অমিতাৰ পাত ফলতকৈয়ো ১৫ গুণ বেছি উপকাৰী

অমিতা আৰু অমিতা গছৰ পাত :-

অমিতা (PAPAYA) ৰ প্ৰচুৰ মাত্ৰাত স্বাস্থ্য উপকাৰ আৰু ৰোগ নিৰাময় ক্ষমতা থকা হেতুকে ই সকলোৰে প্রিয়। কেঁচা অমিতা পাচলি হিচাপে আৰু পকা অমিতা ফল হিচাপে গ্ৰহণ কৰাৰ উপকাৰ সমূহ সকলোৱে জানে।

  কিন্তু এই অমিতা গছৰ আৰু এটি অংগবিশেষ অৰ্থত গছবিধৰ পাত ফলতকৈয়ো ১৫ গুণ বেছি স্বাস্থ্য উপকাৰী। ।
অমিতা গছৰ পাতত থকা সক্ৰিয় ৰাসায়নিক মিশ্ৰণ এলকালয়ড আৰু ফেনলইড সমূহৰ আছে ভাবিব নোৱাৰা স্বাস্থ্য উপকাৰ। এলকালয়ড আৰু ফেনলইড সমূহে মানুহৰ দেহত এন্টী-স্পাষ্মদিক, এন্টী-ইনফ্লেমেটৰী, এনালজেছিক, এন্টী-বেক্টেৰিয়েল আৰু এন্টী-অক্সিডেন্ট হিচাপে কাম কৰিব পাৰে।

  লগতে অমিতাৰ পাতত প্ৰচুৰ পৰিমাণে কেলচিয়াম, পটাচিয়াম, চডিয়াম, মেগনেছিয়াম, আইৰণ আৰু মেন্গানিজ আদি খনিজ লৱন সমূহ থাকে।
অমিতা গছৰ পাতত তেজৰ প্লেটলেট বৃদ্ধি কৰিব পৰা গুণ আছে যিটো ডেংগু জ্বৰ হোৱা লোকৰ বাবে খুবেই প্ৰয়োজন।

   International letters of natural sciences ৰ  ১৬/০৩/২০১৪ প্ৰকাশ কৰা তথ্য অনুসৰি অমিতা গছৰ পাতৰ কেন্সাৰ আৰু মেলেৰিয়া জ্বৰ প্ৰতিৰোধ ক্ষমতা আছে।

  অমিতা আৰু ইয়াৰ গছৰ পাতৰ সক্ৰিয় জৈৱিক মিশ্ৰণ পেপেইন , কাইম’পেপেইন(ফলত), এচকৰবিক এচিড, চাইনজেনিক গ্লুকচাইড, চিচ্টেটিন, গ্লূকচিনলেট আদি। ইয়াৰে পেপেইন আৰু কাইম’পেপেইন এ আমি খোৱা খাদ্যৰ প্ৰটিন খিনি সহজতে হজম কৰি পেলোৱাৰ লগতে পেটৰ বদহজম দূৰ কৰে।

  অমিতা ৰ পাতত দেহৰ ইনচুলিন হৰমন উদ্দিপ্ত কৰাৰ ক্ষমতা আছে। সেয়ে পাতৰ ৰস সেৱন কৰিলে ডায়েবেটিছ ৰোগীৰ বাবে লাভজনক।

  অমিতা পাতৰ ৰসাল এন্টী-অক্সিডেন্ট সমূহে দেহৰ অক্সিডেটিভ ষ্ট্ৰেছ দূৰ কৰিবলৈ সক্ষম।

  অমিতা পাতৰ ৰসৰ লিভাৰ সংশোধন (detoxify) কৰিব পৰা শক্তিশালী গুণ আছে। অমিতা গছৰ পাতৰ ৰস সেৱন কৰিলে জণ্ডিচ ৰোগ আৰু চিৰহচিছ লিভাৰ আৰু ফেঁটি লিভাৰৰ সমস্যাৰ বাবে বৰ উপকাৰী।

কেনেকৈ খাব অমিতা গছৰ পাত ??

অমিতাৰ পাত ৰস উলিয়াই , পাতেৰে চাহ তৈয়াৰ কৰি অথবা পাচলি হিচাপে খাব পাৰে ।

কেনেকৈ প্ৰস্তুত কৰিব অমিতা পাতৰ ৰস :-

  দহটা অমিতাৰ পাত ভালকৈ পৰিস্কাৰ কৰি ধুই টুকুৰকৈ কাটি মিক্সি ত দি পিছি লব। তাৰ পিছত মিশ্ৰণটো একাপ পানীত ৫ মিনিট ডুবাই লৈ চেকি লব। আৰু এই ৰস খিনি এটি ঢাকনি থকা পাত্ৰত ভৰাই লৈ ফ্ৰীজত চাৰি পাছ দিনলৈ ৰাখি থৈ খাই থাকিব পাৰে।

  খোৱাৰ মাত্ৰা :- দুচামুচ কৈ প্ৰতিদিনে খাদ্য খোৱাৰ পিছত। দুচামুচ অত কৈ বেছিকৈ নাখাব কিয়নো অমিতা পাতৰ ৰস খোৱাদত খুব তিতা। আৰু একেৰাহে ৬-৭ দিনৰ বাবেহে খাব।

    নাইবা অমিতা পাতৰ চাহ প্ৰস্তুত কৰিও খাব পাৰে। তাৰ বাবে পাঁচটা অমিতা পাত ধুই লওঁক আৰু টুকুৰকৈ কাটি ২ লিটাৰ পানীত উতলাব।পানী উতলি যেতিয়া ১ লিটাৰ হব তেতিয়া ঠাণ্ডা হবলৈ দি চেকি লৈ এটা ঢাকনি থকা কাচৰ পাত্ৰত ভৰাই ফ্ৰীজত ৫ দিনলৈ ৰাখিব পাৰিব।

খোৱাৰ মাত্ৰা :- একাপ কৈ দিনত দুবাৰ ৫ দিনৰ বাবে।

Share it with:

2 Comments

  1. অমিতাৰ পাটটো কিমান ডাঙৰ হব লাগে ?

    1. Freeze ot norokha koi khabo pari ne nai?

Leave a Reply

Your email address will not be published. Required fields are marked *