দুপৰটেঙা বা পাটেগজা কিয় উপকাৰী ?এই পাত কেনেকৈ খাব?

দুপৰটেঙা বা পাটেগজা কিয় উপকাৰী ??

  এছিয়া আৰু আফ্ৰিকা মহাদেশ ত পোৱা এইবিধ বনৌষধিকৰ বৈজ্ঞানিক নাম হ’ল Bryophyllum pinnatum বা Kalancho pinnatum । ঠাই বিশেষে ইয়াক Air plant, Life plant, Miracle leaf আৰু দুপৰ বন হিচাপে জনাজাত।

 

 

  এই পাতৰ প্ৰাকৃতিক ৰাসয়নিক মিশ্ৰণ:

  Bryophyllene A , barsaldegenin 3 acetate , bryophyllene C ইত্যাদি। এই bufadionolide মিশ্ৰণ সমূহৰ এন্টী-কেন্সাৰ, পোক পতংগ নাশ, বেক্টেৰিয়া প্ৰতিৰোধ, ভাইৰাছ প্ৰতিৰোধ, জ্বৰ নাশক, ভেঁকুৰ নাশক, কাহ নাশক গুণ আছে।

স্বাস্থ্য উপকাৰ সমূহ :-

১) মাইগ্ৰেইন ৰ ফলত হোৱা মূৰৰ বিষত এই পাতৰ ৰস এচামুচ নাৰিকল তেল বা  এৰাৰ তেল এচামুচৰ সৈতে মিহলাই মূৰটো মালিচ কৰক লগে লগে উপশম পাব।

 

২) হাত ভৰিত হোৱা ঘাঁত যদি দুপৰ টেঙাৰ পাত পিছি প্ৰতিদিনে ঘঁহি থাকে একসপ্তাহত এই ঘাঁ শুকাব।

 

৩) কিডনী পাথৰ আৰু পেছাবৰ জ্বলা পোৰা সমস্যাৰ বাবে দুপৰ টেঙাৰ পাত এক ৰামবান ঔষধি। ইয়াৰ বাবে দুটা ডাঙৰ পাত ভালকৈ ধুই টুকুৰা কৰি লওঁক আৰু একাপ পানীত উতলিবলৈ দিব যাতে পানী উতলি আধা হয়। আৰু ঠাণ্ডা হলে মিশ্ৰণটি চেকিলৈ পানীখিনি খাওক। দিনত দুবাৰকৈ এই পানী খালে নিশ্চিত ভাবে ২-৩ মাহত সৰু পাথৰ পেচাবৰ সৈতে ওলাই যাব। অৱশ্যে পানী যথেষ্ট পৰিমাণে খাব লাগিব।

 

৪) দেহত বৰল ,মৌ আদিয়ে কামুৰিলে এই পাত পিছি লগালে লগে লগে বিষ উপশম হয়।

 

৫) কেছুমুৰীয়া ৰোগত দুপৰটেঙাৰ পাত এমাহলৈ খাওক আৰু যদি এই ৰোগৰ ফলত শৌচদ্বাৰত কিবা গুটি ওলাই আহিছে এই পাতৰ পেষ্ট প্ৰতিদিনে লগাব।

 

৬) গেষ্ট্ৰিক আলছাঁৰ হোৱা লোকৰ বাবে বৰ উপকাৰী এই পাত।

 

৭) মহিলাৰ বগা স্ৰাব ৰোগৰ বাবে বৰ উপকাৰী। পোন্ধৰ দিন এই পাত খালেই উপকাৰ পাব।

 

৮) মুৰৰ ওকণী খেদিবলৈ এই পাতৰ পেষ্ট মুৰত লগাব পাৰে। সপ্তাহত তিনিদিন কৈ ৬-৭ বাৰ লগালে ওকণী নাই কিয়া হব।

 

৯) সাধাৰণ জন্ডিছ ৰোগত এই পাতৰ ৰস উপকাৰী।

 

১০) মধুমেহ ৰোগীৰ বাবেও এই পাত উপকাৰী। এই পাতৰ চাহ দুবাৰকৈ আহাৰ পিছত গ্ৰহণ কৰিলে সুফল পাব।

 

এই পাত কেনেকৈ খাব:-

বিভিন্ন ধৰনে এই পাত খাব পাৰে :-

১) কেচাই চুবাই খাব পাৰে। কেচাই খালে এবাৰত এটি ডাঙৰ পাত যথেষ্ট। নাইবা –

২) চাতনি বনাই খাব পাৰে। ইয়াৰ বাবে এবাৰ খাবলৈ দুটা কোমল আৰু সৰু পাত লব। নাইবা –

৩) এই পাত চাহ বনাই খাব পাৰে ।এবাৰ চাহ বনাই খাবলৈ দুটি ডাঙৰ পাত ভালদৰে ধুই লৈ টুকুৰা কৰক আৰু একাপ পানীত আধা হোৱালৈ উতলাব। আৰু ঠাণ্ডা হোৱাৰ পিছত খাওক।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *