মা দেউতাৰ বাবে এটি কাম কৰিলে ভাগ্য সলনি হয় আৰু সকলো কামতে উন্নতি হয় !!
মা দেউতা আৰু বৃদ্ধ মানুহৰ সেৱা শুশ্ৰূষা কৰাৰ দৰে পৃথিৱীত পূণ্যৰ কাম নাই। জানি ল’ব প্ৰত্যেক মানুহৰ বাবে মা দেউতা হৈছে জীৱন্ত ভগৱান আৰু নেদেখাজন ইয়াৰ ওপৰত । সেয়ে নেদেখাজন ভগৱান, ঈশ্বৰ, আল্লাহক পাৰ্থনা কৰাৰ দৰে মা দেউতাক সেৱা শুশ্ৰূষা কৰিও বহু পূণ্য অৰ্জন কৰিব পাৰি। মা দেউতাক পূজা আৰধনা কৰিব নালাগে মাত্ৰ দিব লাগে অকণমান মৰম আৰু এই মৰমত মা দেউতাই সন্তানৰ ওপৰত সন্তুষ্ট হৈ অন্তৰৰ পৰা যি আশীৰ্বাদ দিয়ে তাৰ পৰাই ব্যক্তি বিশেষৰ ভাগ্য জখলা সলনি হয়। যিসকল লোকৰ মা – দেউতা নাই ; যিসকলে মা দেউতাক সেৱা শুশ্ৰূষা কৰাৰ সুযোগ নাপালে জানিব তেওঁ বহু পূণ্যৰ পৰা বঞ্চিত হ’ল ! সেয়ে তেনে লোকে এই অভাৱ দূৰ কৰিবলৈ যিকোনো বৃদ্ধ মানুহক নিজৰ মা দেউতা সমতুল্য গণ্য কৰি সেৱা শুশ্ৰূষা হলেও কৰিব লাগে ।
এনে কৰিলে পূণ্য ফল নিশ্চয় পাব আৰু সেই পূণ্যৰ পৰাই তেওঁৰো ভাগ্য জখলা সলনি হ’ব । নিজৰ মাক দেউতাকক বৃদ্ধ অৱস্থাত অৱমাননা কৰা আৰু মূৰ্খৰ পৃথিৱীত বাস কৰা একেই। মা দেউতাক অৱহেলা কৰাজনৰ বহু অৰ্থ সাম্ৰাজ্য থাকিব পাৰে কিন্তু তেওঁৰ জীৱনত কেতিয়াও কোনো দিন আন্তৰিক শান্তি নাথাকে।
আচাৰ্য চাণক্যই মানুহৰ জীৱনৰ বহু সত্যতাৰ বিষয়ে বহু আগতেই কৈ গৈছে যাক অনুসৰণ কৰি মানুহে জীৱনৰ বহু জটিল যুদ্ধত জয়ী হ’ব পাৰে। তেওঁ কৈছিল “জীৱনত কেতিয়াও দুজন ব্যক্তিক আঙুলি নেদেখুৱাব আৰু নিজৰ জিভাখনৰ অপপ্ৰয়োগ নকৰিব অৰ্থত বেয়া বাক্যবান নকৰিব ন’হলে মহাপাপে চুব”। আৰু সেই দুই ব্যক্তি হৈছে মা আৰু পিতা।
আচাৰ্যৰ এই কথাৰ অৰ্থ এই যে আপুনি যেতিয়া নিজৰ জিভাৰ ব্যৱহাৰ কৰে অর্থাৎ কথা কয় সদায় মনত ৰাখিব লাগিব আপুনি কাৰ লগত আৰু কি কব গৈ আছে। কাৰণ জিভাখন বহু বেছি শক্তিশালী; আৰু নভবা নিচিন্তাকৈয়ে কিছু কথা কৈ দিয়াৰ ফলতে মানুহ নিজেই অনুতপ্ত আৰু লজ্জিত হবলগীয়া হয় সুদুৰ ভবিষ্যতেও । কিয়নো এবাৰ এৰা বাক্যবান কেতিয়াও ঘূৰাই আনিব নোৱাৰি যেনেদৰে বন্দুকৰ গুলি এবাৰ ওলালে ঘূৰি নাহে। হয়, আপুনি ভুল কোৱাৰ বাবে ক্ষমাভিক্ষা নিশ্চিতভাৱে কৰিব যদিহে আপুনি অনুতপ্ত হয় ; কিন্তু ইংৰাজীত এটি কথা আছে Sorry can’t make a dead man alive বুলিও। বহু ক্ষেত্ৰত এই বাক্যবান আৰু আঙুলি মা দেউতাৰ ফালে যায় । যেতিয়াই সন্তানৰ খং উঠে তেতিয়া বৃদ্ধ মা দেউতাক খং কৰে , আঙুলিয়াই তৰ্জন গৰ্জন কৰে , ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে, বৃদ্ধাশ্ৰমত এৰি আহে জন্ম দিয়া মা দেউতাক; যাৰ ফলত মা দেউতাই অন্তৰত বহু আঘাত পায় শোকত ভাগি পৰে ; তথাপিও মা দেউতাই সন্তানক অভিশাপ নিদিয়ে তেওলোকৰ গৰ্ভস্থ সন্তান বুলি ; কাৰণ মা দেউতাই খাব শুব নাপালেও সন্তানৰ প্ৰয়োজন পুৰণ কৰে।
সেয়ে আচাৰ্য চাণক্যৰ মতে মানুহে এনে কৰিবলৈ ভয় কৰা উচিত এনে আচৰণ কৰা লোকক মহাপাপে খেদি ফুৰে। মা দেউতা হৈছে প্ৰথম শিক্ষক যিয়ে সন্তানক জিভাৰ ব্যৱহাৰ শিকাই অৰ্থাৎ কথা কবলৈ শিকাই সেয়ে কেতিয়াও মা দেউতাক নিজৰ জিভাৰ বেয়া ব্যৱহাৰ দেখুৱাব নালাগে নহ’লে তেওঁৰ বৃদ্ধাৱস্থাৰ দশাও একেই হ’ব।