এই ৪ টি কাৰণত মানুহ ধনী হব নোৱাৰে !! ( 4 Reasons of people not being able to be rich !!)
দুখীয়া ঘৰত দুখীয়া হৈ জন্ম লোৱা কোনো পাপ নহয় ; কিন্তু যদি ব্যক্তিবিশেষ দুখীয়া হৈয়ে গোটেই জীৱন শেষ কৰিছে তেন্তে সেয়া তেওঁৰ অপৰাধ। মানুহৰ ভৱিষ্যত কেনে হ’ব সেয়া নিৰ্ভৰ কৰে তেওঁৰ অভ্যাসৰ ওপৰত। জীৱন কালত সফল আৰু অসফল ব্যক্তি সকলৰ অভ্যাসবোৰ পৃথক। সেয়ে কোৱা হয় মানুহৰ কিছুমান বেয়া অভ্যাসৰ বাবে মানুহ নিজৰ জীবনত সফল হ’ব নোৱাৰে। আৰু ভাল অভ্যাসে সফলতা আনে। এনে চাৰিটা অভ্যাস আছে যি কেইটা যদি কাৰোবাৰ গাত আছে তেন্তে তেওঁ কেতিয়াও সফল হ’ব নোৱাৰে ধনী হ’ব নোৱাৰে। এই অভ্যাস সমূহ হৈছে :-
১) নিজৰ আয়তকৈ ব্যায় কৰা (Having more expenses than income) ।
এই পৃথিৱীত বহু লোক আছে যিয়ে নিজৰ আয় যিমান তাতোকৈ বেছি খৰছ কৰে। উদাহৰণ স্বৰূপে মানুহ জনৰ দৰমহা ত্ৰিশ হাজাৰ কিন্তু মোবাইল ফোন ক্ৰয় কৰে পঞ্চাশ হজাৰত; বাইক চলাই ডেৰ লাখ টকাৰ তেওঁলোকৰ সপোন মাত্ৰ নতুন গাড়ী কিনা নতুন নতুন মনৰ চখ পূৰণ কৰা আদিতে সীমাবদ্ধ থাকে। তেওঁলোকে বেলেগৰ পৰা ঋণ লৈ হলেও নিজকে আনৰ আগত ধনী আৰু চহকী দেখুৱাই আত্মতৃপ্তি লাভ কৰে কিন্তু নিজকে ধনী কৰি তুলিবৰ যত্ন নকৰে।
মনত ৰখা উচিত ধনী দেখুৱা আৰু ধনী হোৱাৰ আকাশ পাতাল প্ৰভেদ আছে। এজন প্ৰকৃত ধনী লোকে কেতিয়াও দৈনিক নতুন নতুন চখ পূৰণ কৰাৰ কথা ভাবি নাথাকে; তেওঁলোকৰ লক্ষ্য থাকে তেওঁলোকৰ কামৰ প্ৰতি কাৰণ তেওঁলোকে ভাবে যে যদি তেওঁ নিজকে ভাল আৰু লাভজনক কামত নিয়োজিত কৰি ৰাখিব পাৰে তেন্তে তেওঁ তেওঁৰ সকলো চখ সহজতে পূৰণ কৰিব পাৰিব। সেয়ে কোৱা হয় মিছাতে ধনী দেখুৱাই থাকিলে মানুহ ধনী হ’ব নোৱাৰে।
২) আয় বঢ়াবলৈ যত্ন নকৰাকৈ সঞ্চয় কৰাত যাৰ আগ্ৰহ বেছি তেওঁ ধনী হব নোৱাৰে ( Having more effort to save without any effort to enhance income) ।
এইটো ভুল নুবুজিব যে সঞ্চয় কৰিব নালাগে; লাগে সঞ্চয় কৰিব কিন্তু মনত ৰাখিব এই পৃথিৱীত টকা সঞ্চয় কৰি কোনো ধনী হ’ব পৰা নাই, মানুহ ধনী হৈছে বিনিয়োগৰ দ্বাৰা। সঞ্চয় কৰিব লাগে বিপদ আপদৰ বাবেহে; ধনী হম বুলি নহয়। আমাৰ দেশত এনে লোকৰ অভাৱ নাই যিয়ে বজাৰলৈ গৈ ২৫ টকা কেজিৰ আলু কিনোতে বেপাৰীৰ সৈতে বহু দৰদাম কৰি ২৩ টকাত কিনি ২ টকা লাভ কৰি বহু স্ফূৰ্তি লাভ কৰে যাৰ বাবে কিন্তু তেওঁ ১০ মিনিট সময় বেছি অপব্যয় কৰে; এইটোৰ পৰা বুজিব পাৰি যে তেওঁৰ এই ১০ মিনিট সময়ৰ মূল্য হৈছে ২ টকা। অন লাইনত ৯৫০ টকাৰ কিবা বস্তু কিনোতে ৫০ টকা কমাবলৈ ১ ঘন্টা সময় অনলাইনত সময় নষ্ট কৰা ব্যক্তিৰো অভাৱ নাই এই দুনীয়াত। এই শ্ৰেণীৰ লোকে সময়ৰ মূল্য নুবুজে; নাজানে আয় বঢ়োৱাৰ উপায় আৰু এই শ্ৰেণীৰ লোক সদায় দুখীয়া হৈ থাকে।
৩) নিজৰ নিৰ্দিষ্ট আয়ৰ ওপৰতে সন্তুষ্ট হৈ ৰোৱা লোক ধনী হ’ব নোৱাৰে ( To satisfy with fixed income) ।
মানুহে এক নিদিষ্ট দৰমহা লাভ কৰে তেওঁৰ এক নিদিষ্ট সময় শ্ৰম কৰাৰ ফলত কিন্তু ধনী হ’বলৈ হ’লে আপুনি হয় এক ব্যৱসায়ী হব লাগিব নহয় এক ভাল বিনিয়োগকাৰী আৰু নহ’লে নিজৰ যি বৃত্তি আছে তাতেই নিজকে পাৰ্গত কৰি তুলিব পাৰিব লাগিব।
৪) নিজৰ সুবিধাজনক স্থানত অৱস্থান কৰা লোক কেতিয়াও ধনী হ’ব নোৱাৰে ( To stay in comfortable zone always)।
ধনী হ’বলৈ হ’লে কিছু প্ৰত্যাহ্বান লব লাগিবই। নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে সদায় নিজৰ সুবিধাজনক স্থানত অৱস্থান কৰে কিন্তু যিবোৰ লোকে ধনী হোৱাৰ সপোন দেখে তেওঁলোকৰ চিন্তা ধাৰা সম্পূৰ্ণ বিপৰীত হয়; তেওঁলোকে নিজৰ সীমাবদ্ধতাৰ বাহিৰত চিন্তা কৰে তেওঁলোকে বিনিয়োগ কৰিবলৈ ভয় নকৰে।
উদাহৰণ স্বৰূপে জিও স্বত্বাধিকাৰী আম্বানীয়ে জিওক প্ৰতিষ্ঠা কৰিবলৈ প্ৰথমে আঢ়ৈ লাখ কৌটি টকা বিনিয়োগ কৰিছিল; নতুন গ্ৰাহকক এবছৰৰ বাবে বিনামূলীয়া সেৱা দিয়াৰ নামতো বিনিয়োগ কৰিছিল ধন, যি আছিল এক ডাঙৰ প্ৰত্যাহ্বান; তেওঁলোকৰ প্ৰত্যাহ্বান আছিল এয়াৰচেল, এয়াৰটেল, টাটা ইণ্ডিকম, বি এছ এন এল, ভদাফোন, আদি প্ৰতিষ্ঠিত কোম্পেনী। আৰু অকণমান ভুল হৈ গলে হয়তো সকলো বিনিয়োগ পানীত ডুবি গলহেতেন। শেহত কিন্তু জিওই সফল হৈ পৰিল। কিন্তু মধ্যবিত্ত শ্ৰেণীৰ লোকে নিজৰ দহ লাখ টকা চেভিং একাউণ্টত থকাৰ পিছতো এক লাখ শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিবলৈ ভয় খায়।
Good advice.