক্তিমান ; তেওঁৰ প্ৰতি মানুহে কৰা প্ৰাৰ্থনা বোৰে মানুহক শক্তিশালী কৰে আৰু মানুহক সাহস যোগাই। যদি মানুহে আনৰ ভালৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰে তেন্তে তেওঁ নিজৰ বাবে আৰু বেলেগকৈ প্ৰাৰ্থনা নকৰিলেও হয়। কিন্তু এটা কথা ঈশ্বৰে সেইজন লোককে সহায় কৰে যিজনে কষ্ট আৰু ত্যাগ স্বীকাৰ কৰে। সেয়ে কালাম চাৰে কৈছিল যে যি মানুহে ভগৱানৰ ওপৰত বিশ্বাস ৰাখে আৰু প্ৰাৰ্থনা কৰে আৰু নিজৰ কৰ্মত পৰিশ্ৰম কৰে তেওঁ অসাধ্য কামো সিদ্ধ কৰিব পাৰে বহু বিপদটো ভগৱানৰ সহায় লাভ কৰে। যি কথা গৌতম বুদ্ধই বহু আগতে কৈ গৈছে ।
এজন ভদ্ৰলোকৰ কি কি গুণ থাকে জানিবলৈ তলত ক্লিক কৰক