…..মণীষা শৰ্মা…….
নজনা কথা জানিবলৈ নোপোৱা বস্তু পাবলৈ আৰু নেদেখা ঠাই চাবলৈ প্ৰতিজন মানুহৰে ইচ্ছা বা বাসনা থাকে। তেনে এক ইচ্ছা আগতৰাখিয়ে বাক্সা জিলাৰ অন্তৰ্গত পাঠশালাৰ পৰা বাঘমাৰা হৈ ভূটান যাত্ৰা কৰিছিলোঁ। সিদিনা আছিল ২৬জুলাই বৃহস্পতি বাৰ পাঠশালাৰ পৰা ৪০-৪৫ কিঃমিঃ গলেই ভূটান নাগলাম। ভূটানৰ গেট পোৱাত ভূটান ৰয়েল পুলিচে আমাৰ সকলোৰে তথ্য ললে আৰু আমাৰ কিমান জন লোক আহিছোঁ ,কিমানলৈ যাব পাৰিম সকলো কথা বুজাই দিলে ভূটান ৰয়েল পুলিচে। আৰু এটা টিকটত চহী কৰি দি ক’লে আহোঁতে ঘূৰাই দি যাব। সেই মতেই আমাৰ গাড়ী আগবাঢ়ি গৈছিল মন বোৰে ও সেউজীয়া দেশৰ ৰ’দ বিচাৰি আপ্লুত হৈ পৰিছিল।।যিমানেই আগবাঢ়ি গৈ আছো সিমানেই মন আকৰ্ষণ কৰিবলৈ ধৰিলে সেউজীয়া পাহাৰৰ বক্ষই। নাগলাম pema gatshel জিলাৰ অন্তৰ্গত। উত্তৰ পূৰবাঞ্চল ত অৱস্থিত। ইয়াৰ জনসংখ্যা হৈছে মাত্ৰ ১০১৮ জন। বহুত কম সংখ্যক জনবসতি।ঠাই বিশেষে ভূটানৰ মানু্হ বোৰ যদিওঁ দুখীয়া কিন্তু এছিয়াৰ অন্যতম সুখী মানুহ ভূটান বাসিন্দা। ইয়াৰ বাসিন্দা সকল প্ৰায় কৃষিপ্ৰধান। ইয়াৰ বাসিন্দা সকলৰ মাজত ছোৱালী এ অধিক সম্পত্তি পাই ল’ৰাতকৈ। ইয়াৰ লৰা ছোৱালী সকলোৱে অধিক বিয়া কৰাব পাৰে কোনো ধৰাবন্ধা নিয়ম নীতি নাই। ৰাস্তাৰ দুইয়ো কাষে ওখ পাহাৰ সুন্দৰ মনোমোহা সেউজীয়া ৰঙৰ শাৰী শাৰী বিভিন্ন ধৰণৰ গছ । গৈ থকাটো দেখা পালোঁ ভূটান আৰ্মী কেম্প। গাড়ী ৰখাই নামি গৈ বহুত কম সম়য়তে বহু কথা জনিলো আৰ্মী কেম্পৰ এজন জোৱানৰ পৰা। তাৰ পিছত আকৌ আগ বাঢ়ি গৈ এটা বুদ্ধ মন্দিৰ পালোঁ। মন্দিৰৰ বেৰ সমূহত ভূটানৰ ৰজা আৰু তেওঁৰ পৰিয়ালৰ অতি সুন্দৰ ছবিবোৰ আছিল। মনোমোহা ৰঙীন ছৱি। তাৰ কাষতে আছিল Nganglam r “DUDJOM DHARMA HOUSE” আমি ফটো উঠিলো আৰু অলপ সময় থাকি আকৌ আগ বাঢ়ি গৈ তাৰ পৰিবেশ বোৰ চালোঁ। বহুত ভাল লগা পৰিবেশ বোৰ। তাত গম পালোঁযে ৰাস্তাত কোনো ধৰণৰ বেয়া বস্তু পেলাব নিদিয়ে, যেনে তামোল খাই থু পিত পেলোৱা নিষেধ। অন্যথা জৰিমনা ভৰিব লগা হয়।১৯৭৪ চনৰ পৰা ভূটান আন্তৰ্জতিক দেশ হিচাপে স্বীকৃতি পাইছিল। তাৰ আগত হোৱা নাছিল। ভূটানৰ মানুহ বোৰে প্ৰতি ঘৰৰ বেৰত তেওঁলোকৰ ভগৱানৰ ছৱি আঁকি থৈ দিয়ে। ভূটান বাসীৰ মনৰ ভাৱ যাতে কোনো বেয়া আত্মাৰ নজৰ নপৰে তেওঁলোকৰ ঘৰ বোৰত। তেওঁলোকে নিজৰ সংস্কৃতিটোক সদায় জীয়াই ৰাখে। বহুত ধাৰ্মিক লোকসকল। ভূটানত আমি তেল নিগমৰ পৰা ডিজেল গাড়ীত ললোঁ কাৰণ তাত আমাৰ ভাৰতৰ ‘ ইণ্ডিয়ান অইল ‘আৰু ভাৰতকৈ কম টকাত তেল পোৱা যায়। সেই সময়ৰ সুবিধাকন হেৰুৱাব নিবিচাৰিলোঁ । এনেকৈকম সময়ত ভূটানৰ naganglam ঘূৰি ফুৰি আহি অৱশেষত ভাৰতভূমি পোৱাৰ আগতে আমি ভূটান ৰয়েল পুলিচৰ হাতত আমি যাওঁতে চহী কৰি লৈ যোৱা টিকটটো ঘূৰাই দি ভাৰতৰ মাটিত খোজ দিলোঁ । মনত সেউজীয়া দেশৰ ৰ’দ পৰি মনটো আৰু সেউজীয়া হৈ থাকিল।