জীৱনত সফলতা পাবলৈ ৪ টা টিপছ্ !! অভ্যাসে মানুহৰ জীৱন সলনি কৰিব পাৰে!!
সকলোৱে নিজৰ জীৱন আৰু ভৱিষ্যতত সফলতা অৰ্জন কৰিব বিচৰাটো এটি সহজাত প্ৰবৃত্তি। কিন্ত বহুজনেই সফলতাৰ মুখ নেদেখে আৰু বহুজন লোকে সফলতা পায়। সফল হ’ব নোৱাৰা কেইজনে দোষ দিয়ে ভাগ্যক। কিন্তু কৰ্মত যদিহে সাধনা আৰু একাগ্ৰতা নাথাকে তেন্তে ভাগ্যই কত সফলতা দিব। ডঃ এ পি জে আব্দুল কালাম আজাদে কৈছিল যে মানুহে মানুহৰ ভৱিষ্যত কেতিয়াও সলনি কৰিব নোৱাৰে; মানুহে মানুহৰ অভ্যাস বোৰ সলনি কৰিব পাৰে আৰু এই সলনি হোৱা অভ্যাস বোৰৰ ফলতে মানুহ জীৱন আৰু ভবিষ্যত সলনি হৈ যায়। পৃথিৱীত কোনো ব্যক্তি নাই যিয়ে কৰ্ম, সাধনা, লক্ষ্য আৰু একাগ্ৰতা নোহোৱাকৈ জীৱনত সফল হৈছে। সেয়ে সফল আৰু কৃতকাৰ্য হবলৈ হ’লে মানুহে নিজৰ মাজত গঢ়ি তুলিব লাগিব কিছুমান ভাল অভ্যাস। কিয়নো মানুহৰ যি কামত অভ্যাস থাকে সেই কাম মানুহে বাৰে বাৰে কৰে বা কৰি ভাল পাই। এই অভ্যাস সমূহ হৈছে:-
১) সময় অপচয় নকৰিব:- এষাৰ কথা আছে সময়ৰ শৰ সময়ত মাৰিব লাগে; সেয়ে সময়ক মূল্য দিবলৈ শিকক আৰু কেতিয়াও সময় অপচয় নকৰিব। কিয়নো এই জীবনত সময় বহুত কম; অপ্ৰয়োজনীয় অদৰকাৰী কামত সময় কটোৱা অনুচিত। পৃথিৱীৰ বিখ্যাত বিখ্যাত সফল ব্যক্তি সকলৰ জীৱন বুৰঞ্জীৰ বিষয়ে জানিলে আচৰিত হ’ব লাগিব ; উদাহৰণ স্বৰূপে ফেচবুক আৱিষ্কাৰক মাৰ্ক জোকাৰবাৰ্গে যি ঠাইতে নাযায় সদায় একে নিচিনা কাপোৰ পিন্ধি যায় আনকি বুটাম লগাব লগা চোলাও তেওঁ নিপিন্ধে; ইয়াৰ ৰহস্য হৈছে তেওঁ এইবোৰত সময় নষ্ট কৰিব বৰ টান পায়।
এই বিষয়ত প্ৰশ্ন কৰোঁতে তেওঁ কৈছিল যে তেওঁৰ হাতত ইমান টকা আছে যে তেওঁ আমেৰিকাৰ বহু নামি দামী কাপোৰৰ কোম্পেনী কিনি আনি ঘৰতে পাতি লব পাৰে কিন্ত তেওঁৰ হাতত ইমান সময় নাই এইবোৰ কৰি থকিবলৈ সেয়ে তেওঁ একে নিচিনা কিছু কাপোৰ কানি কিনি থৈছে যিসমূহ পিন্ধাৰ সময়তো বেছি সময় নালাগে আৰু পচন্দ কৰোতেও সময় অপচয় নহয়। যদিহে তেওঁ কাপোৰ পিন্ধোতেই সময় নষ্ট কৰিব লগা হয় তেন্তে তেওঁৰ কৌটি কৌটি ফ’লোৱাৰ সমূহক সময় কেনেকৈ দিব। বহু বিজ্ঞানীয়ে নিজৰ জীৱন কালত দাঢ়ি কটোৱা নাছিল সময় অপব্যয় হোৱাৰ ভয়ত। সময় এনে এটি বস্তু যি পাৰ হৈ গলে আৰু ঘূৰি নাহে; আপোনাৰ হাতত জিৰণি লবলৈ বহু সময় থাকিলেও সময়ৰ হাতত আপোনাক দিবলৈ সময় নাথাকে। সেয়ে এটা এটা দিনৰ, এটা এটা ঘণ্টাৰ, এটি এটি বছৰৰ পৰিকল্পনা কৰি সময়ৰ সতে আগবাঢ়ি গলে মানুহ কৃতকাৰ্য নোহোৱাৰ কোনো কিন্তু নাথাকে।
২) শিকাৰ অভ্যাস আৰু আগ্ৰহ :- জীৱনত সফল হবলৈ শিকাৰ আগ্ৰহ আৰু মনোযোগ এটি অতি প্ৰয়োজনীয় অভ্যাস। কোৱা হয় যিমানে শিকিব সিমানে জ্ঞান আৰু বুদ্ধিমত্তা বাঢ়িব। পৃথিৱীৰ সকলো সফল আৰু বিখ্যাত ব্যক্তিসকলে সদায় নতুন নতুন বিষয় আৰু কৌশল শিকাৰ আগ্ৰহ থকা বুলি আপুনি হয়তো শুনিছে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিনিয়োগকাৰী বিল গেটছৰ এতিয়া বয়স হৈছে ৬৪ বছৰ আৰু এই বয়সতো তেওঁ দিনৰ ৫ ঘন্টা কিতাপ পঢ়াৰ অভ্যাস ৰাখিছে কিবা নতুন এটি শিকাৰ আশাত।
তেওঁ সপ্তাহত এখন নতুন কিতাপ পঢ়ে। শিকাৰ কোনো সময় নাই, বয়স নাথাকে কিয়নো গোটেই জীৱনটোয়ে হৈছে এখন পাঠশালা। এই বিখ্যাত বিখ্যাত ব্যক্তিসকলৰ মতে যেতিয়াই মানুহে শিকিবলৈ এৰি দিব তেতিয়া তেওঁ মাত্ৰ এটি জীৱন্ত মৃতদেহত পৰিণত হব। সেয়ে ডঃ আব্দুল কালাম আজাদ, বিল গেটছ, স্বামী বিবেকানন্দ, ৱাৰেন বাফেৰ আদি লোকৰ মতে জীৱনত শিকাৰ শেষ নাই। ৱাৰেন বাফেৰে এতিয় প্ৰায় ৮৮ বছৰ বয়সতো দৈনিক ৪-৫ ঘণ্টা কিতাপ পঢ়াৰ অভ্যাস ৰাখিছে। ডঃ আব্দুল কালাম চাৰে কৈছিল ” শিক্ষাই আৰু শিকাই মানুহৰ সৃষ্টিশীলতা বঢ়াই”। ইয়াৰ অৰ্থ এনেকুৱা যে যিমানে শিকা যায় সিমানে জ্ঞান পোৱা যায় আৰু এই জ্ঞান কৰ্মত লগালে নিশ্চিত ভাবে কৰ্ম সফল হবই। সেয়ে কিতাপ পঢ়ি হওক, সামাজিক মাধ্যমৰ পৰাই হওক, জ্ঞানীজনৰ পৰাই হওক সদায় নতুন নতুন কথা শিকি থাকক।
৩) নিজৰ সৈতে সদায় কথা কোৱা :- দৈনন্দিন কমেও পাছ, দহ মিনিট হলেও নিজৰ সৈতে কথা পতা, নিজকে প্ৰশ্ন কৰা এটি গুৰুত্বপূৰ্ণ অভ্যাস। দৈনন্দিন আপোনাৰ কৰি যোৱা কাম কাজ আদি, আপোনাৰ ব্যৰ্থতা খিনি, আপুনি কৰি পেলোৱা ভুলটিৰ প্ৰশ্ন আপুনি নিজেই নিজকে কৰক। যদিহে প্ৰশ্ন সমূহৰ উত্তৰ আপুনি নিজে নিজকে দিব পাৰিছে, ভুল খিনি কত হৈ গৈছে বা ব্যৰ্থতাখিনি কিয় হৈছে বুজিব পাৰিছে তেন্তে কাইলৈৰ পৰা কেনেকৈ আগবাঢ়িব লাগিব তাৰ সমাধান সূত্ৰ নিশ্চিতভাবে সহজতে পাই যাব। যি মানুহে নিজৰ সতে ডাঙৰ কৈ কথা পাতে নিজৰ সতে হাঁহে তেনে লোকক অইন লোকে পাগল বুলি কব পাৰে কিন্ত বিপৰীতে তেওঁৰ বুদ্ধিমান আৰু জ্ঞান দিনে প্ৰতিদিনে বাঢ়ি গৈ থাকিব। আৰু জ্ঞানী আৰু বুদ্ধিমান লোকেই জীৱনত সফলতা পাই।
৪) কৰ্ম বেছিকৈ কথা কমকৈ :- সদায় লক্ষ্য ঠিৰাং কৰি আপুনি যি কৰিছে বা কৰিবলৈ গৈ আছে তাক একান্ত মনে আত্মবিশ্বাস আৰু সাধনাৰে কৰি যাওঁক গোপনে , মানুহক কৈ ফুৰাৰ প্ৰয়োজন নাই। আৰু যেতিয়া আপোনাৰ লক্ষ্য উদ্দেশ্যৰ সফল ৰূপায়ন হ’ব মানুহে নিজেই গম পাব আপোনাৰ সফলতাৰ কথা। কিয়নো আনক কৈ ফুৰিলে আপোনাৰ কামত বহুতে অদৰকাৰী দিহা পৰামৰ্শ দিয়া আৰম্ভ কৰিব বা সমালোচনা কৰি আপোনাক নিৰুৎসাহি কৰি তুলিব। অসমীয়াত কথা এষাৰ আছে বোলে “বাটত নাঙল নাসাজিব”। নহ’লে ইফালৰ পৰা ইজন আহি সেইফালৰ পৰা সিজনে আহি দিহা দিয়াৰ ফলত আপোনাৰ মূল্যৱান কাঠ টুকুৰা এডাল মাৰিত পৰিণত কৰিব।
READ MORE :- How to control diabetes easily
Excellent…… Advice