৭ কোষ পোৰা নহৰু খালে পেটৰ চৰ্বী বৰফৰ দৰে গলিব ??

৭ দিনত ৭ কোষ পোৰা নহৰু খাওক পেট কঁকালৰ চৰ্বী বৰফৰ দৰে গলিব :-

   পেট আৰু কঁকালত জমা হোৱা অবাঞ্চিত চৰ্বী কমাবলৈ আপুনি শৰীৰ চৰ্চা কৰিছে, খাদ্য নিয়ন্ত্ৰণ কৰিছে তাৰ পিছতো যদিহে কমি যোৱা নাই  তেন্তে আমাৰ তলৰ দিহা পালন কৰক, ৭ দিনৰ ভিতৰত আপোনাৰ পেট আৰু কঁকালত জমা হোৱা চৰ্বী বৰফৰ দৰে গলিবলৈ আৰম্ভ কৰিব।

                                 

   তাৰবাবে আপুনি কেঁচা নেহৰুৰ ৭ টা কোষ কেইটিমান বাকলি এৰুৱাই লওঁক। তাৰ পিছত এই কোষ কেইটা গৰম টাৱাত কম জুই দি অকণমান সেকি লওঁক , পিছত ইয়াৰ এক কোষকৈ নহৰু খালি পেটত ৰাতিপুৱা প্ৰতিদিনে চোৱাই খাওক আৰু লগত এগিলাচ কুহুমীয়া নহয় গৰম পানী খাওক।

   গৰম পানীয়ে চৰ্বি বিয়োজন আৰু নিষ্কাষণত ভাল কাম কৰিব। সেয়ে নেহৰুৰ লগত খোৱা পানীখিনি গৰম চাহ কাপৰ দৰে গৰমে খাওক । যদিহে নহৰুৰ কোষটি সৰু হয় তেন্তে দুটি কোষ খাব পাৰে আৰু যদিহে নহৰুৰ কোষটি ডাঙৰ হয় এটি কোষ খালেই যথেষ্ট। কিন্তু মনত ৰাখিব যদিহে আপুনি চৰ্বী কমাবলৈ এই দিহা পালন কৰিছে তেন্তে চেনী আৰু যিকোনো মিঠা খাদ্য খোৱা একেবাৰে সামৰিব লাগিব। অন্যথা সুফল নাপাব।

   ইয়াৰ উপৰিও নহৰুৰ আছে বহুতো ঔষধি গুণ। চৰ্বী হ্ৰাস হোৱাৰ উপৰিও এই নহৰু য়ে দেহত তেজৰ কলেষ্টৰল নিয়ন্ত্ৰণ কৰিব, ৰক্তচাপ হ্ৰাস কৰিব, দেহত এন্টী-অক্সিডেণ্টৰ যোগান ধৰিব, পেটৰ বদহজম দূৰ কৰিব ইত্যাদি।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *