কি কি খাদ্য ভাগ ফ্ৰীজত নথব?

কি কি খাদ্য ভাগ ফ্ৰীজত নথব ?

  প্ৰায় সকলোৰে পাকঘৰত ফ্ৰীজৰ ব্যৱহাৰ অভিজাত্যৰ পৰিচয় ৰূপে পৰিচিত হৈছে। লগতে এই ফ্ৰীজত সোমাই থোৱা দেখা যায় বহুতো খাদ্য সম্ভাৰ যাতে বহুদিনলৈ ভালে থাকে। কিন্তু সকলোবিধ খাদ্য ফ্ৰীজত থৈ দিয়াটো জানো বিজ্ঞানসন্মত বা স্বাস্থ্যৰ বাবে পৰিপূৰক?

  হয়, আপুনি সকলো খাদ্য ফ্ৰীজত ৰাখিব নোৱাৰিব। কিয়নো কিছুমান খাদ্য ফ্ৰীজত থলে গোন্ধ নাইকিয়া হয়, কিছুমানৰ গুনগত মানদণ্ড হ্ৰাস হয় আৰু কিছুমান  খাদ্যৰ পোষক দ্ৰব্য (ACTIVE NUTRITIONAL INGREDIENTS) সমূহ নষ্ট হৈ যায়।

১৬ বিধ খাদ্য ফ্ৰীজত নথব :-

১) বিলাহী :- ফ্ৰীজত ৰাখিলে ঢিলা হৈ পৰে আৰু ইয়াৰ খাওঁ খাওঁ লগা গোন্ধ নাইকিয়া হয়। ফ্ৰীজত নথলেও কোঠাৰ উষ্ণতাত পকা বিলাহী ২-৩ দিন ভালে থাকে।

২) ৰঙালাও :- ৰঙালাও কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে। গোটা ৰঙালাও ফ্ৰীজত থলে ৰঙালাওৰ গোন্ধ নাইকিয়া হোৱাৰ উপৰিও ভিতৰভাগ শুকাই যায় আৰু পোষক দ্ৰব্য সমূহ সোনকালে নষ্ট হয়। অৱশ্যে কাটি লোৱাৰ পিছত ৰঙালাওৰ টুকুৰা ২-৩ দিন ফ্ৰীজত ৰাখিব পাৰে।

৩) আলু :- ফ্ৰীজত থলে আলু শুকাই যাব আৰু আলুৰ পোষক দ্ৰব্য ষ্টাৰ্চ (STARCH) নষ্ট হৈ পৰে । সেয়ে আলু ফ্ৰীজত নহয় শুকান, ঠাণ্ডা আৰু ৰদ নপৰা ঠাইতহে থব ।

৪) পদিনা, ধনীয়া আৰু তুলসীৰ পাত :- কেতিয়াও নথব ফ্ৰীজত সোনকালে ইয়াৰ তৃপ্তিপূৰ্ণ গোন্ধ নাইকিয়া হৈ যাব। ইয়াক ৪০ ডিগ্ৰী উষ্ণতা লৈ বাহিৰতে ৰাখিব পাৰে। পদিনা ইত্যাদিৰ পাত কেইটা ছিঙি অনাৰ পিছত পানীৰে ধুই লগে লগে এটি পলিথিনত সোমাই বাহিৰতে থলে ২-৩ দিনলৈ ভালে থাকিব।

৫) কল :- ফ্ৰীজত ৰাখিলে কলৰ বাকলি সোনকালেই কলা পৰে আৰু ভিতৰৰ পোষক দ্ৰব্যবোৰ পচিবলৈ ধৰে।

৬) পিয়াজ :- পিয়াজ কেতিয়াও ফ্ৰীজত থৈ খাব নালাগে। ফ্ৰীজৰ উষ্ণতাত পিয়াঁজ সহজতে পচিবলৈ ধৰে। সহজতে বতাহ চলাচল কৰা শুকান ঠাইত পিয়াজ ভালে থাকে। আনকি আলুৰ সৈতে পিয়াজ থব নালাগে কিয়নো আলুৰ সৈতে পিয়াজ একেলগে থলে পিয়াজ সোনকালে পচিবলৈ ধৰে।

৭) তিঁয়হ :- তিঁয়হ ফ্ৰীজত থলে পনীয়া আৰু ঢিলা হৈ পৰে। যদিহে ফ্ৰীজত থব খোজে এটি পলিথিনত ভৰাইহে দুই তিনিদিন ৰাখিব পাৰে।

৮) মাখন আৰু ঘি :- কেতিয়াও ফ্ৰীজত ৰখাৰ প্ৰয়োজন নাই । পেকিং কৰি ৬-৭ দিন বাহিৰতে ৰাখিব পাৰে।

৯) মৌজোল :-  কেতিয়াও ফ্ৰীজত নাৰাখিব। মুখবন্ধ পাত্ৰত ফ্ৰীজৰ বাহিৰতে ৰাখিলে মৌজোল কেতিয়াও নষ্ট নহয়। ফ্ৰীজত ৰাখিলে বৰফলৈ পৰিণত হৈ মৌৰ পোষক দ্ৰব্য ধ্বংস হোৱাৰ আশংকা থাকে আৰু সেই মৌজোলে একো উপকাৰ নাখাধিব।

১০) খোৱা তেল :- সকলো ধৰণৰ তেল ফ্ৰীজৰ বাহিৰতে নিৰাপদ।

১১) নহৰু :- বহুদিন ফ্ৰীজত থলে কোষবোৰৰ বাকলি এৰি এৰি যাব আৰু কিছুদিনৰ ভিতৰত গজালি মেলি কোষ বিলাক শুকাব লগতে ইয়াৰ পোষক দ্ৰব্য নষ্ট হৈ যাব।

অৱশ্যে,  বেচি পৰিমাণৰ নহৰুৰ বাকলি গুচাবৰ বাবে সহজ কৰিবলৈ হ’লে নহৰু খিনি  এটি খৰাহীত ৰাখি ফ্ৰীজত এক ৰাতি ভৰাই ৰাখিলে পিছদিনা ৰাতিপুৱা বাকলি বোৰ ঢিলা হৈ পৰিব আৰু হাতেৰে মোহাৰীয়ে বাকলি গুচাব পাৰিব।

১২) ছচ’ :- সদায় কোঠালি উষ্ণতাত ৰাখিব ফ্ৰীজত নহয় । ফ্ৰীজত থলে ছচ’ত মিহলাই দিয়া ভিনেগাৰ বা সংৰক্ষক দ্ৰব্য খিনি সোনকালে নষ্ট হৈ ছচ’ খিনিও সোনকালে নষ্ট হব।

১৩) চকলেট :- চকলেট আৰু চকলেটৰ টেমাটিৰ বাবে আটাইতকৈ বেয়া ঠাই হ’ল ফ্ৰীজ। ফ্ৰীজত থলে চকলেটৰ ৰঙৰ সলনি হব, ঢিলা হব আৰু সোৱাদত প্ৰভাৱ পৰিব। ফ্ৰীজত ৰাখিলে ফ্ৰীজত থকা অইন খাদ্যৰ গোন্ধ চকলেট এ শোষণ কৰে।

১৪) কফি:- ফ্ৰীজটোত কফিৰ বাবে ঠাই নাৰাখিব কফিৰ সোৱাদ নষ্ট হব।

১৫) ব্ৰেড :- ব্ৰেডৰ বাবেও ফ্ৰীজ আটাইতকৈ বেয়া ঠাই। পেকিং কৰি ব্ৰেড শুকান আৰু ঠাণ্ডা ঠাইত ৰাখিব লাগে।

১৬) ছাইট্ৰাছ জাতীয় ফল সমূহ :- কমলা, নেমু আৰু মৌচুম্বী আদি ফ্ৰীজত থলে সোৱাদ, গোন্ধ আৰু পোষক দ্ৰব্য সমূহ নষ্ট হয়। এইবোৰ ঠাণ্ডা আৰু ৰদ নপৰা শুকান ঠাইত খৰাহী এটাত ভৰাই কৰবাত ওলোমাই ৰাখিলে ৭-১০ দিনলৈকে খোৱাৰ উপযোগী হৈ থাকে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *