12 বিধ কেঞ্চাৰ প্ৰতিৰোধী খাদ্য!!

কৰ্কট ৰোগক প্ৰতিৰোধ কৰিব পাৰে এই ১২ বিধ খাদ্যই :-

   সমগ্ৰ বিশ্বতে এক ভয়ানক ৰোগ হৈছে কেঞ্চাৰ অৰ্থাৎ কৰ্কট ৰোগ।

foods that prevents cancer

  দেহৰ যিকোনো অংগত হব পাৰে এই ৰোগ। দেহৰ কোষ এটি অসাধাৰণ ভাবে বিভাজন হৈ সৃষ্টি হয় এই ৰোগ। দেহৰ কিছু অংগত হোৱা কেঞ্চাৰ সোনকালে চিকিৎসা কৰালে সম্পূৰ্ণ ভাল হয় যদিও আন কিছু অংগত হোৱা কেঞ্চাৰে আকৌ জীৱনৰ বাবে ভাবুকি আনিব পাৰে। কেনেকৈ এই ৰোগ নোহোৱাকৈ থাকিব পাৰি তাৰেই কেইবিধ মান খাদ্যৰ কথা জানো আহক।

  ১) আপেল :- ২০২১ চনৰ Advance study on nutrition ৰ তথ্যমতে আপেল আৰু আপেলৰ পৰা প্ৰস্তুত কৰা খাদ্য সম্ভাৰে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

APPLE PREVENTS CANCER

২) বেৰী (BERRY) :- ২০১৩ চনৰ এক গৱেষণাৰ তথ্য অনুসৰি প্ৰকাশ যে বিভিন্ন ধৰণৰ বেৰী সমুহ :- ষ্ট্ৰবেৰী, ৰোজবেৰী, ব্লেকবেৰী আৰু ব্লু বেৰী আদি নিয়মীয়া সেৱনে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

STROBERRY,ROSEBERRY,CRANEBERRY AND BLACK BERRY PREVENTS CANCER

  ষ্ট্ৰবেৰীয়ে মুখত হ’ব খোজা কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে। আন্তৰ্জাতিক মলেকুলাৰ জাৰ্নেলত ২০১৫ চনত প্ৰকাশ হোৱা তথ্য অনুসৰি বেৰী সমূহত আটাইতকৈ উত্তম জৈৱসক্ৰিয় দ্ৰব্য এন্টী অক্সিডেণ্ট থাকে যাৰ ফলতে এই বেৰী সেৱনে কেঞ্চাৰ দূৰলৈ খেদিব পাৰে।

৩) গাজৰ :- পৃথিৱীৰ এবিধ অতি উত্তম খাদ্য গাজৰ সেৱনে বিভিন্ন প্ৰকাৰৰ কেঞ্চাৰ ৰোগৰ সম্ভাৱনা ৰোধ কৰে। এক গৱেষণাত প্ৰকাশ যে গাজৰ সেৱন কৰিলে চিকিৎসা হৈ থকাৰ খাদ্যনলীৰ কেঞ্চাৰৰ সোনকালে শুকাই । তাৰোপৰি ইউৰোপৰ জাৰ্নেল অফ নিউত্ৰীচনে  ২০১৫ চনত প্ৰকাশ কৰা অনুসৰি গাজৰ সেৱনে পুৰুষৰ প্ৰষ্টেট কেঞ্চাৰ সম্ভাৱনা হ্ৰাস কৰে।

 ৪) ফুলকবি আৰু ব্ৰকলী :- এই পাচলি দুবিধত এবিধ সক্ৰিয় ৰাসায়নিক দ্ৰব্য ” ছালফৰ’ফেন ” থাকে।

broccolli and couliflower as cancer healer effects

  আৰু ক্লিনিকেল কেঞ্চাৰ গৱেষণা ২০১০ চনত প্ৰকাশ কৰা অনুযায়ী এই দ্ৰব্য ‘ছালফৰ’ফেনে’ স্তনৰ কেঞ্চাৰৰ ষ্টেম কোষক বাধা প্ৰদান কৰিব পাৰে। ইয়াৰ উপৰিও এই পাচলি সেৱনে দেহৰ প্ৰষ্টেট কেঞ্চাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

  ৫) মাছ :- সকলো মাছৰে স্বাস্থ্য উপকাৰ আছে যদিও যিবোৰ মাছত ফেঁটী এচিডৰ মাত্ৰা বেছি থাকে সেইবোৰত অমেগা ৩ ফেঁটী এচিড ৰ মাত্ৰা ও বেছি থাকে।

salmon fish prevents cancer

 বিভিন্ন গৱেষণাত প্ৰকাশ যে এই অমেগা ৩ ফেঁটী এচিড হৈছে এবিধ উত্তম এন্টী – অক্সিডেণ্ট যিয়ে দেহক কেঞ্চাৰ ৰোগৰ পৰা বচাই ৰখাৰ উপৰিও অইন বহু ৰোগৰ উপসৰ্গ সমূহ হ্ৰাস কৰিব পাৰে।

  ৬) নহৰু :- প্ৰাকৃতিক ভাবে এলিচীন উৎসেচক সমৃদ্ধ এই নহৰু। এই এলিচীন থকা বাবেই বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে নহৰু ব্যৱহাৰ হৈ আহিছে।

garlic as colon cancer preventing food

  এই নহৰুয়ে কলনত হ’ব খোজা কেঞ্চাৰ কোষক বাধা আৰোপ কৰে । প্ৰতিজৈৱিক আৰু এন্টী ইনফ্লেমেটৰী গুনৰ এই নহৰু সেৱনে দেহত হ’ব খোজা অইন বহুত কেঞ্চাৰ কোষক বাধা দিয়ে।

  ৭) পালে‍ং শাক :- সকলো সেউজীয়া শাক পাচলি স্বাস্থ্য উপকাৰী যদিও পালেং শাকৰ আছে কিছু ব্যাতিক্ৰমী গুণ।

spinach as super eood and cancer preventing food

 আমেৰিকান স্কুল অফ নিউউট্ৰিছন ৰ তথ্য অনুসৰি পালেং শাকত থাকে কেৰোটিন, ফ্লেভনল, ভিটামিন C আৰু ফাইবাৰ থাকে যিবোৰ দ্ৰব্য দেহৰ কোষ সমূহক কেঞ্চাৰ প্ৰতিৰোধ কৰিবলৈ অতি প্ৰয়োজনীয়।

 

  ৮) হালধি :- হালধি পৰা পোৱা ক্ৰুকামীন নামৰ পদাৰ্থই হাড়ৰ কেঞ্চাৰ কোষক প্ৰতিৰোধ কৰে। এই তথ্য ৱাছিংতন ষ্টেট ইউনিভাৰ্চিটিৰ।turmaric as sper cancer preventing food

  ৯) বিলাহী :- বিলাহীৰ এবিধ সক্ৰিয় পদাৰ্থ হ’ল লাইক’পেন ।

tomatoo as cancer preventing food

২০০২ চনৰ ৰাষ্ট্ৰীয় কেঞ্চাৰ প্ৰতিস্থাপনৰ গৱেষণা পত্ৰত প্রকাশিত তথ্য অনুসৰি বিলাহী খালে প্ৰষ্টেট কেঞ্চাৰ ৰোধ হয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *