প্ৰকৃত ভালপোৱাৰ ১২ টা লক্ষণ ! প্ৰকৃত প্ৰেমৰ চিহ্নবিলাক কি ? প্ৰেমে কি বিচাৰে ? স্বৰ্গীয় প্ৰেম কাৰ হয় ?
প্ৰকৃত ভালপোৱা, স্বৰ্গীয় প্ৰেম কি সহজতে বুজিবলৈ বা আনক বুজাবলৈ বৰ কঠিন কিয়নো এই ভালপোৱা নিৰ্ভৰ কৰে আবেগ, অনুভৱ, অনুভূতি, আকাংক্ষা আৰু ভাব প্ৰৱণতাৰ ওপৰত। প্ৰকৃত ভালপোৱা এটা সম্বন্ধৰ আৰম্ভণিতে যে অনুভৱ হয় সেয়া নহয়। যেতিয়া কোনো এজনে কাৰোবাৰ সৈতে কথা বতৰা পাতিবলৈ আৰম্ভ কৰে, ইজনে সিজনক সাক্ষাৎ কৰা আৰম্ভ কৰি মুগ্ধ হৈ পৰে তাকেই ভালপোৱা বুলি নকয়; যেতিয়া কোনোবাই কাৰোবাক ব্যাকুল হৈ প্ৰতীক্ষা কৰে অপেক্ষা কৰে, সম্পূৰ্ণৰূপে কাৰোবাৰ প্ৰতি আবেগিক হৈ পৰে সেইটোৱেই হৈছে ভালপোৱাৰ প্ৰথম অনুভৱ।
প্ৰকৃত ভালপোৱা এনে এটি বস্তু যিটো মানুহৰ যুক্তি আচৰণৰ লগত কেতিয়াও নিমিলে; প্ৰকৃত ভালপোৱা অন্তৰৰ পৰা হৃদয়ৰ পৰা স্বতঃস্ফূৰ্ত ভাবে ওলাই আহে নিঃস্বাৰ্থভাবে আৰু যত বিন্দুমাত্ৰাও অভিনয় জড়িত হৈ নাথাকে। প্ৰকৃত ভালপোৱাত ইজনে সিজনৰ পৰা কেতিয়াবা দুখ পালেও ভালপোৱা বিচ্ছেদ নহয়। প্ৰকৃত ভালপোৱাই মানুহক শ্ৰেষ্ঠ গুণী কৰি তুলিব পাৰে। প্ৰকৃত ভালপোৱা গঢ়ি উঠিবলৈ সময়ৰ প্ৰয়োজন হয়। আৰম্ভণিতে যি এটা সম্বন্ধ গঢ়ি উঠে সেয়া ইজনৰ সিজনৰ প্ৰতি এক আকৰ্ষণহে মাত্ৰ। প্ৰকৃত ভালপোৱাৰ লক্ষণ সমূহ হৈছে :-
১) প্ৰকৃত প্ৰেম সদায় স্বাৰ্থবিহীন হয় :- কাৰোবাৰ সৈতে প্ৰকৃত ভালপোৱা গঢ় লৈ উঠিলে ইজনে সিজনৰ সৈতে কোনো স্বাৰ্থ নাৰাখে; বিনা স্বাৰ্থত ইজনে সিজনৰ বাবে সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত থাকে। ইজনে সিজনৰ পৰা একো আশা নকৰি মাত্ৰ দি যোৱাৰ মানস কৰে ।
২) সহনশিলতা :- সঁচা প্ৰকৃত প্ৰেমৰ এটি সুন্দৰ আৰু গুৰুত্বপূৰ্ণ কথা। কেতিয়াবা ইজনে সিজনৰ ওচৰত ভুল কৰিব পাৰে, অজানিতে তাৰ ফলশ্ৰুতিত কাজিয়া পেছাল হ’ব পাৰে কাৰণ এইবোৰ মজনুহৰ সহজাত প্ৰবৃত্তি। আৰু মগজু ঠাণ্ডা হোৱাৰ পিছত ইজনে সিজনক আকৌ কোনো চৰ্ত নোহোৱাকৈ ক্ষমা কৰি দিয়াৰ প্ৰৱণতাও সিমানে ৰাখে; কিয়নো ইজনে সিজনক যে কোনো পধ্যেই এৰি চলিব নোৱাৰে। যি প্ৰেমৰ সম্পৰ্কত বহু আউল লাগি গলেও ইজনে সিজনক এৰি নাযায় বা প্ৰেম বিচ্ছেদ কৰিব নোৱাৰে সেয়াই প্ৰকৃত ভালপোৱা।
৩) পৰস্পৰে পৰস্পৰক প্ৰাধান্য দিয়া :- দুজনৰ অনুভৱ, অনুভূতি বোৰ যেতিয়া এক হৈ পৰে সেয়াই প্ৰকৃত ভালপোৱা আৰু তেতিয়াই ইজনে সিজনৰ সৰু সৰু মান, অভিমান বোৰকো প্ৰাধান্য দিব। এনে সম্পৰ্কই ইজনে সিজনক উৎসাহ দিয়ে; দিয়ে অসম্ভৱবোৰকো সম্ভৱ কৰি তুলিব পৰা অফুৰন্ত উদ্দম আৰু সাহস।
৪) অবিচ্ছেদ্য অংগ :- প্ৰকৃত ভালপোৱাত ইজনে সিজনক এৰি চলিব নোৱাৰে; ইজনে সিজনৰ সংগী মনে প্ৰাণে কামনা কৰে; ইজনে সিজনৰ সৈতে কটোৱা সময়ত আনন্দ পায়; ইজনে সিজনক লগ নোপোৱা এটি মুহূৰ্ত এটি বছৰ সদৃশ হৈ পৰে।
৫) সঁচা প্ৰেমত কোনো গোপন আৰু ব্যক্তিগত কথা নাথাকে :- প্ৰকৃত প্ৰেমত ইজনে সিজনক কোনো কথায়ে, কোনো বিষয় গোপন ৰাখিব নোৱাৰে। মনৰ মানুহজন বা মানুহজনীৰ আগত যিকোনো কথা খুলি কব পাৰিলেহে মনত শান্তি আহে।
৬) সঁচা প্ৰেমত কেতিয়াও প্ৰতিশ্ৰুতি ভংগ নহয় :- প্ৰতিশ্ৰুতি ভংগ হোৱা মানে বিশ্বাস ভাঙি যোৱা সেয়ে হয়তো সঁচা প্ৰেমত ইজনে সিজনক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সদায় যত্নপৰ হয় আৰু নোৱাৰা কামক আগতেই নোৱাৰো বুলি জনাই দিয়ে প্ৰতিশ্ৰুতি ভংগ হোৱাৰ ভয়ত।
৭) ইজনে সিজনক লৈ গৰ্বিত হোৱা:- সঁচা প্ৰেমিক প্ৰেমিকাই সদায় ইজনে আনজনৰ সৈতে সন্তুষ্ট থাকে আৰু নিজকে গৌৰৱ অনুভৱ কৰে। কিয়নো ইজনে সিজনৰ কামত উৎসাহ দিয়ে, সদায় কাষতে থাকে আৰু সকলো কামতে সহযোগিতা কৰে। ইজনৰ সফলতাত আনজনে উল্লাসিত হয়, গর্ববোধ কৰে। নিজে নোৱাৰিলেও যদি আনজনে সফল হৈছে তাতেই নিজে সফলতা পোৱাৰ দৰে আনন্দ বোধ কৰে।
৮) নিজকে সলনি কৰিব পাৰে:- কাৰোবাৰ সৈতে এক প্ৰকৃত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিলে ইজনে সিজনক উৎসাহিত কৰে; ফলত নিজৰ নিজৰ বেয়া আচৰণ বেয়া গুণবোৰৰ পৰা আঁতৰি থাকিবলৈ সক্ষম হয়।
৯) ইজনে সিজনৰ প্ৰতি যত্নপৰ হয়। ইজনে সিজনৰ প্ৰতি আন্তৰিকতা বজাই সকলো কামতে আগবাঢ়ে। ইজনৰ দুখ, বেদনা, চকুলো আদি আনজনে অনুভৱ কৰে আৰু সমানে ভগাই লয়।
১০) ত্যাগ :- এটি সঁচা সম্পৰ্কত থকা উভয়ে সম্পৰ্কটো ৰক্ষা কৰিবলৈ যিমান লাগে সিমান ত্যাগ কৰিবলৈ প্ৰস্তুত থাকে; যতদূৰ যাব লাগে ততদুৰ যাবলৈ ভয় নকৰে। মাত্ৰ উদ্দেশ্য এটাই যাতে ইজনে সিজনকলৈ সন্তুষ্ট থাকিব লাগে।
১১) আত্মসমৰ্পণ :- প্ৰকৃত প্ৰেমত ইজনে সিজনৰ ওচৰত আত্মসমৰ্পণ কৰে । এই আত্মসমৰ্পণ কথাৰ নহয়; হয় ইজনে সিজনৰ আত্মাৰ সৈতে, মনৰ আৰু মগজুৰ সৈতে।
আৰু পঢ়ক :- ডায়েবেটিচ কেনেকৈ সহজতে নিয়ন্ত্ৰণ কৰিব
পঢ়িবলৈ ক্লিক কৰক :- https://kamalpurexpress.com/2021/11/01/diabetis-control/