শাওণৰ যিকোনো এটি সোমবাৰে এই কাম কৰিলেমহাদেৱৰ আশীৰ্বাদ পাব !! –
পৱিত্ৰ শাওণ মাহটি মহাদেৱ শিৱ লিংগতেই বিৰাজমান হৈ থাকে । সেয়হে এই পবিত্ৰ শাওণ মাহটিত যদি মহাদেৱক একান্ত বিশ্বাসেৰে পূজা অৰ্চনা কৰা যায় হাজাৰ গুণ আশীৰ্বাদ লাভ কৰিব। এই মাহটিত হাজাৰ হাজাৰ ভক্তই গংগাজল, গাখীৰ, পঞ্চামৃত আদি দি শিৱ লিংগত পূজা কৰে মহাদেৱৰ পৰা আশীৰ্বাদ লাভৰ বাবে।
সেয়েহে শাওণ মাহৰ যিকোনো এটি সোমবাৰে আপুনি ও এই বস্তুটি আনি এই কামটি কৰিলে মহাদেৱৰ মংগল বাৰ্তা লাভ কৰিব যাৰ ফলত ভাগ্য সলনি হব। সকলোৱে দেখিছে শাওণ মাহৰ প্ৰত্যেক সোমবাৰে হাজাৰ হাজাৰ ভক্তই শিৱ লিংগত গাখীৰ, মৌ, ঘি , বেলপাত, আদিৰে অবিশেষ কৰে ।
আৰু সেই শিৱ লিংগৰ পৰা বৈ অহা অবিশেষ এটি পাত্ৰত ভৰাই আনি ঘৰৰ চাৰিওফালে যদি চতিয়াই দিব পৰা যায় তেন্তে ইয়াৰ দ্বাৰা ঘৰৰ অমংগলবোৰ দূৰ হৈ যায়। আৰু লগতে ঘৰখন সুখ শান্তিৰে ভৰি পৰিব। সেয়েহে শাওণ মাহৰ যিকোনো এটি সোমবাৰে শিৱ লিংগৰ পৰা বৈ অহা অবিশেষ ঘৰলৈ আনি এই কামটি কৰিলে অত্যন্ত মংগল হ’ব , ঘৰখনলৈ সুখ শান্তি আহিব, ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল হ’ব, ঘৰলৈ আহিব খোজা ভয়ংকৰ বিপদ সমুহ আঁতৰি যাব।