এজন লোকৰে কিডনী পাথৰ বাৰে বাৰে হোৱাৰ সম্ভাৱনা ৩০ শতাংশ কিয়?? জানেনে?? নহবলৈ কি কৰিব ??
কিডনী পাথৰ কিয় বাৰ বাৰ হয় জনাৰ আগতে জানিব লাগিব যে কিডনী দুটাত পাথৰ কেনেকৈ সৃষ্টি হয়? সহজ ভাবে বুজিব লাগিলে কিডনী দুটা হৈছে মানৱ দেহৰ এবিধ ফিলতাৰ বা চেকনি যিয়ে প্ৰয়োজনীয় দ্ৰৱ্য চেকি ভিতৰতে ৰাখে আৰু অদৰকাৰী তথা শৰীৰৰ বাবে হানিকাৰক দ্ৰব্য সমূহ পেচাবৰ মাধ্যমেৰে দেহৰ বাহিৰলৈ উলিয়াই পঠাই।
কিন্তু বিভিন্ন কাৰণত অৰ্থাৎ মানুহৰ কিছু জীৱন শৈলীৰ ভুলৰ বাবে খেলিমেলি তেতিয়াই লাগি যায় যেতিয়া এই বৰ্জিত দ্ৰব্যৰ পৰিমান তেজত বেছিকৈ বৃদ্ধি পাই। এয়া ভুল খাদ্য অভ্যাস , পানী কমকৈ খোৱা বা দেৰিকৈ পেচাব ৰখাই থোৱা আদি আৰু ভিন্ন কাৰণ হ’ব পাৰে। এই বৰ্জিত দ্ৰব্য সমূহৰ মাত্ৰা বৃদ্ধি মাত্ৰকে কিডনীৰ নেফৰণ সমূহে অধিকতম দ্ৰব্য ভাগ নিষ্কাশন কৰিবলৈ অসমৰ্থ হয়। আৰু এই দ্ৰব্য খিনি কিডনীত গোটমাৰি গোটা পদাৰ্থ বিশেষলৈ ৰূপান্তৰ হয়। আৰম্ভণিতে সৰু সৰু ২ মিলিমিটাৰ ৩ মিলিমিটাৰ ব্যাসাৰ্ধৰ তাৰ পিছত সেইবোৰোতেই আৰু বেছি বৰ্জিত হ’বলগা দ্ৰব্য গোটহৈ টুকুৰা বোৰ ডাঙৰ হবলৈ ধৰে যাক সহজ ভাষাত কিডনী পাথৰ কোৱা হয়। আৰু ডাঙৰ হোৱা মাত্ৰকে লোক জনে পেটৰ বিষ অনুভৱ কৰিব, পেচাবত তেজ নিৰ্গত হোৱা দেখিব বা পেচাবৰ সংক্ৰমণত ভুগিব।
কিন্তু কিডনী পাথৰ এবাৰ হোৱাৰ পিছত বা তেওঁ চিকিৎসা লৈ পাথৰ উলিয়াই দিয়াৰ পিছতো পুনৰবাৰ তেওঁৰ জীৱনকালত আকৌ একে সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা প্ৰায় ৩০ শতাংশই থাকে । আৰু এয়া কিয় হয় ? জানিবলৈ পঢ়ক সম্পূৰ্ণৰূপে এই সুন্দৰ স্বাস্থ্য বার্তা।
স্বাস্থ্যবিজ্ঞানৰ বিভিন্ন গৱেষণাত প্ৰকাশ হোৱা কাৰণ কেবাটাও তলত সহজভাৱে বৰ্ণনা কৰা হ’ল:-
১) বংশানুক্ৰম :- যদিহে কাৰোবাৰ নিজৰ তেজৰ সম্পৰ্ক থকা লোকৰ কিডনী পাথৰৰ সমস্যা আছে তেন্তে তেওঁলোকৰ আন সদস্যৰ বাবে এই সমস্যাটো সাধাৰণ। সহজ ভাষাত আমি বুজিব লাগিলে “যিবোৰ পাহাৰীয়া বা শিলাময় ঠাই তাতেই শিল বা পাহাৰ থাকিব সমতলত নহয়!! ” এই প্ৰৱণতাক নিয়ন্ত্ৰণ কৰে সেই বিশেষ লোক সকলৰ বংশানুক্ৰম ৰক্ষা কৰা ক্ৰমজমে।
২) পানী কমকৈ সেৱন কৰিলে একেজন লোকৰে বাৰে বাৰে কিডনী পাথৰৰ সমস্যা হব পাৰে। আনকি চিকিৎসা কৰি কিডনী পাথৰৰ সমস্যাৰ পৰিত্ৰাণ পোৱা লোকৰোঁ এই পাথৰ পুনঃ হব যদিহে সেই ব্যক্তিজনে দৈনিক ৩-৪ লিটাৰকৈ পানী সেৱন কৰা নাই। পানীৰ পৰিমাণ কম হলে পেচাবৰ দ্বাৰা নিষ্কাশন হোৱা বৰ্জিত দ্ৰব্য আৰু লৱন সমূহৰ গাড়তা বৃদ্ধি হৈ সেইবোৰ কিডনী আৰু কিডনীৰ লগতে সংযোগ হৈ থকা নলী সমূহৰ ভাঁজবোৰত প্ৰথমে জমা হৈ হৈ গোট মাৰে আৰু সময়ৰ লগে লগে এইবোৰ ডাঙৰ হৈ কিডনী পাথৰৰ ৰূপ লয়। ফলত পেটৰ বিষ, পেচাবত তেজৰ চেকুৰা নিৰ্গত হোৱা আনকি পেচাবত বীজাণুৰ সংক্ৰমণ আদিৰ লক্ষ্যণ দেখা দিব পাৰে।
৩) বেছিকৈ অক্সালেট আৰু পিউৰিন সমৃদ্ধ খাদ্য সেৱনৰ ফলত একেজন লোকৰ বাৰে বাৰে পাথৰ হৈ থাকিব।
অক্সালেট বেছিকৈ থকা খাদ্য সমূহ হৈছে পালেং শাক, বিলাহী, কচু, বাদাম, ষ্ট্ৰবেৰী, শুকান বীণ, কফি, চকলেট , কোল্ড ড্ৰিংক্স ।
এই খাদ্য সমূহ বেছিকৈ সেৱনৰ ফলত পেচাবত অক্সালেট ৰ পৰিমাণ বৃদ্ধি হব আৰু এই অক্সালেট এ কেলচিয়াম আইনৰ লগত সংযোগ হৈ কেলচিয়াম অক্সালেট লৱন উৎপাদন কৰিব আৰু এই লৱন জমা হৈ হৈ পথাৰলৈ ৰূপান্তৰ হব।
পিউৰিন বেছিকৈ থকা খাদ্য সমূহৰ ভিতৰত মাছ, মাংস, কণী, ছয়াবিন আদি খালে পেচাবত কেলচিয়ামৰ পৰিমাণ বৃদ্ধি কৰে।
৪) নিমখ বেছিকৈ সেৱন কৰিলে বাৰে বাৰে কিডনী পাথৰ হ’ব পাৰে। অকল নিমখে নহয় ফাষ্ট ফুড ,জাঙ্ক ফুড, পেকেট ফুড আদিবোৰত নিমখৰ পৰিমাণ বেছি থাকে। আৰু এই নিমখ বেছিকৈ খোৱা ফলত পেচাবত লোণ আয়ন বেছি হয় যাৰ বাবে আন আয়ন সমূহ ৰাসায়নিক সংযোজন প্ৰখৰ হৈ কিডনী পাথৰৰ ৰূপ লয়।
৫) কেলচিয়ামৰ টেবলেট বা বটল বেছিকৈ সেৱন কৰিলে। চিকিৎসকৰ পৰামৰ্শ লৈহে কেলচিয়াম সেৱন কৰিব লাগে যদিহে কাৰোবাৰ যদিহে কিডনী আৰু পেচাবৰ নলীৰ পাথৰৰ সমস্যা আছে। কাৰণ পেচাবত কেলচিয়াম ৰ মাত্ৰা বেছি হ’লে এই কেলচিয়াম এ অক্সালেট আয়নৰ সৈতে সংযোজিত হৈ পাথৰৰ সৃষ্টি হব। সেয়ে কেলচিয়ামৰ অভাৱত পাৰিলে প্ৰাকৃতিক কেলচিয়ামৰ উৎস সমূহে পাথৰ সৃষ্টিত অৰিহণা নোযোগাই। কিডনী পাথৰ থকা লোকেও দৈনিক আধা লিটাৰকৈ গাখীৰ সেৱন কৰিব পাৰে।
৬) হিচাপৰ বাহিৰত ভিটামিন C সেৱন কৰিলেও কিডনী পাথৰ হব পাৰে কিন্তু ভিটামিন C ৰ প্ৰাকৃতিক উপাদান সমুহে অপকাৰ নকৰে।
৭) দেহত অইন ৰোগ থাকিলেও এজন লোকৰ বাৰে বাৰে কিডনী পাথৰ হ’ব পাৰে। ডায়েবেটিচ ৰোগীৰ ডায়েবেটিচ নিয়ন্ত্ৰণ নহলে তেজত ইউৰিক এচিড বৃদ্ধি হোৱাৰ আশংকা বৃদ্ধি হয় আৰু এই ইউৰিক এচিডৰ মাত্ৰা পেচাবত বৃদ্ধি হলে ইউৰিক এচিড ক্ৰিষ্টেল জমা হৈ কিডনী পাথৰ জমা হোৱা বহুতৰে দেখা যায়। ইফালে কিছুমান পেটৰ ৰোগ ঘাইকৈ কোলাইটিছ ৰোগ থাকিলে কিডনী পাথৰ হোৱাৰ আশংকা বৃদ্ধি হয়।