নিজে প্ৰস্তুত কৰাFACE GLOWচেৰাম মুখত ঘঁহক NIGHT CREAM হিচাপে..

আপোনাৰ নিজ হাতেৰে প্ৰস্তুত কৰক ” ANTI-AGEING FACE GLOW” চেৰাম আৰু মুখমণ্ডলত ঘঁহক NIGHT CREAM হিচাপে আৰু উজ্জ্বল কৰি ৰাখক মুখমণ্ডল:

 

   দৈনন্দিন ধূলি, বতাহ, ঠাণ্ডা,ৰদৰ অতি বেঙুনীয়া ৰশ্মি, বতাহৰ ধূলিকণাৰ সৈতে উৰি ফুৰা বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ সৈতে মকাবিলা কৰিব লগা হয় আপোনাৰ মুখমণ্ডলৰ ছালখন। তাৰ ফলতে ছালত ভিন্ন ধৰণৰ উপসৰ্গ/সমস্যা সমূহ যেনে:- গুটি ওলোৱা, শালমইনা ওলোৱা, দাগ পৰা, কম বয়সতে সটোপা পৰা আদি দেখা যায়। ফলত আপোনাৰ চালখনক প্রয়োজন এটি পাৰ্শ্বক্ৰিয়াহীন ৰাতি খানিব পৰা নৈশ ক্ৰীম। আৰু যদিহে আপুনি বিচাৰে আপুনি নিজ হাতেৰে ঘৰতে সম্পূৰ্ণ প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি প্ৰস্তুত কৰিব পাৰে FACE GLOW চেৰাম।

                               

  তাৰ বাবে এটি বিট বাকলি গুচাই সৰু টুকুৰা-টুকুৰকৈ কাটি লওঁক। এইখিনি এতিয়া গোলাপ জ্বলৰ সৈতে আধা ঘন্টা ডুবাই ৰাখক। এয়া কৰিলে বিটত থকা সকলো পৰিপোষক দ্ৰব্য ওলাই আহি গোলাপ জ্বলৰ সৈতে মিহলি হব। ইয়াৰ পিছত গোলাপ জল খিনি পৃথক কৰি সম্পূৰ্ণ এচামুচ বজাৰত উপলব্ধ “এলিও ভেৰা” মিহলাই দি ভালদৰে মিশ্ৰণটি চামুচেৰে ঘুটি লব। তাৰ পিছত এই মিশ্ৰণটো ৰ সৈতে এচামুচৰ চাৰি ভাগৰ এভাগ “এৰাৰ তেল” দি আকৌ ভালদৰে ঘুটি লব। আৰু মিশ্ৰণটো সুগন্ধি কৰিবলৈ এক দুই টোপ lavender তেল দিব পাৰে । লগে লগে আপোনাৰ ANTI-AGEING SKIN GLOW চেৰাম প্ৰস্তুত সম্পূৰ্ণ হৈ গল। আৰু এইখিনি আপুনি এটা টেমাত ভৰাই ফ্ৰীজত ৰাখি দিয়ক।

 

  আপুনি এই মিশ্ৰণ খিনি ৰাতি শুবৰ সময়ত মুখখন ভালদৰে পৰিষ্কাৰ কৰি ১০-১২ দিন লগাই থাকক। কিয়নো ফ্ৰীজত ৰাখিলে মিশ্ৰণটো ১০-১২ দিনলৈ ভালে থাকিব। মিশ্ৰণ টি মুখত লগাই ৩-৪ মিনিটৰ বাবে হাতৰ তলুৱাৰে মালিচ কৰিব পাৰিলে বেছি সুফল পাব। যদিহে কাৰোবাৰ মুখ খন বেছি তেল টেলিয়া তেন্তে মিশ্ৰণটো প্ৰস্তুত কৰোঁতে এচামুচ ৰ পৰিবৰ্তে আধা চামুচহে এৰাৰ তেল মিহলোৱা ভাল।

উপকাৰ সমূহ :-

মুখমণ্ডল পৰিষ্কাৰ আৰু উজ্জ্বল হব। এই মিশ্ৰণ সকলো বয়সৰ লোকে লগাব পাৰে । আনকি ৭০-৮০ বছৰ বয়সৰ লোকে ও লগালে ছালৰ সটোপা পৰা (wrinkle) আতঁৰিব। মুখত হব পৰা শালমইনা, ফটা, দাগ ইত্যাদিৰ পৰা পৰিত্ৰাণ পাব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *