লিভাৰৰ ৰোগত ভূগিছে নেকি? খাওক এইকেইবিধ গেৰান্টি খাদ্য !!

লিভাৰ ভালে ৰাখিবলৈ কি কি খাদ্য আটাইতকৈ উত্তম ??

  লিভাৰ হৈছে এবিধ মানৱদেহৰ আভ্যন্তৰীণ অংগ যাক দেহৰ অইন অংগ প্ৰতঙ্গ সমূহৰ শক্তিৰ ভঁৰাল বুলি জনাজাত। কিয়নো এই লিভাৰে বহু ধৰণৰ ক্ৰিয়া সম্পাদন কৰে।

FOODS THAT PREVENTS LIVER DISEASES

 লিভাৰে দেহৰ প্ৰয়োজনীয় প্ৰটিন উৎপাদন কৰে, কলেষ্টৰল আৰু বাইল প্ৰস্তুত কৰে, কাৰ্বহাইড্ৰেট, মিনাৰেল আৰু ভিটামিন সঞ্চয় কৰে। লগতে দেহৰ বিষাক্ত দ্ৰব্য এলকহল, টক্সিন, খোৱা ঔষধ আদিক মেটাব’লিজিম প্ৰক্ৰিয়াৰে দেহৰ পৰা নিষ্কাশন কৰে।

  সেয়ে সুস্বাস্থ্যবান হৈ থাকিবলৈ লিভাৰৰ যত্ন লৈ ইয়াক ভালে ৰখা অত্যন্ত জৰুৰী। সেয়ে কিছুমান খাদ্য নিয়মিত সেৱনৰ অভ্যাস কৰিলে লিভাৰ ভালে থাকিব ।

১) চাহ আৰু কফি :- যদিহে চাহ আৰু কফি খাবলৈ বেয়া পায় তেন্তে আজিয়ে খোৱা আৰম্ভ কৰক। কিয়নো কফিয়ে চিৰহচিচ লিভাৰ (Cirrhosis Liver) ৰ আশংকা প্ৰায় ৪৪% কমাই। কফিয়ে এন্টী অক্সিডেণ্টৰ মাত্ৰা বঢ়ায় তোলে, লিভাৰৰ ইনফ্লেমেচন কমাই লিভাৰৰ আকাৰ হ্ৰাস কৰিব পাৰে আৰু লিভাৰ কেঞ্চাৰৰ আশংকা হ্ৰাস কৰে।

Tea and coffee prevents liver cancer

একেদৰে চাহৰ আছে লিভাৰ ভালে ৰখাৰ গুণ। যদিও সেউজীয়া চাহ (green tea) ভাল বুলি কোৱা হয় কলা চাহ (black tea) ৰো আছে যথেষ্ট স্বাস্থ্য গুণ। লিভাৰৰ ক্ষেত্ৰত দুয়োবিধ চাহে লিভাৰৰ উৎসেচক সমূহ বৃদ্ধি কৰে আৰু লিভাৰৰ অক্সিদেটিভ ষ্ট্ৰেছ কমাই। ফলত লিভাৰত জমা হোৱা বেয়া চৰ্বীত ক্ষয় হয়।

২) সেউজীয়া শাক পাচলি :- সেউজীয়া শাক পাচলিৰ ক্ল’ৰফিল দ্ৰব্যই লিভাৰত জমা হোৱা ধাতু, ৰাসায়নিক দ্ৰব্য, খাদ্যৰ দ্বাৰা লিভাৰত জমা হোৱা কীটনাশক দ্ৰব্য আদি বিয়োজন কৰি নিষ্কাশন কৰিব পাৰে।

Green leafy vegetable prevents liver diseases

 বিত, পালেং শাক, গাজৰ, সুতুৰা শাক , বন্ধাকবি, ব্ৰকলী আদি লিভাৰৰ উত্তম খাদ্য। এই পাচলি সমূহত থকা গ্লুকচিনোলেট দ্ৰৱ্যই লিভাৰৰ উৎসেচক ক্ষৰণত সহায় কৰে।

৩) বাদামজাতীয় খাদ্য :- বাদামজাতীয় খাদ্য লিভাৰৰ বাবে বেয়া বুলি এটা বদনাম আছে কিয়নো ইয়াত চৰ্বী বেছিকৈ থাকে কিন্তু প্ৰকৃততে বাদামজাতীয় খাদ্যত থকা চৰ্বী হৈছে আন ছেছুৰেটেদ চৰ্বী যিয়ে লিভাৰৰ উপকাৰ সাধে।

Nuts prevents liver diseases

আনহাতে এই বাদাম জাতীয় খাদ্যত থাকে যথেষ্ট এন্টীঅক্সিডেণ্ট, প্ৰটিন আৰু ভিটামিন।

৪) বিতৰ ৰসৰ চৰবত :- প্ৰতিদিনে এগিলাচকৈ খাওক। কিয়নো ইয়াত থাকে নাইট্ৰেট আৰু এবিধ মূল্যবান এন্টী অক্সিডেণ্ট যাৰ নাম বেটালেইনচ।

Beet root juice prevents liver cancer

যিয়ে হৃদযন্ত্ৰ আৰু লিভাৰ উভয়কে ৰক্ষা কৰিব। ই ইনফ্লেমেচন কমাই আৰু অক্সিডেটিভ স্ত্ৰেছ ৰোধ কৰে।

৫) আঙুৰ :- বিভিন্ন প্ৰকাৰৰ আঙুৰ পোৱা যায় আৰু সকলো বিধৰে লিভাৰ সুৰক্ষিত কৰি ৰখাৰ গুণ আছে। তাৰে ভিতৰত ৰঙা আৰু সেউজীয়া ৰঙৰ আঙুৰত খুব বেছি পৰিমাণে ৰেচ্ছভেৰীত্ৰল নামৰ পোষক দ্ৰব্য থাকে। এই আঙুৰ খালে লিভাৰৰ ইনফ্লেমেচন কমে আৰু এন্টী অক্সিডেণ্ট বেছিকৈ উৎপাদন হয়।

৬) হালধি:- এইবিধত বেছিকৈ এবিধ দ্ৰব্য কুৰকামিন থাকেযাৰ এন্টীঅক্সিডেণ্ট আৰু এন্টী ইনফ্লেমেচন গুণ আছে। দৈনিক খালিপেটত এক চামুছ হালধি ৰসে লিভাৰৰ সাংঘাতিক উপকাৰ সাধে।

৭) নহৰু :- চেলেনীয়াম নামৰ শক্তিশালী এন্টী অক্সিডেণ্টৰে ভৰপূৰ নহৰু। তাৰোপৰি ভিটামিন B6 আৰু উৎসেচক আৰজেনিনৰ ভঁৰাল নহৰু।

Garlic prevents liver diseases

 এই পোষক দ্ৰব্যসমূহে লিভাৰত তেজ পৰিবাহী নলী সমূহৰ চাপ হ্ৰাস কৰিব পাৰে, লিভাৰৰ ইনফ্লেমেচন ৰোধ কৰে।

৮) নাচপটি :- লিভাৰৰ বাবে এবিধ উত্তম ফল।

Avacoda prevents liver diseases

 ভিটামিন C, E, K আৰু গ্লোতাঠাইঅন থাকে যিবোৰ লিভাৰৰ বন্ধু বুলি খ্যাত কিয়নো এইবোৰে লিভাৰৰ কোষৰ ক্ষয় ক্ষতি ৰোধ কৰিব পাৰে।

৯) ব্লুবেৰী :- আন এবিধ লিভাৰৰ বাবে উপকাৰী ফল। এবিধ বহু মূল্যবান এন্টী অক্সিডেণ্ট এন্থুচায়েনিন থাকে এই ব্লুবেৰীত যিয়ে লিভাৰ কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে।

Blueberry prevents liver diseases

বিভিন্ন গৱেষণাত প্ৰকাশ যে তিনি চাৰি সপ্তাহ এই ফল খালে লিভাৰৰ চৰ্বী প্ৰায় ১৫% কমি যায়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *