ইউৰিক এচিড নিৰাময়ৰ সহজ উপায় :-
ইউৰিক এচিড কি :– ই হ’ল আমি খোৱা খাদ্য যিবোৰত পিউৰীণ থাকে সেইবোৰ হজম হোৱাৰ পিছত উৎপন্ন হোৱা বৰ্জিত দ্ৰব্য যিবোৰ কিডনিয়ে পেছাব ৰ দ্বাৰা বাহিৰ কৰি দিয়ে।
যদিহে কিডনয়ে এই বৰ্জিত দ্ৰব্য ইউৰিক এচিড খুব সোনকালে নিষ্কাষণ কৰিবলৈ অসমৰ্থ হয় তেতিয়াই তেজত ইয়াৰ মাত্ৰা বৃদ্ধি হয়।
পিউৰীণ বেছিকৈ থকা খাদ্য :-
১. আমিখ খাদ্য যেনে:- মাছ, মাংস, কণী।
২. চয়াবিন ,বিলাহী, ফুলকবি, পালেং শাক আৰু যিকোনো দাইল জাতীয় খাদ্য।
৩. চৰ্বী জাতীয় খাদ্য।
৪. পেকেটৰ ভিতৰত বহুদিন জমা কৰি থোৱা খাদ্য আৰু পানীয়।
৫. বজাৰত পোৱা যিকোনো শীতল পানীয়।
৬. এলকহল যেনে: BEER , WHISKY, SCOTCH, RUM ইত্যাদি বোৰ ।
ইউৰিক এচিড তেজত বাঢ়িলে কি কি হয় :- ইউৰিক এচিড ৰ মাত্ৰা তেজত বৃদ্ধি হলে লাহে দেহৰ সন্ধি বা গাঁঠি বোৰত দানা (Uric Acid Crystal) হৈ জমা হয় ফলত গাঁঠিবোৰ ফুলিব আৰু বিষ আৰম্ভ হব।
আৰু যদিহে ইয়াক চিকিৎসা নকৰে তাৰ ফলত হাড় আৰু সন্ধি কোষ সমূহ নষ্ট কৰি পেলাব। দীৰ্ঘদিনলৈ ইয়াক নিয়ন্ত্ৰণ নকৰিলে কিডনিৰ সমস্যাৰ লগতে হৃদযন্ত্রকো দুৰ্বল কৰিব পাৰে। আনকি ডায়েবেটিচ, উচ্চ ৰক্তচাপ আৰু ফেটি লিভাৰ ৰোগীয়ে যদি ইউৰিক এচিড নিয়ন্ত্ৰণ নকৰে তেওঁৰ ডায়েবেটিচ ও নিয়ন্ত্ৰণ নহব।
ঘৰুৱা আৰু অতি সহজ প্ৰাকৃতিক প্ৰতিকাৰ :-
এক কাপ গৰম পানীত দুই চামুচ মেথি গুটি ৰাতি তিয়াই থৈ ৰাতিপুৱা খালি পেটত খালে এক সপ্তাহ মানতে ইউৰিক এচিড কমি যায়।
নাইবা, এক চামুচ অজইন গুটি (Carom Seed) এগিলাচ পানীত এঘণ্টা ডুবাই ৰাখক আৰু ৰাতি ভাত খোৱাৰ পিছত গুটি কেইটা চেকি পানী খিনি খাওক। এনেদৰে ১০ দিন খাব আৰু মাজত এদিন ব্যৱধান ৰাখি আকৌ ১০ দিন খাওক নিশ্চিত ভাবে ইউৰিক এচিড কমিব।
নাইবা, আপুনি এচামুচ অজইনৰ গুটি এটুকুৰা আদা ৰ সৈতে পিচিলৈ ভাত বা ৰুটিৰ সৈতে চাটনি হিচাপেও খাব পাৰে। এনেদৰে এসপ্তাহ ব্যৱহাৰ কৰিলে ইউৰিক এচিড নিয়ন্ত্ৰণ হব।
কিয়নো, অজইন এন্টী-অক্সিডেন্ট, এন্টী-ইন্ফ্লামেটৰি আৰু পাচক গুণ সমৃদ্ধ। অজইন পাকস্থলী আৰু পাচনতন্ত্ৰৰ বাবেও লাভজনক।
লগতে অজইনক শৰীৰ শুদ্ধিকাৰক হিচাপে ও সেৱন কৰিব পাৰি। তাৰ বাবে এচামুচ অজইনৰ গুটি এগিলাছ পানীত তিয়াই ৰাতিপুৱা চেকিলৈ পানীখিনি খালিপেটত খাব পাৰে।
এনেদৰে সপ্তাহত এদিন কৈ খালে দেহৰ কোষসুহত জমা হোৱা বৰ্জিত আৰু বিষাক্ত দ্ৰব্য (Free-Radical) সমূহ সহজতে নিষ্কাষণ হব।
তেজত ইউৰিক এচিড বাঢ়িলে কি কি খাব:-
১. দিনত দুই-তিনি গিলাচ নাৰিকলৰ পানী।
২. দিনটোৰ ভিতৰত এটাকৈ নেমুৰ ৰস।
৩. দিনটোৰ ভিতৰত দুই-তিনি গিলাচ ৰঙা চাহ খাওক। অবশ্যে গ্ৰীণটি বেছি ভাল আৰু আদ্ৰক দি চাহকাপ খালে বেছি লাভ পাব।
৪. চামনি নথকা গৰম গাখীৰ এক গিলাচ খাব পাৰে।
৫. দৈনিক ১৪-১৬ গিলাচ গৰম পানী খাব।
৬. আঞ্জা পাঁচলিত কমকৈ তেল দি খাব লাগে। অৱশ্যে অলিভ তেল, নাৰিকলৰ বা সৰিয়হৰ তেল ভাল।
৭. তৰকাৰীত সদায় আদা,পিয়াজ আৰু নহৰু দি খাব।
৮. গাজৰ, আলু, তিয়ঁহ আদি খাব পাৰে।
৯. বগা আতা গুড়িত কৈ হালধীয়া আতা গুৰি খোৱা ভাল।
১০. OATS খাব পাৰে।
১১. ফলমূল যেনে:- কল, আপেল, CHERRI , আম, তৰমুজ, BLUE-BERRY, অনাৰস ইত্যাদি খালে ভাল ।
যদিহে আপুনি আমাৰ ৰিপোৰ্ট ভাল পাইছে তেন্তে এই বাৰ্তা ফেচবুক হোৱাটচপত বিলাই দিবলৈ নাপাহৰিব ??