“কোনো কাৰণতে সমূহীয়া ঈদৰ নামাজৰ অনুমতি দিয়া নহব”… উপায়ুক্ত দৰং জিলা

জনসংযোগ দৰঙৰ সৌজন্যত প্ৰেছবিজ্ঞপ্তি – নং ৭২/২০২০

দৰঙত মছজিদৰ ইমামসকলৰ লগত উপায়ুক্তৰ সভা…..কোনো কাৰণতে সমূহীয়া নামাজৰ অনুমতি দিয়া নহ’ব….. মঙলদৈ, ২১ মে: ইছলামধৰ্মী লোকসকলৰ ঈদলৈ মাজত মাঁথো কেইটামান দিন বাকী। পৱিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ সময়তে বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্তৰ সঞ্চালনাত জিলাখনৰ বিভিন্ন ইমামসকলৰ লগত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত উপায়ুক্ত দিলীপ কুমাৰ বৰাই সমগ্ৰ বিশ্বক আক্ৰান্ত কৰা কৰ’ণা (ক’ভিড-১৯) ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা অসম দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰা লকডাউনৰ নিৰ্দেশণাৱলী উৎসৱ-পাৰ্বনৰ নামত কোনো কাৰণতে যাতে ভঙ্গ কৰা নহয়, তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আৰু লগতে নিজৰ নিজৰ এলেকাত এই সম্পৰ্কত আগতীয়াকৈ সজাগ কৰি দিবলৈ ইমামসকলৰ প্ৰতি আহ্বান জনায়। ইফটাৰ বা ঈদৰ দিনা নামাজ সমূহীয়াকৈ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকি নিজৰ ঘৰে ঘৰে নামাজ পঢ়িবলৈ আৰু ইছলামধৰ্মী জনসাধাৰণৰ মাজত এই কথা পুনৰবাৰ সকিয়াই দিবলৈ ইমামসকলক অনুৰোধ জনাই উপায়ুক্তজনে কয় যে লক ডাউনৰ নিৰ্দেশনাৱলী কোনোবাই ভঙ্গ কৰিলে বা ধৰ্মীয় অনুষ্ঠানত নিৰ্দিষ্ট সংখ্যাতকৈ বেছি লোকৰ সমাগম হ’লে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। “এই সময় একেবাৰে সুবিধাজনক নহয়। উৎসৱ-পাৰ্বন আহিব আৰু যাব। কিন্তু উৎসৱ-পাৰ্বন পালন কৰাৰ আগতে আমি সকলো সুৰক্ষিত হৈ থাকিব লাগিব। গতিকে পৰাপক্ষত ঘৰত থাকি, সামাজিক ব্যৱধান অটুট ৰাখি নিজৰ লগতে সমাজখন সুৰক্ষিত হৈ থকাত সহায় কৰক “- উপায়ুক্তজনে ইমামসকলক উদ্দেশ্যি সভাত কয়।
ইপিনে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চহিৰ ভূঞাই অসমবাসীৰ লগতে দৰংবাসী ইছলামধর্মী সকলো শ্ৰেণীৰ লোকক মহামাৰী কৰনাৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সংক্ৰান্তত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ নীতি নিৰ্দেশনা আখৰে আখৰে পালনৰ মাজেদিহে নিজৰ পৰিয়ালৰ মাজতে পৱিত্ৰ ঈদৰ আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ বিনম্ৰ আহবান জনায়। ঈদৰ বজাৰ কৰাৰ সময়তো অযথা ভিৰ নকৰি সম্পূৰ্ণ সামাজিক আৰু শাৰিৰীক দূৰত্ব বজাই ৰাখিবলৈ তেওঁ সদৌটিকে গোহাৰি জনায়। পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি আনোৱাৰ হুছেইন, কার্যকৰী সভাপতি মকছেদ আলি, সাধাৰণ সম্পাদকদ্বয় মইনুল হক শইকীয়া আৰু ছফিকুল ইছলামে দৰংবাসী ইছলাম ধর্মী জনসাধাৰণক চৰকাৰী নীতি নিয়মেৰে ঈদৰ আনন্দ ল’বলৈ আহবান জনাই সদৌটিকে পৱিত্র ঈদুল ফিটৰৰ ওলগ আৰু শুভকামনা জ্ঞাপন কৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *