তিনি শ্ৰেণীৰ নাৰীৰ পৰা দুৰৈত থাকিব !!

এই তিনি নাৰীৰ পৰা সাৱধান থাকিব !! চাণক্য নীতি।( Always avoid these three woman- ACARYA CANAKYA)

  আচাৰ্য চাণক্যৰ কথা বহুজনেই কম বেছি পৰিমাণে জানে; তেওঁক ভাৰতবৰ্ষৰ ইতিহাসত এজন সৰ্বকালৰ বিদ্যান লোক হিচাপেও মান্যতা দিয়া হয়। মানুহৰ জীৱন সুন্দৰ, সফল কৰি তুলিবৰ বাবে চাণক্যই দি যোৱা উপদেশ সমূহ আজি পৰ্যন্ত ১০০% শুদ্ধ বুলি গণ্য কৰা হয়। আচাৰ্য চাণক্যৰ বিভিন্ন নীতিৰ ভিতৰত নাৰী আৰু পুৰুষৰ সম্পৰ্ক আৰু বিচাৰ ভিত্তিক নীতি সমূহ খুব গুৰুত্বপূৰ্ণ। যি নাৰী পুৰুষে চাণক্যৰ নীতি সমূহ নিজৰ জীৱনত প্ৰয়োগ কৰে আৰু মানি চলে তেওঁলোকৰ জীৱনত কেতিয়াও দুখ কষ্ট নাহে আৰু আপোনজনৰ সৈতে সম্পৰ্ক বিচ্ছেদ নহয়।

avoid three types of woman always

  আচাৰ্য চাণক্যই এটা কথা অনুধাৱন কৰিব পাৰিছিল যে মানুহে তেতিয়াই বহু বেছি কষ্ট অনুভৱ কৰে যেতিয়াই তেওঁ প্ৰেমৰ সম্পৰ্কত প্ৰতাৰিত। আচাৰ্য চাণক্যই এনে কিছুমান কথা কৈ গৈছে যি কথাৰ দ্বাৰা পুৰুষ এজনে চলনাময়ী নাৰীৰ প্ৰতাৰণাৰ পৰা দূৰৈত থাকিব পাৰিব। কিন্তু বৰ্তমান সময়ত এই নীতি অকল পুৰুষৰ বাবেই কাৰ্যকৰী বুলি কলে নহ’ব নাৰীৰ বাবেও সমানে কাৰ্য্যকৰী। কাৰণ প্ৰতাৰণা অকল নাৰীয়ে নকৰে পুৰুষেও কৰে; সকলো লৰাৰ স্বভাৱ যেনেকৈ একে নহয় ঠিক তেনেকৈ সকলো নাৰীৰ স্বভাৱ ভিন্ন। তেওঁৰ এই তিনি নীতি হৈছে :-

  ১) সৌন্দৰ্য্যৰে কাৰো সততা আৰু গুণ বিচাৰ কৰিব নোৱাৰি।

AVOID THIS WOMAN THOUGH SHE IS BEUTIFUL

  আচাৰ্য চাণক্যই সেই সমূহ পুৰুষক সাৱধান কৰি গৈছে যি পুৰুষে নাৰীৰ সৌন্দৰ্য্য দেখিয়ে সকলো পাহৰি পেলাই, নিজৰ বুদ্ধি আৰু বিবেকক প্ৰশ্ন নকৰাকৈ সৌন্দৰ্য্যময়ী নাৰীৰ সতে প্ৰেমৰ সম্পৰ্ক কৰে আৰু বিবাহত আবদ্ধ হয় তেনে পুৰুষ ভৱিষ্যতে প্ৰতাৰিত হোৱাৰ আশংকা থাকে। অৰ্থাৎ অকল বাহ্যিক সৌন্দৰ্য্য থাকিলেই সকলো নাৰীৰ গুণ, সততা আৰু সংস্কাৰ নাথাকিবও পাৰে আৰু সেয়াই যদি হয় তেন্তে তেনে নাৰীয়ে পুৰুষক সুখত ৰাখিব নোৱাৰিব বৰং দুখ কষ্টহে দিব ।

  ২) বেয়া চৰিত্ৰৰ নাৰী আৰু পুৰুষৰ পৰা দূৰত্ব বজাই ৰখা ভাল।

AVOID THREE TYPES OF WOMAN ALWAYS TO BE SAFE YOURSELF

  চাণক্যৰ মতে হাজাৰ গুণ সৌন্দৰ্যৰ অধিকাৰী হলেও কোনো নাৰী বা পুৰুষৰ সতে বিবাহপাশত আবদ্ধ হোৱা অনুচিত যদিহে তেওঁৰ চৰিত্ৰ ভাল নহয়; বিপৰীতে অতি সুন্দৰ বা সুন্দৰী নহ’লেও তেনে পুৰুষ বা নাৰীৰ সৈতে বিবাহত বহিব লাগে যাৰ চৰিত্ৰ কাচৰ দৰে স্বচ্ছ। কিয়নো বেয়া চৰিত্ৰৰ লোকে কেতিয়াও আপোনাক সুখী নাৰাখে এদিন নহয় এদিন প্ৰতাৰণা কৰিবই আনকি আপোনাৰ সৈতে সম্পৰ্কত থকাৰ সময়তো আনৰ সান্নিধ্য বিচাৰিব। সেয়ে মনত ৰাখিব নীচ মানসিকতা আৰু নীচ চৰিত্ৰৰ লোকৰ সৈতে সম্পৰ্কত থকাতকৈ অকলে থকা বহু বেছি উত্তম।

  ৩) যিসকল নাৰী আৰু পুৰুষে আপোনাৰ সম্পত্তিৰ লোভত বন্দী হৈ আপোনাক ভাল পায় বা আপোনাৰ সৈতে সম্পৰ্ক কৰে তেনে লোকৰ পৰা দূৰৈত থাকিব।

 চাণক্যৰ মতে  যি নাৰী বা পুৰুষে অৰ্থৰ লোভত আপোনাৰ সৈতে সম্পৰ্ক কৰে এদিন যেতিয়া আপোনাৰ অৰ্থ বা টকা পইচাৰ অভাৱ হ’ব সিদিনা আপুনি তেওঁৰ ভোগ বিলাস চাহিদা পূৰণ কৰিবলৈ অসমৰ্থ হৈ পৰিব; সিদিনাৰ পৰা কিন্তু তেওঁ আপোনাক এৰাই চলিবলৈ ধৰিব আৰু প্ৰয়োজনত আপোনাৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিব। তেনে লোকৰ পৰা দূৰৈত থাকিব

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *