খেলি থকা অৱস্থাতে এগৰাকী আইতা সহ চাৰি গৰাকী শিশুৰ

  খেলি থকা অৱস্থাতে আইতা সহ চাৰি গৰাকী শিশুৰ গাত পৰিল বজ্ৰপাত

        গোৱালপাৰা জিলাৰ দুধনৈৰ সমীপৰ আমজোঙাৰ থেব্ৰাংপাৰা গাঁৱত
দুপৰীয়া কিনকিনিয়া বৰষুণৰ সময়ত আইতা সহ চাৰি গৰাকী শিশু খেলি থকা অৱস্থাতে প্ৰচণ্ড শব্দৰে এটি বজ্ৰপাত আহে ।

       ফলত এখন দোকানৰ বাৰাণ্ডাতে খেলি থকা আইতা সহ চাৰিগৰাকী শিশু মাটিত ঢলি পৰে ।
বিকট শব্দ শুনি পিতৃ মাতৃ আৰু ওচৰ চুবুৰীয়া আহি লৰালৰিকৈ আইতা পৰশমণি মাৰাক আৰু শিশু কেইটিক দুধনৈ চিকিৎসালয়ত ভৰ্তি কৰে ।

     যদিও আইতা পৰশমণি মাৰাক ইতিমধ্যে মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ।

  শিশু কেইটি ক্ৰমে

বিনিশা চাংমা(১০) ,

বনচাং চাংমা (ডেৰ বছৰ),

চিনিয়া ৰাক্সাম চি মাৰাক (১০)

আৰু

কুমকুম মাৰাক( ৩)

   সংকট মুক্ত যদিও তেওঁলোকৰ শৰীৰৰ বিভিন্ন অংশ আঘাতপ্ৰাপ্ত হৈছে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *