প্ৰদূষণে বাধ্য কৰাব লগত অক্সিজেনলৈ ফুৰিবলৈ!!

অতিমাত্ৰা প্ৰদূষণৰ যুগত হাওফাঁওৰ উৎকৃষ্ট খাদ্য :-

  মানৱ দেহৰ ঘাই অংগ সমূহৰ এটি প্ৰধান অংগ বিশেষ হল হাওফাঁও যিয়ে দেহত বিশুদ্ধ অক্সিজেন যোগান ধৰে আৰু দেহৰ কোষ সমূহৰ পৰা বৰ্জিত আৰু বিষাক্ত কাৰ্বনডাইক্সাইড নিষ্কাষণ কৰে। এই হাওফাঁও দুটি যেতিয়ালৈ মজবুত থাকে তেতিয়ালৈকে জীৱকুল সুস্থ আৰু নিৰোগী।

 

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ লগে লগে ডাঙৰ চহৰৰ লগতে সৰু মফচলিয়া চহৰ নগৰবোৰত ও সৰু বৰ বহুত উদ্যোগ গঢ়ি উঠা আৰু অত্যাধিক যান বাহন চলাচলৰ ফলত নিতৌ প্ৰদূষিত হৈছে প্ৰকৃতি আৰু পৰিবেশ। যাৰ ফলত বৃদ্ধি হৈছে হাওঁফাওঁৰ ৰোগ যেনে :- হাঁপানী, এজমা, নিউমনীয়া, চাইনাচাইটিছ, হাওফাঁওৰ কৰ্কটৰোগ আদি।

 

  অনুমান কৰা হৈছে যে ২০৩০ চনৰ পিছত ভাৰতৰ ডাঙৰ চহৰত বসবাস কৰা বহু লোকে হয়তো ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ হলে লগত এটি মাইক্ৰ’ অক্সিজেন ছিলিণ্ডাৰো লগতে লৈ যাব লাগিব।

 

  কাৰণ বৰ্তমানৰ এই হাৰত যদিহে উদ্যোগিকৰণ হৈ গৈ থাকে তেন্তে পৰিবেশ আৰু পাৰিপাৰ্শ্বিকতাত বিশাক্ত কাৰ্বনমনক্সাইডৰ পৰিমাণ বহু মাত্ৰাত বৃদ্ধি হব। আৰু এই প্ৰতিযোগিতাৰ দিনত জানো উদ্যোগিকৰণ আৰু যান বাহনৰ চলাচল বন্ধ কৰা সম্ভৱ ? কেতিয়াও নহয়।

 

   সেয়ে খুবেই প্ৰয়োজন হৈ পৰিব দেহৰ হাওফাঁও দুটাক মজবুট কৰি ৰাখিবলে বিশেষ খাদ্যৰ আৰু ব্যায়ামৰ। হাওফাঁও দুটাক মজবুত প্ৰদান কৰিবলৈ অতি প্ৰয়োজনীয় খাদ্যবোৰৰ ভিতৰত তলত সাতবিধ বিশেষ খাদ্য উল্লেখ কৰা হৈছে :-

 ১) ঘন সেউজীয়া শাক :- সেউজ শাক পাচলিত বিশেষভাৱে সমৃদ্ধ ক্লৰ’ফিলে হাওফাঁওৰ কোষ সমূহত তেজৰ সঞ্চালন বৃদ্ধি কৰিব পাৰে। সেউজীয়া শাকত এন্টী-অক্সিডেন্ট থাকে যিয়ে হাওফাঁও ৰ কোষত জমা হৈ থকা ফ্ৰী-ৰেডিকেল ( বিশাক্ত বৰ্জিত দ্ৰব্য) বোৰ সহজতে নিষ্কাষণ কৰিব পাৰে।

  ২) গাজৰ :- হাওফাঁওৰ বাবে বহুত বেছি দৰকাৰী আৰু মূল্যবান খাদ্য বিধ হল গাজৰ। প্ৰাকৃতিক ভাবে ভৰপূৰ হৈ থকা ভিটামিন A, ভিটামিন C, লাইক’পেইন আৰু কেৰেটিনয়ডছ য়ে চিগাৰেট সেৱন কৰা লোকৰ ও হাওঁফাওঁৰ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। তাৰোপৰি গাজৰ খালে হাওফাঁও ৰ ক্ষয় হোৱা কোষ পুনৰুজ্জীৱিত হয়।

 

  ৩) নহৰু :- নেহৰু ৰ এন্টী-ইনফ্লেমেটৰী আৰু এন্টী-চেপচিছ গুণ আছে । সেয়ে ই হাওফাঁওক সঘনাই হব পৰা বিজানু সংক্ৰমণ ৰ পৰা দূৰত ৰাখে । কেঁচা নহৰু খালী পেটত সেৱন কৰিলে হাওফাঁও ৰ কেন্সাৰ প্ৰতিৰোধ হয়।

 

  ৪) পিয়াজ :- এন্টী-ইনফ্লেমেটৰি, এন্টী-কলেষ্টেৰল, এন্টী-চেপচিছ গুণৰ বাবে পিয়াজ খালে তেজৰ কলেষ্টৰল কমে, ফাঁওফাঁও ত হব পৰা বিজানু সংক্ৰমণ ৰোধ কৰি হৃদযন্ত্র আৰু হাওফাঁওৰ ৰক্ত পৰিবহণ সক্ৰিয় কৰি ৰাখে ।

 

 ৫) ৰঙা শুকান জলকীয়া :- খাদ্যৰ জুতি বঢ়ায় তোলাৰ উপৰিও জলকীয়া ই হাওফাঁও ৰ শ্লেষ্মা অৱৰণক উত্তেজিত কৰি শ্লেষ্মা ক্ষৰণ হোৱাত সহায় কৰে। শুকান ৰঙা জলকীয়া সেৱনে হাওফাঁওৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

 

  ৬) বীণ :- বীনত প্ৰাকৃতিক ভাবে ভৰপূৰ হৈ থাকে আইছ’ফ্লেভিন ফলত হাওফাঁও ৰোগ “চিওপিদি”ৰ সম্ভাৱনা দূৰ কৰে। এনেও বীণ খালে দেহৰ ভাগৰ কমে আৰু চুটি উশাহ ৰ সমস্যা দূৰ কৰে।

  ৭) এন্টী অক্সিডেন্ট বেছিকৈ থকা ফলমূল :- যিবোৰ ফলত এন্টী অক্সিইডেন্ট বেছি আছে সেইবোৰ হল :- আপেল, জামু, মধুৰী আম, কমলা, ডালিম আদি।

শেষত,
হাওফাঁওৰ বাবে উৎকৃষ্ট খাদ্যৰ বিষয়ে জনাৰ পিছত মূল কথাটি হলযে হাওফাঁওৰ বাবে বেয়া খাদ্যবোৰ কিন্তু পৰিহাৰ কৰিব লাগিব। সেইবোৰ হল :- যিকোনো খাদ্য যিবোৰে হাওফাঁওৰ এলাৰ্জিৰ সৃষ্টি কৰে, যিবোৰে হাওফাঁও দুটিৰ ইনফ্লেমেচন কৰে সেইবোৰ খাব নালাগে। যেনে কিছুমান গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য, কণী, সাগৰীয় কিছুমান মাছৰ প্ৰজাতি ইত্যাদি।

 

চিগাৰেট, বিড়ি, ধঁপাত সেৱন কৰা হাওফাঁও ৰ বাবে বিষৰ দৰে। অতিমাত্ৰা নিমখ সেৱন হৃদযন্ত্র আৰু হাওফাঁও উভয়ৰে বাবে হানিকাৰক। কিয়নো অত্যাধিক নিমখ সেৱনে দেহত অতিৰিক্ত পানী জমা কৰি ৰাখে যাৰ ফলত কোষ সমূহত এলেক্ট্ৰৰাল ভাৰসাম্যতাত ব্যাঘাত কৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *