alluminium utesil is harmful for health if cooked food

এলুমিনীয়ামৰ পাত্ৰত খাদ্য ৰান্ধি খালে হ’ব পাৰে স্বাস্থ্যৰ বহু অপকাৰ !!

alluminium utesil is harmful for health if cooked foodfood preapared in alluminium utensil can cause seizure

  আমাৰ স্বাস্থ্যৰ বাবে প্ৰয়োজন হোৱা খনিজ লৱন সমূহ হৈছে :- ছ’ডিয়াম, পটাছিয়াম, জিংক, কেলছিয়াম, মেগনেছিয়াম, আইৰন, তাম্ৰ, চেলেনিয়াম, ক্ৰমিয়াম, ক্লৰাইদ, ফ্লৰাইদ, ফচফৰাচ, মলিবদেনাম, আয়দিন আদি। যিবোৰ স্বাস্থ্যৰ বাবে উপকাৰী আৰু অত্যাৱশ্যকীয়। ইয়াৰ বিপৰীতে এনে কিছুমান ধাতু অৰ্থাৎ খনিজ লৱন আছে যিবোৰ ভুলতেই হওঁক বা জানি নাজানিয়ে হওঁক খোৱা যায় তেতিয়া দেহৰ ভয়ংকৰ ক্ষতি হ’ব  সেইবোৰ হৈছে পাৰা, লিড,কেলকেন্ঠাইট, স্টিবনাইট, আৰচেনিক, চিনাবাৰ, সীহ, নিকেল, কেডমিয়াম, এলুমিনিয়াম ইত্যাদি।

Cooking and eating food in alluminium utensil is harmful for health

  দৈনন্দিন জীৱনত জীৱন ৰক্ষা প্ৰণালী সমূহত আমি ব্যৱহাৰ কৰো বিভিন্ন ধাতুৰ সঁজুলি, বাচন বৰ্তন আদি ইত্যাদি। ইয়াৰ ভিতৰত ৰন্ধন প্ৰক্ৰিয়াত বহুল ভাৱে ব্যৱহাৰ হোৱা এবিধ ক্ষতিকাৰক ধাতু হৈছে এলুমিনীয়াম। দৈনন্দিন জীৱনশৈলীৰ কেট্‌লীটোৰ পৰা চামুচখনলৈ, কেৰাহী, চচ্‌পেন, প্ৰেচাৰ কুকাৰ আদি প্ৰায়ভাগ সঁজুলিয়ে এলুমিনিয়ামৰ দ্বাৰা নিৰ্মিত। এলুমিনিয়ামৰ বহুল ব্যবহাৰৰ মুল কাৰণ হৈছে ই বিদ্যুত আৰু উষ্ণতাৰ সুপৰিবাহী। 

Cooking and eating food can cause memory loss

  আৰু এই ৰন্ধন কাৰ্যত দৈনন্দিন ব্যৱহাৰ হোৱা এলুমিনিয়ামৰ বিভিন্ন পাত্ৰৰ পৰা অতি সূক্ষ্ম ৰূপত মানুহৰ দেহত এলুমিনিয়াম আইনৰ প্ৰৱেশ হয়। তদুপৰি এলুমিনিয়ামৰ পাত্ৰত টেঙা, খাৰ, বিলাহী আদি খাদ্যসম্ভাৰ প্ৰস্তুত কৰিলে বা ৰান্ধিলে উক্ত খাদ্য সামগ্ৰীৰ সৈতে এলুমিনিয়াম আয়ন অতি সহজে দ্ৰৱীভূত হৈ পৰে। আৰু এই খাদ্য সেৱনৰ ফলত সূক্ষ্ম সূক্ষ্ম ভাবে দৈনিক কমেও ৫ – ৭ মিলিগ্ৰাম এলুমিনীয়াম ক’ব নোৱাৰাকৈয়ে প্ৰৱেশ হয়। আৰু এদিন এই এলুমিনীয়াম হৈ পৰে স্বাস্থ্যৰ বাবে মিঠাবিষ স্বৰূপ।

cooking and eating food in alluminium utensil is unhealthy

  তাৰ উপৰিও কিছুমান মিঠাইৰ উপৰিভাগত ৰূপালী বৰণৰ যি পাতল ৰূপৰ প্ৰলেপ দিয়া হয় সেইবোৰ । বেছিভাগেই ৰূপৰ সলনি এলুমিনিয়ামৰ প্ৰলেপ। খাদ্য বিশ্লেষণকাৰীয়ে এই কথা প্ৰমাণিত কৰিছে ।

Cooking and food in alluminium utensil can cause epilepsy

   এনেদৰে এলুমিনিয়ামৰ প্ৰৱেশে শৰীৰত সাংঘাতিক ভাবে ক্ষতিসাধন কৰে। সময়ত এই এলুমিনিয়ামৰ মাত্ৰা বৃদ্ধি হৈ যকৃত, বৃক্ক, মগজু, হাড়ৰ মজ্জা আৰু পেৰাথাইৰয়ড্‌ গ্ৰন্থিত জমা হৈ পৰে। মগজুত প্ৰবেশ কৰা এলুমিনিয়ামে মগজুৰ মাৰাত্মক ৰোগ এলঝেইমাৰ ( Alzheimer’s disease) সৃষ্টি কৰিব পাৰে বুলি চিকিৎসা বিজ্ঞানীসকলে মত পোষণ কৰিছে।

  এনেকুৱা প্ৰবাদ আছে যে বহু বছৰ আগতে ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ দেশৰ জেলত বন্দী হোৱা অপৰাধীক এলুমিনীয়াম ৰ চৰুত খাদ্য প্ৰস্তুত কৰি এই বাচনতে খাবলৈ দিছিল যাতে অপৰাধী সকল সোনকালে মৃত্যুমুখত পৰে।

এলুমিনীয়াম পাত্ৰত খাদ্য ৰন্ধা আৰু খোৱাৰ পিছত কি অপকাৰ হব পাৰে ??

  এই এলুমিনীয়ামৰ ফলত ডিপ্ৰেছণ, এনজাইটি, হাড়ৰ ৰোগ অষ্টিওপেৰেছিছ, চকুৰ দৃষ্টিশক্তিৰ সমস্যা, কিডনীৰ ক্ৰিয়া অসক্ৰিয় হৈ পৰা, পেটচলা, গেছৰ সমস্যা, বদহজম, পেটৰ বিষ, পেটৰ ৰোগ কোলাইটিছ আৰু ছালৰ ৰোগ একজেমা হ’ব পাৰে।

   আৰু যদিহে এই এলুমিনীয়াম মগজুত জমা হৈ পৰে তেন্তে ই স্নায়ুকোষৰ মায়েলিন চিঠ নষ্ট কৰিব কিয়নো এলুমিনীয়াম হৈছে নিউৰ’টক্সিক ধাতু। যাৰ ফলত কম বয়সতে স্মৃতি শক্তিৰ অৱক্ষয় হব পাৰে যাক এলজেমাৰ ৰোগ কোৱা হয়, মূৰৰ বিষ, মাইগ্ৰেইন, ছিজাৰ ৰোগ অৰ্থাৎ মৃগীৰোগ আদিও হব পাৰে।

Cooking and eating food in copper utensil is useful

  সেয়ে আমি সুস্বাস্থ্য সুনিশ্চিত কৰিবলৈ পাৰ্যমানে এলুমিনিয়ামৰ মাত্ৰাধিক ব্যৱহাৰৰ পৰা আতৰত থকাটো উচিত । এইক্ষেত্ৰত কব পাৰি যে খাদ্য প্ৰস্তুত কৰিবলৈ আৰু খাবলৈ কঁপাৰৰ পাত্ৰ ১০০% নিৰাপদ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *