ৰাজমাহ কেচাই বা আধা সিজাকৈ কিয় খাব নালাগে ? ৰাজমাহৰ স্বাস্থ্যগুণ সমূহ কি ?

 

HEALTH BENEFITS OF RED KIDNEY BEAN

   ৰাজমাহ ভাৰতকে ধৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তত খাদ্য হিচাপে গ্ৰহণ কৰা হয়। ই সোৱাদত উৎকৃষ্ট হোৱাৰ লগতে স্বাস্থ্য উপকাৰী। ৰাজমাহত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট, আঁহ, আইৰণ, ফছফৰাছ, মেগনেছিয়াম, ছডিয়াম আৰু স্বাস্থ্যৰ বাবে অত্যাৱশ্যকীয় বহুতো পুষ্টিকৰ উপাদান থাকে।

১০০ গ্ৰাম এই ৰাজমাহৰ পোষক আৰু পৰিপুষ্টি দ্ৰব্য সমূহ হৈছে:- ১) কেলৰি :- ১২৭; ২) পানী :- ৬৭% ; ৩) প্ৰটিন :- ৮.৭ গ্ৰাম ; ৪) কাৰ্বহ্যড্ৰেট :- ২২.৮ গ্ৰাম ; ৫) চেনী :- ০.৩ গ্ৰাম ; ৬) ফাইবাৰ :- ৬.৪ গ্ৰাম ; ৭) চৰ্বি :- ০.৫ গ্ৰাম।

তাৰোপৰি এই ৰাজমাহত কেবা প্ৰকাৰৰ খনিজ লৱন যেনে মলিবদেনাম, আইৰন, কঁপাৰ, মেনগানিছ, পতাচিয়াম পোৱা যায়। এই মাহত থকা ভিটামিন সমূহ হৈছে ভিটামিন B9 যাক ফলিক এচিড বুলি কোৱা হয়, ভিটামিন K, ভিটামিন E যথেষ্ট পৰিমাণে থাকে। এই ৰাজমাহত কিছুমান উদ্ভিদজাত জৈৱ সক্ৰিয় মিশ্ৰণ পোৱা যায় সেইবোৰ হৈছে :- আইছোঁফ্লেভন নামৰ এবিধ এন্তিঅক্সিডেন্ট আৰু আন এবিধ এন্ঠচায়েনিন। অইন তিনিবিধ দেহৰ বাবে অপকাৰী প্ৰটিন ফাইটোহেমগ্লুটিনিন, ফাইটিক এচিড আৰু ষ্টাৰছ ব্লকাৰ । এই তিনি বিধ দ্ৰব্যৰ বিষাক্ত গুণ কিন্তু সিজোৱাৰ পিছত নাইকিয়া হৈ পৰে। সেয়ে কেঁচাই এই মাহ খোৱা অপকাৰী।

ৰাজমাহৰ স্বাস্থ্যগুণ সমূহ হৈছে :-

KIDNEY BEAN PROTECT HEART IF EATEN DAILY

১) ওজন হ্ৰাস কৰাৰ বাবে ৰাজমাহ উপিকাৰী।

  স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে যিসকল লোকে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকৰ বাবে ৰাজমাহ এটা ভাল বিকল্প। ৰাজমাহ হৈছে উচ্চ প্ৰটিন আৰু ফাইবাৰ সমৃদ্ধিশালী খাদ্য যাৰ ফলত কাৰ্বহ্যড্ৰেটৰ বিপাক আৰু শোষণ লেহেমীয়া হয়। এই পৰিঘটনাৰ বাবে ভোক দেৰিকৈ লাগে আৰু ওজন কমাবলৈ সহায়ক হৈ পৰে । গৱেষণা অনুসৰি ৰাজমাহ যেতিয়া ভাতৰ সৈতে খোৱা হয় ভাতখিনিও এক সম্পূৰ্ণ প্ৰ’টিনৰ উৎস হৈ পৰে। সেয়ে খোৱাৰ পিছত দীঘলীয়া সময়ৰ বাবে পেট ভৰ্তি হৈ থাকে আৰু দীঘলীয়া সময়ৰ বাবে ভোক নালাগে।

২) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় ৰাজমাহ সেৱন কৰিলে।

  ৰাজমাহত এণ্টিঅক্সিডেণ্ট আৰু প্ৰদাহ-প্ৰতিৰোধী উপাদান থাকে যিয়ে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। লগতে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে।

৩) নিৰামিষ ভোজী লোকৰ বাবে ৰাজমাহ হৈছে প্ৰটিনৰ এক উত্তম বিকল্প।

 যিয়ে নিৰামিষ আহাৰ খাই ভাল পাই তেওঁলোকৰ প্ৰ’টিনৰ অভাৱ পূৰণ কৰাৰ বাবে ৰাজমাহ হৈছে বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প। ইয়াৰ নিয়মীয়া গ্ৰহণৰ ফলত শৰীৰত প্ৰ’টিনৰ অভাৱ দূৰ হয়।

৪) মগজুৰ বাবে উপকাৰী ৰাজমাহ।

  ৰাজমাহ খোৱাটো মগজুৰ বাবে বহু লাভজনক। ইয়াত পৰ্যাপ্ত ভিটামিন K থাকে ; যি স্নায়ুতন্ত্ৰৰ বাবে অতিকৈ উপকাৰী। ৰাজমাহ ভিটামিন E আৰু ভিটামিন B9 ৰ এক ভাল উৎস; যি মস্তিষ্কৰ কোষৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ।

৫) ৰাজমাহ সেৱনে হজম শক্তি উন্নত কৰে।
 

ৰাজমাহত যথেষ্ট পৰিমাণৰ আঁহ বা ফাইবাৰ থাকে। যি হজম প্ৰক্ৰিয়াক সঠিকভাৱে চলাই নিয়াত সহায় কৰে।

৬) মধুমেহ ৰোগীৰ বাবে উপকাৰী ৰাজমাহ সেৱন কৰা।

  প্ৰ’টিন আৰু ফাইবাৰ বা আঁহ সমৃদ্ধ ৰাজমাহে ৰক্ত শৰ্কৰাৰ স্তৰ সঠিক পৰিমাণত ৰখাত সহায় কৰে। ৰাজমাহ সেৱনৰ পিছত ৰক্ত শৰ্কৰাৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি নহয়; সেয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থাকে।

৭) কলেষ্টেৰল নিয়ন্ত্ৰণ হয় ৰাজমাহ সেৱন কৰিলে।

 ৰাজমাহ যথেষ্ট মেগনেছিয়াম সমৃদ্ধ ; এই ৰাজমাহ সেৱনৰ দ্বাৰা কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পাৰি। ৰাজমাহ সেৱন কৰিলে দেহত ভাল কলেষ্টেৰল (অসংক্ৰিপ্ট চৰ্বী) তৈয়াৰ হয়। ফলতে হৃদৰোগৰ পৰা দূৰৈত থাকিব পাৰি।

৮) কলন কেঞ্চাৰ প্ৰতিৰোধ হয় ৰাজমাহ সেৱনৰ দ্বাৰা।

  ৰাজমাহত যথেষ্ট ফাইবাৰ আৰু কেঞ্চাৰ প্রতিৰোধী দ্ৰব্য থাকে; ইয়াত পোৱা ষ্টাৰছ ব্লকাৰ আৰু আলফা গেলেক্টচাইড খিনি ৰাজমাহ খোৱাৰ পিছত হজম নহয় আৰু এইখিনি চিধা কলনলৈ গতি কৰে, কলনত এই দ্ৰৱ্য খিনি বেক্টেৰিয়াৰ প্ৰভাৱত এবিধ দ্ৰব্য বিওতাৰেট নামৰ  পদাৰ্থলৈ ৰূপান্তৰ হয় যিয়ে কলনৰ কোষসমূহক মজবুতি প্ৰদান কৰে আৰু কলন কেঞ্চাৰ প্ৰতিহত কৰিব পাৰে।

RED KIDNEY BEAN CAN PREVENT COLON CANCER

কেঁচা ৰাজমাহৰ বিষক্ৰিয়া :-

 কেচা ৰাজমাহত উচ্চ পৰিমানে এবিধ বিষাক্ত প্ৰটিন ফাইটোহেমগ্লুটিনিন থাকে যি মানুহ আৰু জীৱ জন্তুৰ বাবে হানিকৰ হয়। কেঁচা ৰাজমাহ খোৱাৰ ফলত ডায়েৰীয়া, বমি আৰু পেটৰ বিষ হৈ চিকিৎসালয়ত ভৰ্তি হব লগীয়া ঘটনাও পৰিলক্ষিত হয়।
সেয়ে ৰাজমাহ প্ৰথমে ৫ ঘণ্টা তিয়াই থৈ তাৰ পিছত ধুই পিছত কমেও ১০০ ডিগ্ৰী চেন্টিগ্ৰেড উষ্ণতাত কমেও ১০ মিনিট সিজাই খালে বিষক্ৰিয়াৰ পৰা বাচিব পাৰি।

ৰাজমাহত থকা অপোষক দ্ৰব্য :-

  ৰাজমাহত তিনিবিধ অপোষক দ্ৰব্য পোৱা যায় :-
১) ফাইটিক এচিড – ফলতে বেছিকৈ ৰাজমাহ সেৱন কৰিলে অন্ত্ৰত আইৰন আৰু জিংকৰ শোষণ বাধাপ্ৰাপ্ত হব পাৰে।

২) প্ৰতিয়েজ ইনহিবিতৰ :- এই দ্ৰব্য বিধ থকাৰ বাবে বিভিন্ন উৎসেচকৰ ক্ৰিয়া বাধাপ্ৰাপ্ত হয় ফলতে প্ৰটিনৰ বিয়োজন লেহেমীয়া হৈ পৰে যদিহে বেছিকৈ ৰাজমাহ সেৱন কৰা হয়।

৩) ষ্টাৰছ ব্লকাৰ – এইবিধ হৈছে এবিধ এমাইলেজ প্রতিৰোধী যিয়ে কাৰ্বহ্যড্ৰেট পাচন আৰু শোষণ লেহেমীয়া কৰে।

ৰাজমাহ খোৱাৰ সঠিক সময়ঃ-

বিশেষকৈ ৰাতি ৰাজমাহ সেৱন কৰাটো অনুচিত। দুপৰীয়াৰ আহাৰত বা ৰাতিপুৱা সদায় ৰাজমাহ খাব পাৰে। ৰাতি ইয়াক সেৱন নকৰাৰ কাৰণ হৈছে ৰাজমাহ হজম কৰিবলৈ অধিক সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *