অত্যাধিক চিন্তাই জীৱন কোঙা কৰে IQ কমজোৰ কৰি পেলাই :-
কেতিয়াবা আপোনাৰ জীৱনত এনেকুৱা দিন আহিছে নেকি যে আপুনি ঘৰৰ চুকত বহি গোটেই দিন চিন্তা কৰি কৰি কটাই দিছে ? যদি দেখা যায় এনে দিন বহুজনৰ ক্ষেত্ৰত এবাৰ নহয় বহুবাৰ আহিছে। কিন্তু এই আকাশ পাতাল চিন্তা কৰাৰ পিছত কিবা লাভ পাইছে জানো ? চিন্তাই আপোনাক কিবা ভাল কৰি দিব পাৰিছে জানো ? বিপৰীতে এই অতিৰিক্ত দুঃচিন্তাই আপোনাৰ সাধাৰণ চিন্তা কৰাৰ ক্ষমতা নাইকিয়া কৰি পেলাব। সেয়ে কোৱা হয় বেছি চিন্তাই মানুহৰ সৃজনশীলতা নষ্ট কৰি পেলাই।
মনত ৰাখিব এজন বেছি চিন্তা কৰা ব্যাক্তিৰ IQ লেভেল ( Intelligent quotient ) বুদ্ধিমত্তা সাধাৰণ চিন্তা কৰা মানুহতকৈ কম। বেছি চিন্তাই মগজুৰ সৃষ্টিশীলতা নষ্ট কৰি পেলাই আৰু ভিতৰে ভিতৰে মানুহৰ মানসিক শান্তি নাইকিয়া কৰি পেলাই। যিকোনো বিষয় বস্তুক লৈ যদি বেছি আবেগিক ভাবে চিন্তা কৰা যায় তেতিয়াই মানুহৰ মগজুত ভ্ৰান্তি (Confusion) আহে আৰু তেতিয়াই সৰু কাম আৰু সৰু বিষয় সমাধান কৰিবলৈ অসমৰ্থ হয়। আপুনি যি কামে নকৰক বা ছাত্রই হওঁক বেছি চিন্তাই আপোনাৰ মগজুৰ বুদ্ধিমত্তাক দুৰ্বল কৰি পেলাব আৰু মগজুৰ কোষ সমূহৰ বিকাশ হ্ৰাস কৰিব।
এটা উদাহৰণত সহজতে বুজি পোৱা যাব কেনেকৈ দুচিন্তাই বা অত্যাধিক চিন্তাই মানুহৰ মগজুৰ শক্তিক দুৰ্বল কৰি পেলাই। এসময়ত এগৰাকী পৃথিৱী বিখ্যাত যাদুকৰ আছিল আৰু তেওঁৰ ক্ষেত্ৰত এটা আচৰিত কথা আছিল যে তেওঁ সকলো তলা কোনো চাবি নোহোৱাকৈ খুলিব পাৰিছিল। সেই সময়ত পৃথিৱীত কোনো তলা সৃষ্টি হোৱা নাছিল যে তেওঁ চাবি নোহোৱাকৈ খুলিব নোৱাৰিছিল। তেওঁ প্ৰত্যাহ্বান দিছিল যে তেওঁক যদি জেলৰ ভিতৰত সোমাই দি তলা মাৰি ভৰাই থোৱা হয় এঘণ্টা ভিতৰত ওলাই আহিব পাৰে বুলি আৰু তেওঁ এই কামকৰি দেখুৱাই সফলো হৈছিল বহুবাৰ। আৰু এই কাম তেওঁ সমাধা কৰিছিল তেওঁৰ পেন্টৰ বেল্টত গোপনে সোমাই ৰখোৱা এটি ষ্টীলৰ পিনৰ দ্বাৰা ; কোনো যাদুৰ দ্বাৰা নহয়। আৰু এনেতে তেওঁৰ দেশৰ আটাইতকৈ ডাঙৰ জেলৰ পৰা তেওঁলৈ আমন্ত্ৰণ আহিল । আমন্ত্ৰণ ৰক্ষা কৰি সময়ত হাজিৰ হৈছিল যাদুকৰ। জেলৰ সন্মুখত অজস্ৰ জনতাই ভিৰ কৰিছিল তেওঁৰ যাদু চাবলৈকে।
সময় আৰম্ভ হোৱাৰ আগতে জেইলৰে ঘোষণা কৰিছিল যে যাদুকৰৰ বাবে তেওঁলোকে নিৰ্মান কৰি উলিয়াইছে এক অত্যাধুনিক তলা আৰু যদি খুলিব পাৰে তেন্তে যাদুকৰক দিয়া হ’ব অধিক অর্থৰ পুৰস্কাৰ কিন্তু তলা খোলাটো অসম্ভৱ বুলিও কবলৈ পাহৰা নাছিল জেইলৰে। জেইলৰৰ মুখৰ পৰা এইখিনি শুনাৰ পিছত যাদুকৰৰ অকণ হলেও আত্মবিশ্বাস কমি গৈছিল যদিও তেওঁ খুলিব পাৰিম বুলিয়ে ভাবি আছিল। আৰু সময় আৰম্ভণিৰ লগে লগে যাদুকৰে বেল্টৰ ভিতৰত লুকাই ৰখা পিন গোপনে উলিয়াই তলা খোলাৰ চেষ্টাত লাগি গৈছিল কিন্তু সময় এঘণ্টা উকলি গৈছিল তলা খোলা নগৈছিল, দুঘন্টা , আঢ়ৈ ঘন্টা গৈছিল কিন্তু তলা খুলিব নোৱাৰিলে যাদুকৰে আৰু পৰাজয় বৰণ কৰিছিল। আৰু খঙত তেওঁ জেলৰ দৰ্জাখনত গুৰিয়াই দিলে আৰু লগে লগে দৰ্জা এখন খুলি গৈছিল ; অৰ্থাৎ দৰ্জাখনত তলাতো এনেই লগাই থোৱা হৈছিল যদিও তলা বন্ধ কৰা হোৱা নাছিল। আৰু এই কাম ইচ্ছা কৰিয়ে কৰিছিল জেইলৰে কাৰণ তলা বন্ধ কৰি থোৱা হেতেন যাদুকৰে তাক খুলিব পৰিলেহেঁতেন কিন্তু বন্ধ নকৰা তলা কেনেকৈ খুলিব পাৰিব। লগতে জেইলৰে প্ৰথমে কোৱা কথাষাৰে বিভ্ৰান্ত কৰিছিল যাদুকৰক যে তলাতো অত্যাধুনিক প্ৰযুক্তিৰে তৈয়াৰী আৰু কাৰো বাবেই ইয়াক খুলাটো অসম্ভৱ । লগতে সেই কথাই যাদুকৰক অত্যাধিক চিন্তিত কৰি ৰাখিছিল। সেই অত্যাধিক চিন্তাৰ বাবেই তেওঁ প্ৰথম বাৰৰ বাবে অসফল হৈছিল সেইদিনাখন।
বিজ্ঞানী সকলৰ গৱেষণা অনুসৰি মানুহৰ মগজুত প্ৰায় ৭০০০০ চিন্তা আহে তাৰ ৯৫ % চিন্তাৰ কোনো মূল্য নাথাকে। আমি মানুহে এনে কিছু সমস্যা লৈ চিন্তিত হওঁ যিবোৰ কোনো সমস্যাই নহয়। জীৱনত বহুবাৰ এনেও হয় যে কিছুমান সমস্যাৰ সমাধান অতি সহজ কিন্তু আমি বেছি চিন্তা কৰি তাক জটিল কৰো। সেয়ে এই জীৱন পৰিক্ৰমাত বেছি চিন্তা নকৰি নিজৰ কাম গতানুগতিক ভাবে কৰি গৈ থাকিব লাগে।
এই দুচিন্তা দূৰ কৰিবলৈ নিজক অলপ সলনি কৰিব লাগিবই। আমি মানুহে ভাবো যে যেতিয়া নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম তেতিয়া সকলো স্বাভাৱিক হব। কিন্তু সেয়া সঁচা নহয়, জীৱনত যি পালোঁ তাতেই সন্তুষ্ট থাকিবলৈ নিজক প্ৰস্তুত কৰিব লাগিব আৰু তাৰ বাবে পৰিহাৰ কৰিব লাগিব নিজৰ লোভ আৰু অহংকাৰ। লগতে বৰ্তমানত জীয়াই থাকিব শিকিব লাগিব নহলে সুন্দৰ জীৱনক চিন্তাই কোঙা কৰি পেলাব। আৰু অত্যাধিক চিন্তাৰ পৰা দূৰৈত থাকিলেহে জীৱন সুখৰ হৈ পৰিব।