খেজুৰ খাওক আৰু হাৰ্ট-এটাক ৰোধ কৰক

খেজুৰ কিয় খাব লাগে  ?? খেজুৰৰ আছে আচৰিত ঔষধি গুণ :-

     উত্তম ফলৰ ভিতৰৰ এবিধ হল খেজুৰ।
খেজুৰৰ নাম শুনিলেই যেনেকৈ আমাৰ মুখলৈ মিঠা অনুভূতি আহে তেনেকৈ শক্তিদায়ক। খেজুৰৰ আছে বহুত উপকাৰী গুণ। খেজুৰ আপুনি গছৰ পৰা পাৰি আনি লগে লগে বা শুকায় খাব পাৰে। বজাৰত আপুনি বিভিন্ন ধৰণৰ পেকেটিং খেজুৰ কিনিবলৈ পাব।
    খেজুৰত আছে প্ৰাকৃতিক ভাবে পৰিপুষ্ট বিভিন্ন প্ৰকাৰৰ ভিটামিন, কাৰ্বোহাইড্ৰেট, ফাইবাৰ, খনিজ পদাৰ্থ, ফেঁটি এচিড আৰু প্ৰটিন।

     খনিজ পদাৰ্থ সমূহ হল :- কেলচিয়াম , পটাচিয়াম, মেগনেচিয়াম, ফচফৰাছ, জিংক চেলেনীয়াম আৰু আইৰণ ।
খেজুৰত প্ৰচুৰ পৰিমাণে থকা ভিটামিন সমূহ হল:- ভিটামিন B , B1, B6 , ভিটামিন K , ভিটামিন D, ভিটামিন A আৰু  ভিটামিন  C ।

      যদিহে আমি আমাৰ খাদ্য তালিকাত খেজুৰ ৰাখো তেনেহলে আমি বিভিন্ন প্ৰকাৰৰ লাভ পাব পাৰো ।
১) হৃদ যন্ত্ৰৰ বাবে খেজুৰ খুব লাভজনক। খেজুৰত থকা পটাচিয়াম আৰু মেগনেচিয়াম এ হৃদযন্ত্রক যথেষ্ট শক্তি দিয়ে। তেজৰ কলেষ্টৰল কমাই ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰে। পটাচিয়াম থকা বাবে হাৰ্ট এটাকৰ পৰা ৰক্ষা পাব পাৰি।

২) পাচন তন্ত্ৰক মজবুত কৰি ৰাখিব পাৰে খেজুৰে । খেজুৰত প্ৰচুৰ পৰিমাণে ফাইবাৰ থকা বাবে কোষ্ঠ কাঠিন্যৰ সমস্যা দুৰ হয়।

৩) ফাইবাৰ বেছি থাকে বাবে দেহৰ ওজন কমাত সহায়ক হয় খেজুৰ।

৩) নিতৌ যিয়েই খেজুৰ খাই তেওঁৰ ৰক্তহীনতা ৰোগ নহয় কিয়নো খেজুৰত প্ৰচুৰ পৰিমানে ভিটামিন C আৰু আইৰণ থাকে।

৪) ভিটামিন B আৰু পটাচিয়াম থাকে বাবে খেজুৰ খালে স্মৃতি শক্তি বৃদ্ধি হয় । দেহৰ স্নায়ুকোষ বোৰ মজবুত কৰি ৰাখে খেজুৰে।

৫) দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় খেজুৰ খালে।

৬) প্ৰচুৰ পৰিমাণে মেগনেচিয়াম, চেলেনীয়াম, কেলচিয়াম থাকে বাবে দেহৰ দাঁত আৰু হাড়বোৰ মজবুত হয় খেজুৰ নিতৌ খালে।

৭) ভিটামি A প্ৰচুৰ পৰিমাণে থাকে বাবে খেজুৰ দৃষ্টি বৰ্দ্ধক বুলিও কব পাৰি। খেজুৰ খালে কুকুৰিকণা ৰোগ দূৰ হয়।

৮) গৰ্ভৱতী মহিলাই প্ৰতিদিনে খেজুৰ খোৱাটো আৱশ্যক।

৯) ভিটামিন C আৰু ভিটামিন D থাকে বাবে খেজুৰ খালে দেহৰ ছাল আৰু চুলি দেখিবলৈ সুন্দৰ হয়। চুলি সৰা বন্ধ হয়।

১০) খেজুৰ এক উত্তম বাজিকাৰক ফল। খেজুৰ খালে পুৰুষ মহিলা উভয়ৰে যৌন শক্তি বৃদ্ধি হয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *