চুলিত কেমিকেল ৰং সানে নেকি ? হেয়াৰ ডাই ত ব্যৱহাৰ কৰা “পিপিজি” য়ে ডি এন এ ক আঘাট কৰি কেন্সাৰ ৰোগ সৃষ্টি কৰিব পাৰে:-
আপুনি আপোনাৰ বগা চুলি ঢাকিবলৈ যিবোৰ কেমিকেল ডাই (ৰঙ) যেনে:- ইণ্ডিকা, গদৰেজ, চুপাৰ ভাসমল আদি ব্যৱহাৰৰ কৰি আছে সেইবোৰৰ বহুত পাৰ্শ্বক্ৰিয়া (side effect) হব পাৰে। তাৰে ভিতৰত কিছুমান লগোৱা মাত্ৰকে আৰু অইন কিছু লাহে লাহে হব যেনে :-
১) লগোৱাৰ পিছত এলাৰ্জি অৰ্থাৎ মুৰৰ ছালৰ বা গোটেই দেহৰ খজুৱতি। কিছুমানৰ আকৌ মুৰৰ ছালখনত জ্বলা পোৰা নাইবা ফুলি উঠাও দেখা যায়।
২)চুলিত কেমিকেল ৰঙ ঘঁহাৰ ফলত চুলি খিনি শুকান হৈ পৰি চুলি সৰা, চুলিখিনি দুৰ্বল হোৱা, মূৰ ফণীয়ালে চুলি ছিঙি ছিঙি যোৱা আদিও দেখা যায় বহুতৰে।
৩) বহুজনৰ আকৌ মূৰৰ বিষ, গেছৰ সমস্যা আৰু বমি বমি ভাব আদিও দেখা যায়। কেমিকেল ৰঙ সমূহত বহু পৰিমাণে এমনীয়া ব্যৱহাৰৰ ফলতে এনে হয়।
৩) কেমিকেল চুলিৰ ৰং সমূহত PPD নামৰ কেমিকেল ব্যৱহাৰ কৰা হয় ফলত চকুৰ পতা ফটা, গোৰোহা ফটা আনকি ওঁঠ ফটা আদিও লক্ষণ বহুতৰ ক্ষেত্ৰত দেখা যায়।
৪) কেমিকেল চুলিৰ ৰঙ সমূহত এনেকুৱা এবিধ দ্ৰব্য Hightoin salt মিহলোৱা হয় যাৰ ফলত সঘনাই চুলিত ৰঙ ঘঁহিলে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হয়। এই দ্ৰব্যৰ ফলত শ্বাস প্ৰস্বাস্ ৰ ৰোগ হাঁপানী হব পাৰে।
৫) দেহৰ হৰমনৰ সন্তুলনত ব্যাঘাত হব পাৰে কিয়নো চুলিৰ ৰঙ সমূহত ৰিচৰ্চনেল নামৰ দ্ৰব্য এবিধ প্ৰয়োগ কৰা হয়। যাৰ ফলত থাইৰয়ড হৰমন, গ্ৰোথ হৰমন, চেক্স হৰমন আদিৰ সন্তলনত ব্যাপক খেলিমেলি সৃষ্টি কৰি আপোনাক বিপদত পেলাব।
৬) অতি বিশাক্ত দ্ৰব্য লিদ এচিটেত মিহলোৱা হয় কিছুমান ব্ৰেণ্ডৰ হেয়াৰ ডাই প্ৰস্তুত কৰোঁতে। যাৰ ফলত যদিহে সঘনাই কেমিকেল ৰঙ সানে তেতিয়া অকমানো যদি মুৰৰ ছালত কটাচিঙা বা ঘা লগা থাকে এই লিদ মগজু পাবগৈ পাৰে। আৰু এয়াই যদি হয় তেন্তে আপোনাৰ ভিন্ন ধৰনৰ নিউৰ’লজিকেল সমস্যা ই দেখা দিব।
৭) সঘনাই ব্যৱহাৰ কৰাৰ ফলতেই ছালত চৰিয়াচিছ ৰোগ হব পাৰে।
৮) হেয়াৰ ডাই ত ব্যৱহাৰ কৰা “পিপিজি” য়ে ডি এন এ ক আঘাট কৰি কেন্সাৰ ৰোগ সৃষ্টি কৰিব পাৰে।
সেয়ে এনে ধৰনৰ কেমিকেল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হেয়াৰ ডাইৰ পৰিবৰ্তে ঘৰতেই তৈয়াৰ কৰি লব পাৰে প্ৰাকৃতিক ৰঙ।
আমলখিৰে প্ৰস্তুত কৰক প্ৰাকৃতিক হেয়াৰ ডাই :
আপুনি ৫০ গ্ৰাম কেচা আমলখি ধুই সৰু সৰু টুকুৰা কৰি কাটি লব। টুকুৰা কেইটা পিছিলৈ ৰসখিনি পৃথক কৰি লব। এতিয়া ১০০গ্ৰাম নাৰিকলৰ তেল এটা লোহাৰ কেৰাহীত কম জুইত গৰম কৰক।
এই গৰম তেলখিনিত আমলখিৰ ৰসখিনি ইমান সময়লৈ উতলাব যাতে মিশ্ৰণটোত এটোপাল ও পানী নাথাকে। তাৰ পিছত মিশ্ৰণটো ঠাণ্ডা হবলৈ দি এটা কাচৰ বতলত ভৰাই ৰাখক।বেছি পৰিমাণে প্ৰস্তুত কৰি কাচৰ বতলত ভৰাই ৰাখিলে ৬ মাহলৈ এই মিশ্ৰণ টো ব্যৱহাৰৰ উপযোগী হৈ থাকিব।
যদিহে আপোনাৰ বগা চুলি আছে তেন্তে এই মিশ্ৰণটোৰ দুই চামুচ আৰু এচামুচ এৰাৰ তেল (Castor Oil) ৰ লগত ভালকৈ মিহলাই ৰাতি চুলিখিনি ত ভালদৰে হাতৰ তলুৱাৰে লগাই ১০-১২ মিনিট চুলিৰ গুৰি মালিচ কৰিব। এইখিনি মহিলাৰ বাবে আৰু যদি পুৰুষৰ বাবে লাগে তেন্তে আমলখি তেল ১ চামুচ আৰু এৰাৰ তেল আধা চামুচ যথেষ্ট। এনেদৰে সপ্তাহত দুদিনমান কৈ লগালে বগা চুলি কলা হৈ পৰিব লগতে চুলি সৰা, উফিৰ সমস্যা আৰু চুলিৰ গুৰি মজবুট হৈ পৰিব।