আগৰ দিন ভাল আছিলনে এতিয়াৰ দিন ভাল

…..প্ৰাণেশ্বৰ শৰ্মা…..

“”আগৰ দিন ভাল আছিলনে এতিয়াৰ দিন ভাল?””
70—80 বছৰীয়া বৃদ্ধ শতাধিক জনক মই এই প্ৰশ্নটো কৰিছো।
ইয়াৰে 40 শতাংশই উত্তৰ দিছে আগৰ দিন ভাল আছিল বুলি।বেছিভাগেই কিন্তু এতিয়াৰ দিনহে ভাল বুলি কয়। সোধোতে মই কিন্তু মনত ভাবো মানুহজনে আগৰ দিনবোৰেই ভাল আছিল বুলি কব।কিন্তু তেওলোকে পৰ্যালোচনাৰে কয় যে আগৰ দিনবোৰ বৰ কষ্টকৰ আছিল, এতিয়াৰ দিনবোৰ তুলনামূলকভাৱে সুখকৰ। আগৰ দিন বুলি কওতে মই এতিয়াৰ পৰা পঞ্চাশ ষাঠি বছৰ আগৰ দিনবোৰৰ কথা কব গৈছো। মই নিজকে কেতিয়াবা ভাবো ,আগৰ সেই দিনবোৰৰ দৰে বাস কৰিব পৰা হলে !য’ত কোনো কুটিলতা নাই,কোনো জটিলতা নাই।খেতি খোলাৰ কাম কৰিছো,পৰিয়াল পৰিজনৰ লগত সুখেৰে ভাতমুঠি খাইছো।আকালো নাই,ভড়ালো নাই।শষ্য মৎস্য উভৈনদী।দিনটোৰ পৰিশ্ৰমৰ মূৰত সকলোৱে লগ হৈ হৰিনাম গাইছো।জুইৰ কাষত বহি শাস্ত্ৰাদিৰ কথা আলচ কৰিছো।কোনো ধৰণৰ পংকিলতা নাই, নাই কোনো কুটিল আকাংক্ষা।
কিন্তু মোৰ মনৰ ধাৰণাৰ বিপৰীতে বেছিভাগৰ পৰাই উত্তৰ পাও আগতকৈ এতিয়াৰ দিন ভাল আছিল বুলি।
তেনেকৈ কোৱাৰ কেইটামান কাৰণৰ ভিতৰত এটা হ’ল—আগৰ দিনত বেমাৰ আজাৰৰ চিকিৎসাৰ সুব্যৱস্থা নথকা বাবে মানুহে জীয়াতু ভুগিছিল আৰু বহুতৰে অকাল মৃত্যু ঘটিছিল।আগৰ দিন বেয়া বুলি কোৱাৰ এইটো প্ৰধান কাৰণ। তাৰ বাহিৰে সেই সময়ত সকলো বস্তু উভৈনদী আছিল বুলি যদিও কোৱা হয়,কিন্তু আকালো বহুতৰে আছিল।হাড় ভগা পৰিশ্ৰম কৰিব লাগিছিল।অৱশ্যে এইটো হৈছিল সম্পদৰ উপযুক্ত ব্যৱস্থাপনা, তথা জ্ঞানৰ অভাৱৰ বাবে।
যা নহওক, দুয়ো ধৰণে উত্তৰ দিয়া সকলো বৃদ্ধলোকে কিন্তু এটা কথা কয়—যাই দিন ভাল, আহে দিন বেয়া।

আপোনালোকৰ মতে একা ?
কোনটো পছন্দৰ–আগৰ দিন নে এতিয়াৰ দিন ??

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *