জেললৈ যাব ডোনাল্ড ট্ৰাম্প !!

জেললৈ যাব ডোনাল্ড ট্ৰাম্প !!

  বেয়াদিনে লগ এৰা নাই আমেৰিকা ৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক। সদ্য ঘোষিত নিৰ্বাচনৰত পৰাজয় ৰ পিছত পত্নী মেলানিয়াই ট্ৰা ম্পক বিবাহ বিচ্ছেদ কৰিব বুলি ওলোৱা বাতৰি ৰ পিছত এইবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে ট্ৰাম্পৰ ৰাষ্ট্ৰপতি হৈ থকা সময়ৰ বিভিন্ন দুৰ্নীতিৰ কথা।

  ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হৈ থকা সময়ত তেওঁৰ বিৰূদ্ধে আহিছিল বহু কেইটা অভিযোগ। কিন্তু ৰাষ্ট্ৰপতি হৈ থকা বাবে ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে কোনো গোচৰ ৰূজু কৰিব পৰা নাছিল। পেছ ইউনিভাৰ্চিটি ৰ সাংবিধানিক আইনৰ অধ্যাপক বেনেট জাজমূনে দাবী কৰা অনুসৰি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে বেংক প্ৰবঞ্চনা, বজাৰ চিণ্ডিকেট, দেশ প্ৰবঞ্চনা, ইলেক্ট্ৰৰেল প্ৰবঞ্চনা আদিৰ গোচৰ ৰূজু হব।

  ইয়াৰ উপৰিও ডোনাল্ড ট্ৰাম্প সন্মুখীন হব বৃহত্তম অৰ্থনৈতিক সংকটত । আগন্তুক চাৰি বছৰত ট্ৰাম্পে পৰিষোধ কৰিব লাগিব মুঠ তিনিশ মিলিয়ন টকাৰ লোনৰ ধন‌।

  উল্লেখযোগ্য যে ২০১৮ চনত ট্ৰাম্পৰ উকীল মিছেল কোহীলৰ বিৰুদ্ধে ও দুৰ্নীতিৰ গোচৰ ৰূজু হৈছিল। মিছেল কোহীলৰ বিৰুদ্ধে নিৰ্বাচনৰ প্ৰচাৰ ত খেলিমেলি আৰু পৰ্ণ অভিনেত্ৰী ষ্টৰ্মা ডেনিয়েলক উৎকোচ দিয়াৰ অভিযোগ ত গোচৰ ৰূজু হৈছিল। বিশেষ সুত্ৰৰ মতে ষ্টৰ্মা ডেনিয়েলৰ সৈতে ট্ৰাম্পৰ অবৈধ সম্পৰ্ক ও আছিল।

   প্ৰফেচৰ বেনেটৰ মতে ডোনাল্ড ট্ৰাম্পৰ ওপৰত ন্যায় ক বাধা আৰোপ কৰাৰো অভিযোগ আছে। আৰু ইয়াৰ বাবে ও বিপদত পৰিব পাৰে ট্ৰাম্প।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *