NEET 2020 পৰীক্ষাত ১০০% নম্বৰ কেনেকৈ সম্ভব ??

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ঘোষণা কৰা NEET 2020 পৰীক্ষাৰ ফলাফল শুকুৰবাৰে প্ৰকাশ কৰে নেচনেল টেষ্টিং এজেন্সীয়ে।

  সৰ্বভাৰতীয় ৰেংকিঙত প্ৰথমস্থান দখল কৰে ছোইব আফতাব নামৰ উৰিষ্যাৰ শিক্ষাৰ্থীয়ে । সম্পূৰ্ণ এশ শতাংশ নম্বৰ লাভ কৰি ইতিহাস ৰচিলে উৰিষ্যাৰ ছাত্ৰজনে।
  ৭২০ ৰ ভিতৰত ৭২০ অৰ্থাৎ ১০০ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে।

  উল্লেখযোগ্য যে ফলাফল ঘোষণাৰ পূৱেই ছোইবে ভাল ফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছিল। কিন্তু ১০০ শতাংশই নম্বৰ লাভ কৰিব বুলি আশা কৰা নাছিল।ৰাজস্থানৰ কোটাৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়ন কৰিছিল ছোইবে।
  পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাৰ ফলাফল ntaneet.nic.in ত চোৱাৰ লগতে মাৰ্কশ্বীটো ডাউনলোড কৰিব পাৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *