these foods should not heat again and again after cooking which can be harmful for health

এবাৰ বনোৱা খাদ্য কিমান বাৰ গৰম কৰিব পাৰি ?? কি কি খাদ্য বাৰে বাৰে গৰম কৰি খোৱা ক্ষতিকাৰক ??

these foods should not heat again and again after cooking which can be harmful for health

  কিছুমান খাদ্য দ্বিতীয়বাৰ গৰম কৰা মানেই বিপদজক যদিহে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰা নাই। খাদ্য প্ৰস্তুত কৰাৰ পিছত ৰৈ যোৱা খিনি পিছৰ সাজত গৰম কৰি খোৱা বহুতৰে অভ্যাস আছে। আনকি বাৰে বাৰে খাদ্য প্ৰস্তুত কৰাৰ সময়ৰ অভাৱ আৰু এলাহৰ বাবেও  এবাৰতে দিনটোৰ খাদ্য বনাই লৈ পুনঃ গৰম কৰি কৰি খোৱা অভ্যাস ও দেখা যায় বহুজনৰ মাজত। এই অভ্যাস সাধাৰণতে পৰিয়ালৰ পৰা দূৰৈত অকলশৰে থকা লোক সকলৰ মাজত বেছিকৈ পৰিলক্ষিত হয়।

খাদ্য প্ৰস্তুত কৰি লগে লগে খোৱা অভ্যাস উত্তম। কিন্তু যদি এবাৰতে খাদ্য বনাই দিনটোৰ পিছৰ সাজ কেইটিত খাম বুলি ভাবিছে তেন্তে খাদ্য বস্তু প্ৰস্তুত হোৱাৰ পিছত ভালদৰে ঠাণ্ডা হবলৈ দি তাক ফ্ৰীজৰ ভিতৰত ২ ডিগ্ৰী ৰ ৫ ডিগ্ৰী চেন্টিগ্ৰেড উষ্ণতাত ৰাখিব লাগিব। আৰু যেতিয়াই প্ৰয়োজন উলিয়াই লৈ কমেও ৭৫ ডিগ্ৰী চেন্টিগ্ৰেড উষ্ণতালৈ গৰম কৰিলেহে খোৱাৰ বাবে উপযোগী হৈ উঠিব। এনে সাৱধানতা অৱলম্বন কৰি একেখিনি খাদ্য দুবাৰ তিনিবাৰ গৰম কৰিলেও বিশেষ স্বাস্থ্যৰ ক্ষতি নহব। আৰু এই সাৱধানতা সকলো প্ৰকাৰৰ খাদ্যৰ বাবে প্ৰযোজ্য। NHS ৰ বিধি মতে এনেদৰে সংৰক্ষণ কৰি খাদ্য দুদিন মাত্ৰ খাব পাৰি ।

কিন্তু যদিহে খাদ্য বস্তু ফ্ৰীজৰ বাহিৰত কোঠালি উষ্ণতাত ৰাখিছে তেন্তে কিছুমান খাদ্য পুনঃ গৰম কৰি খোৱাটো স্বাস্থ্যৰ বাবে হানিকাৰক হব পাৰে। এনে ১০ প্ৰকাৰৰ খাদ্য হৈছে:-

১) ভাত :- চাউল সিজোৱাৰ পিছত ভাত হয় আৰু কিছু সময়ৰ ভিতৰতে ভাতত বেছিলাছ চিৰিয়াছ বেক্টেৰিয়াৰ সংক্ৰমণ আৰম্ভ হয়। এই বেক্টেৰিয়াই ভাতত সোনকালেই স্প’ৰ বঢ়াই তোলে। যিবোৰ স্প’ৰ বিষাক্ত আৰু ই অতি উষ্ণতা সহিব পাৰে। ৰন্ধা ভাত পুনৰ গৰম কৰিলে এই বেক্টেৰিয়া সংখ্যাত দুগুণ হৈ গৈ ডায়েৰিয়া পর্যন্ত হ’ব পাৰে। সেয়ে ভাত প্ৰস্তুত কৰি কোঠাৰ উষ্ণতাত নাৰাখি লগে লগে খোৱা উত্তম।

Rice should be preapared and eat fresh and should not heat again and again after cooking

কিন্তু যদিহে ভাত খিনি মাইক্ৰ’ৱেভৰ ভিতৰত ৰাখিছে তেন্তে ভালদৰে গৰম কৰি খালেও কোনো ক্ষতি নহয় বুলি বিশেষজ্ঞই মত পোষণ কৰিছে।

কণী :- FDA ৰ পৰামৰ্শ অনুসৰি ৰন্ধা কণী আৰু কণীৰে প্ৰস্তুত কৰা খাদ্য ভুলতেও পিছত খাবলৈ কোঠাৰ উষ্ণতাত ৰাখিব নালাগে। তাৰোপৰি এই খাদ্য যদি দ্বিতীয়বাৰ গৰম কৰা হয় তেতিয়াহ’লে ইয়াৰ পুষ্টিগুণ নষ্ট হোৱাৰ উপৰিও ক্ষতিকাৰক বেক্টেৰিয়া চালমনেলা জমা হৈ পৰিব। এইবোৰ বেকটেৰিয়া পেটৰ বাবে খুবেই ক্ষতিকৰ হোৱাৰ উপৰিও টাইফদ জ্বৰ হয়।

ইয়াৰ উপৰিও কণী দ্বিতীয়বাৰ গৰম কৰিলে ইয়াত থকা নাইট্রোজেন খিনি অক্সিডাইজড হৈ গৈ কেন্সাৰ ৰোগৰ সম্ভাৱনা বঢ়াব।

সেয়ে পুষ্টিবিদ সকলৰ মতে কণী ৰান্ধি বা ভাজি যেনেদৰেই নাখালেও দ্বিতীয়বাৰ গৰম কৰি খোৱাটো ক্ষতিকাৰক।

Egg should not be heated again after cooking once otherwise protien content will be lost

মুৰ্গীৰ মাংস :- মুৰ্গীৰ মাংস বাৰম্বাৰ গৰম কৰি খোৱা উচিত নহয় । কাৰণ মুৰ্গীৰ মাংসত প্রচুৰ পৰিমাণে প্রোটিন থাকে।

Heating cooked chicken again and again is harmful for healthএবাৰ প্ৰস্তুত কৰাৰ পিছত পুনৰ সেয়া গৰম কৰিলে প্রটিনৰ গঠন সলনি হৈ পৰিব তাৰ পৰা বদহজম হ’ব পাৰে।

আলুৰ তৰকাৰী :- পুষ্টিগুণত ভৰপূৰ এই খাদ্যবিধ যদি বাৰে বাৰে গৰম কৰা হয় তেতিয়া ইয়াত থকা উপাদান সমূহে কর্মক্ষমতা হেৰুৱাই পেলায়।

Potato curry should be eaten fresh after cooking othewise it is harmful for health কোঠালি উষ্ণতাত প্ৰস্তুত কৰা আলু বা আলুৰ সৈতে প্ৰস্তুত কৰা খাদ্য ৰাখিলে খাদ্যখিনিত সোনকালে বেক্টেৰিয়া সংক্ৰমণ হয় আৰু এই বেক্টেৰিয়া অধিক উষ্ণতাত ও মৃত্য নহয় তাৰ ফলত এই খাদ্য সেৱন কৰিলে খাদ্য বিষক্ৰিয়া ( Food poisoning) হোৱাৰ আশঙ্কা থাকে।

চাহ:- এইটো আমি বহুতেই জানো যে এবাৰ চাহ বনোৱাৰ পিছত সেয়া ঠাণ্ডা হৈ গ’লে পুনৰায় গৰম কৰা উচিত নহয়। কাৰণ চাহত টেনিক এচিড থাকে।

Tea should not be heated again once prepared as it is harmful for health এবাৰ প্ৰস্তুত কৰা চাহ পুনৰ গৰম কৰি খালে লিভাৰৰ ক্ষতি হ’ব পাৰে।

পালেং শাক :- একাধিক গৱেষণাত প্রমাণিত হৈছে যে পালেং শাক গৰম কৰি খালে শৰীৰত কেন্সাৰ ৰোগ সৃষ্টিকাৰী উপাদানৰ পৰিমাণ বাঢ়ি যায়। প্ৰকৃততে পালেং শাকত থকা নাইট্রেট গৰম কৰাৰ পিছত প্ৰথমে নাইট্রাইটছ আৰু তাৰ পিছত নাইট্ৰছেমাইনলৈ ৰূপান্তৰ হয় আৰু এই নাইট্ৰছেমাইন উপাদানটি শৰীৰৰ পক্ষে হানিকাৰক যাৰ পৰা কেন্সাৰ ৰোগ হব পাৰে।

মাশ্বৰুম :- মাশ্বৰুমৰ এবাৰ প্ৰস্তুত কৰি কোঠালি উষ্ণতাত ৰাখিলে মাশ্বৰুম এনজাইম আৰু বাহ্যিক বেক্টেৰিয়াই প্ৰটিন ভাগক নষ্ট কৰে।

Mashroom curry should be eaten fresh after preapared লগতে কোঠালি উষ্ণতাত ৰখা এবাৰ ৰন্ধা মাশ্বৰুম পিছত দ্বিতীয়বাৰ গৰম কৰি খালে সেয়া আমাৰ পেটৰ ভাল বেক্টেৰিয়াৰ ক্ষতিসাধন কৰিব।

গাজৰ আৰু বীত :- গাজৰ আৰু বীতৰ তৰকাৰী আৰু ইয়াৰ সৈতে প্ৰস্তুত কৰা খাদ্য সম্ভাৰ পুনঃ পুনঃ গৰম কৰি খোৱা স্বাস্থ্যৰ বাবে অপকাৰী।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *