চীন দেশৰ পি পি ই কিট

…….প্ৰাণেশ্বৰ শৰ্মা…..

চীনৰ পৰা পি পি ই কিট সৰবৰাহ কৰাৰ সন্দৰ্ভত বিভিন্নজনে বিভিন্ন ধৰণে কৈছে। মই ভাবো জনসাধাৰণৰ জীৱন ৰক্ষাৰ বাবেই এয়া কৰিবলগীয়া হৈছে।প্ৰথমতে জীৱন তথা দেশ ৰক্ষা, তাৰ পিছত আন চিন্তা। জৰুৰীকালীন এই সময়ত এইটো হয়তো একো ভাবিবলগীয়া কথা হোৱা নাই।কিন্তু মই পৰৱৰ্তী সময়ৰ কথাহে ভাবিছো। আমাৰ আশা আছিল কৰণা ভাইৰাছৰ বাহক চীনদেশৰ লগত সকলো দেশে সকলো ধৰণৰ লেনদেন বিচ্ছিন্ন কৰিব।চীন দেশৰ সামগ্ৰী আৰু আমদানি নকৰিব।কিন্তু যিটো দেখিছো চীনক বাদ দি কোনেও চলিব নোৱাৰে। পৰৰাষ্ট্ৰ নীতি সন্দৰ্ভত আমি অভিজ্ঞ নহয়,সেইবাবে এইক্ষেত্ৰত বেছি কথা কোৱাটো ভুল হব নিশ্চয়।কিন্তু আমাৰ মনে বিচাৰে—চীনৰ লগত সকলো দেশে বানিজ্যকে ধৰি আন আন সম্পৰ্ক ছেদ কৰক।তাৰ বাবে চীনৰ সহায় নোহোৱাকৈ চলিব পৰা পৰিকাঠামো তৈয়াৰ কৰি লওক। অনাগত দিনত বুজা যাব, চীনক এৰি অন্য দেশসমূহে চলিব পাৰেনে নোৱাৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *