…..এম আমিন…..
তোমাৰ অনুপস্থিতিত
উকা হৈ পৰে প্ৰতিটো হেঙুলীয়া আবেলি,
বিষাদৰ ঢৌৱে ধুৱাই মৌন দুটি ওঁঠ
তপত অশ্ৰুত নিগৰি আহে
এসাগৰ শূণ্যতা,
ডায়েৰীৰ পৃষ্ঠাত বন্দী হৈ ৰয়
স্মৃতিবোৰ।
তোমাৰ অনুপস্থিতিত
শব্দবোৰে উচুপে
জঠৰ হৈ পৰে হাতৰ আঙুলি
সৃষ্টি হয় তোমাৰ নামত
ছন্দহীন কবিতা,
অপ্ৰাপ্তিৰ যন্ত্ৰণাময় পৃথিৱীত
আৱদ্ধ হয় সেউজীয়া আশা,
হেপাঁহৰ ডাৱৰে
বুকুত ওন্দোলাই ঠেহ পাতে,
বৰষুণ হৈ সৰি পৰে অভিমান বোৰ।
তোমাৰ অনুপস্থিতিত যদিওবা
উৰুঙা হয় মোৰ হৃদয়ৰ পদূলি,
তুমি উভতি অহাৰ আশাত
কৰ্ণকুহৰত বাজি উঠে তোমাৰ দুভৰিৰ নূপুৰ,
উভতি অহাৰ পথত ফুলে
এজোপা হাচনাহানা,
হৃদয়ৰ নিভৃত কোণত চিফুঙৰ সুৰে
ঝংকাৰ তোলে,
ঐনিতমৰ সুৰত কোনোবাই কৈ যায়
তুমি যেন আকৌ আহিবা
তুমি যেন আকৌ আহিবা।