চৌদি আৰৱৰ সৈতে ভাৰতত উদযাপন কৰা ঈদৰ সম্পৰ্ক নেথাকে !!

ঈদৰ সম্পৰ্ক কাচিজোনৰ সৈতেহে চৌদি আৰৱৰ সৈতে নহয়। বিশেষকৈ আমাৰ অধিকাংশ ভাৰতীয় মানুহে কয় যে আজি চৌদি আৰৱত ঈদ হোৱাৰ এদিন পিছত আমাৰ ইয়াত ঈদ উদযাপন হব। এয়া ঈদ সম্পৰ্কীয় ধাৰণাৰ অজ্ঞতাহে আৰু  এইবোৰ সম্পূৰ্ন ভুল। আৰৱী বৰ্ষৰ শ্বাৱাল মাহৰ ০১ তাৰিখে ঈদ-উল ফিৎৰ আৰু জিলহজ্ব মাহৰ ১০ তাৰিখে ঈদ-উল আদ্বহা উদযাপন কৰা হয়।
মন কৰিব লগীয়া কথা এইটো যে আৰৱী বৰ্ষৰ একেটা মাহ কোনো বছৰ ২৯ দিনিয়া হয় সেই একেটা মাহ কোনো বছৰ ৩০ দিনীয়া হয় ইংৰাজী বৰ্ষৰ দৰেই। যিটো কাৰনতে ধৰ্মীয় গ্ৰন্থত হজৰত মহম্মদ স্বাল্লাল্লাহু আলাইহি ওৱাচাল্লামে বাৰ বাৰ যোৰ কৰি কৈছে যে জোন দেখি ৰোজা ৰাখিবা আৰু জোন দেখি ঈদ পালন কৰিবা। মন কৰিবলগীয়া যে আৰৱী বৰ্ষৰ দিন বা তাৰিখৰ আৰম্ভনি মাগৰিব সময় অৰ্থ্যাৎ বেলি ডুবাৰ পিচত আৰম্ভ হয়। ভাৰতীয় সময় আৰু চৌদি আৰৱৰ সময়ৰ পাৰ্থক্য আঢ়ৈ ঘন্টা বাংলাদেশৰ লগত তিনি ঘন্টাৰ পাৰ্থক্য  । এই পাৰ্থক্যৰ বাবেই আৰৱ দেশত কাচিঁজোন দেখা পোৱাৰ পিচতো ভাৰত,বাংলাদেশ,পাকিস্থান ইত্যাদি দেশত জোন দেখা পোৱা নাযায় । কাচিজোন দেখা নোপোৱাৰ কাৰনত ভাৰত,পাকিস্থান,বাংলাদেশত ঈদ পালন নকৰে।
যাৰ কাৰনতে ঈদ এদিন আগ পিচ হৈ যায়। একেটা দিনতে সমগ্ৰ দেশতে জোন দেখা পোৱা গলে একে দিনতে ঈদ পালন কৰা হব এয়াই সংবিধান।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *